Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:00 am

Home » আঞ্চলিক » অসম » Baghbar Cattle Market- বাঘবৰৰ অবৈধ গৰু বজাৰৰ কলা অধ্যায় (১)

Baghbar Cattle Market- বাঘবৰৰ অবৈধ গৰু বজাৰৰ কলা অধ্যায় (১)

প্ৰসঙ্গ- বাঘবৰ গৰু বজাৰ বৈধ নে অবৈধ। 
বাঘবৰ গৰু বজাৰৰ কাণ্ডাৰীসকলে খাজনা আদায় কৰা বিষয়টো আইনসংগত নে বেআইনী?বাঘবৰ পাহাৰৰ গাতে লাগি থকা বাঘবৰৰ ব্যক্তিগত গৰু বজাৰক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে অৱতাৰণা হৈছে একাধিক প্ৰশ্নৰ। উত্থাপিত হৈছে কেতবোৰ ভয়ংকৰ অভিযোগ।
  • অবৈধ কাৰ্য – ১
সংবাদমেল পাতি নিজৰ গলতেই ৰছী ওলমাই ললে ৰছী বজাৰ সমিতিখনে। কিয়নো বজাৰ সমিতিৰ হাতত আছে ভিত্তিহীন কাগজ-অৰ্ডাৰ। বজাৰ পৰিচালনা সমিতিৰ মতে, বিগত ২০০২ চনৰে পৰাই আজিলৈকে অব্যাহত আছে বাঘবৰৰ এই ব্যক্তিগত গৰু বজাৰ। চৰকাৰৰ লেখিয়াকৈ বাঘবৰৰ ব্যক্তিগত গৰু বজাৰ কৰ্তৃপক্ষই নিজাববীয়াকৈ বাঘবৰ বজাৰৰ নামত বছৰ-বছৰ ধৰি সংগ্ৰহ কৰি আহিছে কোটি-কোটি খাজনা অৰ্থাত ৰাজহ। যদিহে সচা অৰ্থত বজাৰ পৰিচালনা সমিতিৰ হাতত এই খাজনা অৰ্থাত ৰাজহ আদায়ৰ অনুমতি নাইবা নথি আছে, সেয়া যে ভিত্তিহীন সেই কথা সংবাদমেলত পোনপটীয়াকৈ স্বীকাৰ কৰিছে। অৰ্থাত বাঘবৰ বজাৰ পৰিচালনা সমিতিয়ে গো-বজাৰৰ নামত আজিলৈকে যিমান খাজনা বা ৰাজহ সংগ্ৰহ কৰি আহিছে সেয়া সম্পূৰ্ণ অবৈধ।
  • অবৈধ কাৰ্য – ২
বাঘবৰৰ ব্যক্তিগত গৰু বজাৰ কৰ্তৃপক্ষই কিমান কোটি টকাৰ গো-ধন বিক্ৰীৰ অবৈধ খাজনাৰ ছিণ্ডিগেট গঢ়ি তুলিছে। বজাৰ কৰ্তৃপক্ষই বাঘবৰ হস্পিটালত ৮ বিঘা মাটি দিছে কিনি দিছে, বাঘবৰ মডেল ডিগ্ৰী কলেজত ৩০ বিঘা মাটি কিনি দিছে, শ্মশানত মাটি কিনি দিছে, কবৰস্থানত মাটি দিছে, বাঘবৰত তিনি-চাৰিটা ড্ৰেন বনাইছে আৰু কত কি কৰিছে। তেতিয়া হলে অনুমান কৰক গো-বজাৰৰ নামত বাঘবৰ পৰিচালনা সমিতিয়ে আজিলৈকে কিমান কোটি টকাৰ অবৈধ খাজনা সংগ্ৰহ কৰিছে।
  • অবৈধ কাৰ্য – ৩
এইবাৰ মন কৰক বাঘবৰ বজাৰত বিক্ৰী হোৱা গৰু, মহ, ঘোৰা, ভেড়া, ছাগলী বিক্ৰী কৰা ৰচিদ। সৰ্বসাধাৰণ লোকক বিপথে পৰিচালিত কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাম লৈ অবৈধভাৱে সংগ্ৰহ কৰি আহিছে খাজনা। কিয়নো কোনো ব্যক্তিগত বজাৰৰ বিপৰীতে কোনেও খাজনা আদায় কৰিব নোৱাৰে। একমাত্ৰ চৰকাৰী নিবিদা প্ৰাপ্ত বজাৰ মহলেহে খাজনা আদায় কৰিব পাৰে বা খাজনা আদায়ৰ ৰচিদ দিব পাৰে। কিন্তু এই অধিকাৰ বাঘবৰ পৰিচালনা সমিতিৰতো নায়েই, তাৰোপৰি খাজনা শব্দ ব্যৱহাৰ কৰি দি অহা ৰচিদত উচ্চ ন্যায়ালয়ৰ প্ৰসঙ্গ সন্নিৱিষ্ট কৰাটো কিমান যুক্তিসংগত?
  • অবৈধ কাৰ্য – ৪
খাজনা শব্দ ব্যৱহাৰ কৰি দি অহা ৰচিদত উচ্চ ন্যায়ালয়ৰ যি তিনিটা লেখ আবেদনৰ নম্বৰ উল্লেখ কৰিছে, প্ৰকৃততে এই লেখ আবেদনত আছে কি? এয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা WP(C)/6634/2023 নং গোচৰৰ শুনানি। চলিত বৰ্ষৰ ২২ নৱেম্বৰত ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ আদালতে প্ৰদান কৰা শুনানিত স্পষ্ট কৰি দিয়ে যে W.P.(C) No. 3626/2002, W.P.(C) No. 2999/2014 and W.P.(C) No. 4440/2022ৰ কোনো এটা নিৰ্দেশনাতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে বাঘবৰ বজাৰ সমিতিক গো বজাৰ চলাই নিয়াৰ অনুমতি প্ৰদান কৰা নাই।
অৰ্থাত খাজনা শব্দ ব্যৱহাৰ কৰি দি অহা ৰচিদত উচ্চ ন্যায়ালয়ৰ যি তিনিটা লেখ আবেদনৰ নম্বৰ উল্লেখ কৰি আদালত অৱমাননা কৰা পৰিলক্ষিত হৈছে। অৱশ্য এইক্ষেত্ৰত আদালতে বাঘবৰ বজাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা থল আছে।
  • এতিয়া প্ৰশ্ন হয়,
  • অসমৰ ডাইনেমিক মুখ্যমন্ত্ৰীয়ে বাঘবৰৰ এই অবৈধ গৰু বিক্ৰীৰ খাজনাৰ ছিণ্ডিগেট চলাই কোটি-কোটি টকা লুণ্ঠন কৰা বজাৰ কৰ্তৃপক্ষৰ ৰিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব নে?
  • ব্যক্তিগত বজাৰ বিপৰীতে বিগত ২১ বছৰ ধৰি কোটি-কোটি টকাৰ অবৈধ খাজনা সংগ্ৰহ কৰা সাংবিধানিক অধিকাৰ বাঘবৰ বজাৰ পৰিচালনা সমিতিয়ে কত পালে?
  • নে চৰকাৰ বাহাদুৰৰ কোনো বিশিষ্টজনৰ পকেটলৈ সোমাই এনে লুণ্ঠনৰ এটা অংশ?
  • নে কৰবাত ৰাজকোষত জমা হব লগা ধন আৰু লুটিবলৈ ভিতৰুৱা অনুমতি দি থৈছে?
এনে আৰু একাধিক প্ৰশ্নৰ উত্তৰ বিচাৰি পৰৱৰ্তী প্ৰতিবেদনত বিস্তাৰিতভাৱে ফাদিল কৰিম বাঘবৰৰ অবৈধ গো বজাৰৰ কলা অধ্যায়ৰ এটি এটি পৃষ্ঠা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি