| | |

MINI TAJMAHAL- | মিনী তাজমহল at Sijubari, Guwhati

Shahin Sultana আগ্ৰাৰ তাজমহল হয়তো আপুনি দেখিছে। ঠিক একেদৰে গুাৱাহটীৰ মিনি তাজমহলৰ নামো আপুনি নিশ্চয় শুনিছে। কিন্তু আপুনি জানেনে গুৱাহাটী মহনগৰীৰ হাতীগাওঁৰ সিজুবাৰীত অৱস্থিত এই মিনী তাজমহল কিহৰ বাবে বিখ্যাত।  আজি নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰ। হয়, প্ৰতিবছৰৰ নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰত এই মিনি তাজমহলত অনুষ্ঠিত হৈ আহিছে ওৰছ। কিয়নো, ১৯৯৫ চনৰ এটা বিশেষ দিনত হজৰত মূৰ্তাজা আলী শ্বাহ ছাফৱীৰ পৰ্দা হৈছিল। সেইদিনাই বৰ্তমানে আপোনালোকে দেখিবলৈ পোৱা এই মিনি তাজমহলৰ ভিতৰত পীৰজনক ধৰ্মীয় ৰীতি নীতিৰে দাফন কৰা হৈছিল। তেতিয়া অৱশ্যে আজিৰ দৰে দেখা পোৱা ধৰণে মিনি তাজমহল নাছিল। পৰৱৰ্তী সময়ত হজৰত মূৰ্তাজা আলী শ্বাহ ছাফৱীৰ ভক্তগণে, তিনি পুত্ৰ ক্ৰমে মেহতাব হুছেইন, ডাক্তৰ জাকিৰ হুছেইন আৰু ছাব্বিৰ হুছেইনৰ সহযোগত সাজি উলিয়াই এই