Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:43 am

Home » সম্পাদকীয় » Mohammed Shami | ধৰ্মৰ দ্বাৰা খেলুৱৈক বিচাৰ কৰাটো অনুচিত

Mohammed Shami | ধৰ্মৰ দ্বাৰা খেলুৱৈক বিচাৰ কৰাটো অনুচিত

  • ছৈয়দ বুলবুল জামানুৰ হক
তাৰিখ ২৪ অক্টোবৰ, ২০২১। সেইদিনা আছিল ভাৰত পাকিস্তানৰ ক্ৰিকেট খেল। খেলখনত ভাৰতে পাকিস্তানৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল। ১১ জনীয়া ভাৰতীয় দলটৌত আছিল একমাত্ৰ মুছলমান খেলুৱৈ মহম্মদ ছামী। ভাৰতীয় দলটোৰ সেই পৰাজয়ৰ বাবে দায়ী কৰা হ’ল একমাত্ৰ মহম্মদ ছামীক। কোৱা হৈছিল- ছামী পাকিস্তানৰ এজেণ্ট, ছামী পাকিস্তানৰ ১২ নং খৈলুৱৈ, ছামীক পাকিস্তান যাবলৈ কোৱা হৈছিল, কোৱা হৈছিল ছামী দেশদ্ৰোহী। 
সেই দিনটো ভাৰতৰ বাবে আছিল দুঃস্বপ্নৰ দিন! ছচিয়েল মিডিয়াত ট্ৰেণ্ড হৈ পৰিছিল ছামী প্ৰসংগ! পাকিস্তানৰ বিৰূদ্ধে এনে শোচনীয় পৰাজয়ক কোনোপধ্যে মানি ল’ব খোজা নাছিল ভাৰতীয় সমৰ্থকে। এনে অনাকাংক্ষিত পৰাজয়ৰ কথা সপোনতো ভবা নাছিল ভাৰতীয় ক্ৰীড়ানুৰাগীয়ে। ডুবাইৰ খেলপথাৰত ভাৰতে বান্ধি দিয়া ১৫২ৰানৰ লক্ষ্যক অতি সহজে স্পৰ্শ কৰিছিল বাবৰ আৰু ৰিজৱানৰ পাৰ্টনাৰশ্বিপে। ১৩টা বল বাকী থাকোতেই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিল পাকিস্তান। ভাৰতীয় বলাৰক কোনো সুযোগেই নিদিলে অপেনাৰদ্বয়ে। সেই খেলখনত ভুবেনশ্বৰ, বুমৰাহ, ছামী, বৰুণ, জাদেজা কোনো এগৰাকী বলাৰেই ডুবাইত বিশেষ সাফল্য অৰ্জন কৰিব নাছিল। এই পৰাজয়ৰ পাছতে সামাজিক মাধ্যমত ভাৰতীয় ক্ৰিকেটাৰসকলে তিক্ত সমালোচনাৰ সন্মুখীন হোৱা দেখা গৈছিল। কোহলী, ৰোহিত, ৰাহুলৰ উপৰি সৰ্বাধিক সমালোচিত হৈছে বেগী বলাৰ মহম্মদ ছামী। 
স্মৰ্তব্য যে, মহম্মদ ছামীৰ ৩.৫ অভাৰত ৬টা বাউণ্ডেৰী দি সৰ্বাধিক ৪৩ৰান ব্যয় কৰিছিল। তাকে লৈ ক্ৰোধিত হৈছিল ক্ৰীড়ানুৰাগী। ছামীৰ এই প্ৰদৰ্শনক সহজে ল’ব পৰা নাছিল ভাৰতীয় অনুৰাগীয়ে। সামাজিক মাধ্যমত তীক্ষ্ণ বাক্যবাণৰ সন্মুখীন হ’বলগীয়া হৈছিল মহম্মদ ছামী। তাৰ মাজতে ছামীৰ প্ৰতি ধৰ্মীয় আৱেগত আঘাত হনাকৈ আক্ৰমণাত্মক বাক্যবান আছিল একাংশ কট্টৰ সমৰ্থকৰ। ছামীক পাকিস্তানলৈ যাবলৈ কোৱা হৈছিল। কেবল সেয়াই নহয়, ছামীক পাকিস্তানৰ দ্বাদশ খেলুৱৈ বুলিও কটাক্ষ কৰিছিল একাংশই। এগৰাকী সমৰ্থকে পোনপটীয়াকৈ ‘মুছলমান’ বুলি মন্তব্য কৰিছিল। তাৰ মাজতে ছামীয়ে কোনটো দলৰ হৈ খেলিছিল বুলিও একাংশই মুকলিকৈ প্ৰশ্ন কৰিছিল ভাৰতীয় ক্ৰিকেটাৰগৰাকীক। অৱশ্যে সেই সময়ত মহম্মদ ছামীৰ পক্ষত থিয় দিছিল ৰাহুল গান্ধী, বিৰাট কোহলী।
পিছে ২০২১ চনত অনুষ্ঠিত হৈ যোৱা ভাৰত-পাকিস্তানৰ সেই খেলখনৰ প্ৰসংগ এইকাৰণেই অনা হৈছে যে- সম্প্ৰতি বিশ্বত বৈছে এদিনীয়া আইচিচি বিশ্বকাপৰ জোৱাৰ। ১৫ নৱেম্বৰত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত চলিত বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হয় ভাৰত আৰু নিউজিলেণ্ডৰ মাজত। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আক্ৰমণাত্মক আৰম্ভণিৰে ৰোহিত শৰ্মাই ২৯ টা বলত ৪৭ ৰাণ কৰাৰ লগতে শুভমান গীল (৮০), বিৰাট কোহলী (১১৭), শ্ৰেয়াছ আয়াৰ (১০৫) আৰু কে এল ৰাহুল (৩৯)-ৰ বেটিং বিক্ৰমেৰে মুঠ ৩৯৭ ৰাণ সংগ্ৰহ কৰে ভাৰতে। আটাইতকৈ আকৰ্ষণীয় দিশ আছিল বিৰাট কোহলীৰ ৫০তম এদিনীয়া সংখ্যক। নিউজিলেণ্ডৰ হৈ টীম ছাউডীয়ে ৩টা উইকেট লাভ কৰে।
৩৯৮ ৰাণৰ বিশাল লক্ষ্য লৈ আৰম্ভণিতে উজুটি খায় নিউজিলেণ্ডে। মহম্মদ ছামীয়ে উভতাই পঠায় অপেনাৰ ডেভন কনৱে আৰু ৰচিন ৰবীন্দ্ৰক। কিন্তু কেন উইলিয়ামছন আৰু ডাৰিল মিচেলে ১৪১ ৰাণৰ যুটি বান্ধি কিছু ভাবুকিৰ সৃষ্টি কৰে। কেন উইলিয়ামছনে ৬৯ আৰু মিচেলে ১৩৪ ৰাণ কৰে। কিন্তু পুনৰ মহম্মদ ছামীৰ বলি হয় তেওঁলোক। এওঁলোকৰ পাছত এজন এজনকৈ বেটাৰে পেভিলিয়নমুখী হয়। মূলত সকলো প্ৰত্যাহ্বান নেওচি ১২ বছৰ পিছত বিশ্বকাপৰ ফাইনেললৈ চতুৰ্থবাৰৰ বাবে প্ৰৱেশ কৰিলে টীম ইণ্ডিয়াই।
টীম ইণ্ডিয়াৰ এই বিজয়ৰ মূলতে আছিল মহম্মদ ছামীৰ দূৰ্দান্ত বলিং। ৯.৫ অভাৰত ৫৭ ৰাণ ব্যয় কৰি তেওঁ সাতটাকৈ উইকেট দখল কৰে। যি ভাৰতীয় দলৰ বাবে আন এক অভিলেখ। কিয়নো কোন এগৰাকী ভাৰতীয় বলাৰে আজি পৰ্যন্ত এদিনীয়া ক্ৰিকেটত ৭ টাকৈ উইকেট দখল কৰিব পৰা নাছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে ৭ টাকৈ উইকেট দখল মহম্মদ ছামীয়ে তেওঁৰ কেৰিয়াৰত ১০০ খন এদিনীয়া শৃংখলাত ১৯৪ টা উইকেট লাভ কৰে। বিশ্বকাপত ৫০টা উইকেট লোৱা প্ৰথম জন ভাৰতীয় বলাৰ মহম্মদ ছামী। আনহাতে এই বিশ্ব কাপতে ৬খন খেলত ২৩ টাকৈ উইকেট দখল কৰি বিশ্বকাপ লীগত অষ্ট্ৰেলিয়াৰ মিছেল ষ্ট্ৰাকৰ সৰ্বাধিক উইকেট দখল কৰাৰ ৰেকৰ্ড ভাঙিলে মহম্মদ ছামীয়ে। একেদৰে বিশ্বকাপৰ ১৭ খন মেচত সৰ্বাধিক ৫০ টা উইকেট দখল কৰাৰো আন এটা বৃহৎ ৰেকৰ্ড কৰি ভাৰতলৈ সু-নাম কঢ়িয়াই আনিলে মহম্মদ ছামীয়ে।
২০২১ চনত ডুবাইত অনুষ্ঠিত হৈ যোৱা ভাৰত-পাকিস্তানৰ খেলখনত ভাৰত পৰাজয়ৰ বাবে যিগৰাকী মহম্মদ ছামীক দোষাৰূপ কৰা হৈছিল, তুচ্ছ-তাচ্ছিল্যৰে অপমানৰ ধুমুহাৰ সৃষ্টি কৰিছিল। সেইগৰাকী মহম্মদ ছামীয়েই কিন্তু ১২ বছৰ পিছত বিশ্বকাপৰ ফাইনেললৈ চতুৰ্থবাৰৰ বাবে ভাৰত প্ৰৱেশ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। সমগ্ৰ দেশে আজি ছেমি ফাইনেলৰ খেলখনক ছামি ফাইনেল বুলিও অভিহিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। অপ্ৰিয় হলেও সত্য যে যি একাংশই ২০২১ চনত মহম্মদ ছামীক পাকিস্তানী এজেণ্ট আখ্যাৰে যি বিৰূপ মন্তব্য আগবঢ়াইছিল, তেনে কট্টৰ সকলে আজি সামাজিক মাধ্যমত নিৰপেক্ষতাৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে একাংশ কট্টৰ মুছলমানসকলে মহম্মদ ছামীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। মূলতঃ মহম্মদ ছামীৰ কৃতিত্ব যেন এতিয়া সামাজিক মাধ্যমত হিন্দু-মুছলমান হৈ পৰিছে। যি ধৰ্মনিৰপেক্ষ দেশ এখনৰ বাবে মুঠেই ইতিবাচক নহয়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে চিনেমাপ্ৰেমীসকলে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ অভিনীত চক দে ইণ্ডিয়া আৰু ইমৰাণ হাশমীৰ অভিনীত আজাহাৰ নামৰ ছবি দুখনৰো কাহিনী মূল উদ্দেশ্যক আমি সদায় মনত ৰখাটো উচিত। সেয়ে পৰৱৰ্তী সময়ত এজন খেলুৱৈক তেওঁৰ ধৰ্মৰ বাবে অপমান কৰাৰ আগতে দুবাৰ ভবাৰ প্ৰয়োজন। ধৰ্মৰ দ্বাৰা কোনো খেলুৱৈ বিচাৰ কৰাটো অনুচিত। কিয়নো জয়-পৰাজয় ক্ৰীড়াৰ এক অবিচ্ছেদ্য অংগ। স্বাভাবিকতে ফেভাৰিট দলটোৰ জয়ে প্ৰতিজন অনুৰাগীকে বিমল আনন্দ প্ৰদান কৰে তেনেদৰে পৰাজয়ে হতাশা কঢি়য়াই অনাতো কোনো অস্বাভাৱিক কথা নহয়। কিন্তু এখন খেলৰ পৰাজয়ৰ বাবে যিকোনো ক্ৰীড়াবিদকে কটু সমালোচনা কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ক্ৰীড়া হৈছে শান্তিৰ প্ৰাংগন। ধৰ্মীয় কটুক্তিৰে সাম্য-মৈত্ৰী আৰু একতাৰ নিদৰ্শন তুলি ধৰা ক্ৰীড়াৰ পৱিত্ৰ মঞ্চখন কলুষিত কৰাটো অনুচিত।
মোবাইল- 9435983235

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি