Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:16 am

Home » আঞ্চলিক » অসম » MINI TAJMAHAL- | মিনী তাজমহল at Sijubari, Guwhati

MINI TAJMAHAL- | মিনী তাজমহল at Sijubari, Guwhati

Shahin Sultana
আগ্ৰাৰ তাজমহল হয়তো আপুনি দেখিছে। ঠিক একেদৰে গুাৱাহটীৰ মিনি তাজমহলৰ নামো আপুনি নিশ্চয় শুনিছে। কিন্তু আপুনি জানেনে গুৱাহাটী মহনগৰীৰ হাতীগাওঁৰ সিজুবাৰীত অৱস্থিত এই মিনী তাজমহল কিহৰ বাবে বিখ্যাত। 
আজি নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰ। হয়, প্ৰতিবছৰৰ নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰত এই মিনি তাজমহলত অনুষ্ঠিত হৈ আহিছে ওৰছ। কিয়নো, ১৯৯৫ চনৰ এটা বিশেষ দিনত হজৰত মূৰ্তাজা আলী শ্বাহ ছাফৱীৰ পৰ্দা হৈছিল। সেইদিনাই বৰ্তমানে আপোনালোকে দেখিবলৈ পোৱা এই মিনি তাজমহলৰ ভিতৰত পীৰজনক ধৰ্মীয় ৰীতি নীতিৰে দাফন কৰা হৈছিল। তেতিয়া অৱশ্যে আজিৰ দৰে দেখা পোৱা ধৰণে মিনি তাজমহল নাছিল। পৰৱৰ্তী সময়ত হজৰত মূৰ্তাজা আলী শ্বাহ ছাফৱীৰ ভক্তগণে, তিনি পুত্ৰ ক্ৰমে মেহতাব হুছেইন, ডাক্তৰ জাকিৰ হুছেইন আৰু ছাব্বিৰ হুছেইনৰ সহযোগত সাজি উলিয়াই এই সুন্দৰ তাজমহল সদৃশ এটি মাঝাৰ।
দেখাত তাজমহলৰ দৰে হোৱাত এতিয়া সকলোৰে মুখে মুখে মিনি তাজমহল নামেৰে জনাজাত হৈ পৰিছে। ২০১২ চনত প্ৰায় ৫০ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মান কাৰ্য আৰম্ভ কৰা এই মিনি তাজমহলৰ কাম সম্পূৰ্ণ হয় ২০১৯ চনত। এই মিনি তাজমলৰ বিতৰত আছে আধ্যাত্মিক ছুফীগুৰু হজৰত মূৰ্তাজা আলী শ্বাহ ছাফৱী আৰু তেখেতৰ পত্নীৰ মাঝাৰ। এই মাঝাৰত প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰত অনুষ্ঠিত হৈ আহিছে ওৰছ।
এই দিনটোতেই সমগ্ৰ ৰাজ্যতে থকা আধ্যাত্মিক ছুফীগুৰুগৰাকীৰ ৫০ সহস্ৰাধিক ভক্তগনে আহি পূৰ্বৰ নিয়ম অনুসৰিয়েই নিজৰ ৰীতি-নীতি পালন কৰা পৰিলক্ষিত হয়। ভক্তগণৰ উপৰি আজিৰ এই বিশেষ দিনটোতেই বহু দৰ্শনাৰ্থীয়েও এই ঠাইখিনিত ভিৰ কৰা পৰিলক্ষিত হয়, বিৰ দি বাট নোপোৱা অৱস্তাৰ সৃষ্টি হয়।
কেৱল আজিৰ এই বিশেষ দিনটোতেই নহয়, মিনি তাজমহল খ্যাত এই মাঝাৰত প্ৰতিটো দিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী পৰ্যটক অহাও পৰিলক্ষিত হয়। দৰ্শনাৰ্থী-পৰ্যটকসকলৰ আশা, আগ্ৰাৰ তাজমহলৰ দৰে এই মিনি তাজমহল গঢ় লৈ উঠক এক পৰ্যটনস্থলী হিচাপে। জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে এক সমন্বয়ৰ প্ৰতীক হওক এই মিনি তাজমহল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি