Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:20 pm

Home » আঞ্চলিক » অসম » Sushmita Talukdar | যাদু শিল্পী সুস্মিতালৈ সহায়ৰ হাত বদৰুদ্দিন আজমলৰ

Sushmita Talukdar | যাদু শিল্পী সুস্মিতালৈ সহায়ৰ হাত বদৰুদ্দিন আজমলৰ

  • শ্বাহিন চুলতানা
যাদু শিল্পী সুস্মিতালৈ সহায়ৰ হাত আগবঢ়ালে সাংসদ বদৰুদ্দিন আজমলে। অসমৰ যাদুশিল্পী খ্যাত সুস্মিতা সম্প্ৰতি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। যাদু শিল্পী সুস্মিতাই নিজৰ এই ৰোগৰ বিষয় লৈ আৰ্থিক সাহায্য বিচাৰি সামাজিক মাধ্যমত সদৰী কৰাৰ পাছতেই প্ৰায়বোৰ সংবাদ মাধ্যমেই সম্প্ৰচাৰ কৰিছিল সুস্মিতাৰ ৰোগ আৰু ব্যয়বহুল চিকিৎসাৰ বিষয়ে। 
তাৰ পাছতেই বিভিন্নজনৰ লগতেই সহায়ৰ হাত আগবঢ়ালে ধুবুৰীৰ সাংসদ তথা এআইইউডিএফৰ মূৰব্বী বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে নিজেই সুস্মিতাৰ সৈতে ফোন যোগে যোগাযোগ কৰাৰ লগতে সহায় কৰাৰ বাবে আশ্বাস প্ৰদান কৰে। প্ৰয়োজনত পৰবৰ্তী সময়তো সহায়ৰ হাত আগবঢ়াব বুলি বদৰুদ্দিন আজমলে নিজেই সুষ্মিতাক ফোন যোগে জানিবলৈ দিয়ে। 
সেইমতেই সুস্মিতাক হোজাই লৈ মাতি আনি আজমলৰ তিনি ভগ্নী সংগঠন আজমল ফাউণ্ডেছন, মাৰ্কাজুল মা আৰিফ আৰু হাম পাব্লিক ট্ৰাষ্টৰ পৰা চিকিৎসাৰ বাবে এক লাখ পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰে। চেক প্ৰদান কৰে হাম হস্পিতালৰ মুখ্য চিকিৎসক তথা হাম চিকিৎসালয়ৰ সঞ্চালক ডাক্তৰ চি ইচলাম আৰু হাম চিকিৎসালয়ৰ কৰ্তৃপক্ষই। আজমল পৰিয়ালৰ সহায়ৰ চেকখন গ্ৰহণ কৰাৰ পাছতেই যাদু শিল্পী সুস্মিতাইও সংবাদ মাধ্যম যোগে ধন্যবাদ আগবঢ়ায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি