Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:59 pm

Home » আঞ্চলিক » অসম » Jakir Hussain Sikder- গুৰুত্বহীন কংগ্ৰেছ, গুৰুত্বহীন দলৰ গুৰি বঠা ধৰোতাসকল।

Jakir Hussain Sikder- গুৰুত্বহীন কংগ্ৰেছ, গুৰুত্বহীন দলৰ গুৰি বঠা ধৰোতাসকল।

এগৰাকী বিধায়ক। দুবাৰকৈ কংগ্ৰেছৰ পৰা নিৰ্বাচিত তেওঁ। কিন্তু তাৰ পিছতো কিমান কংগ্ৰেছী সেই নেতাগৰাকী। যি কংগ্ৰেছে খুৱাইছে, পিন্ধাইছে, মান-সন্মান, যশ সকলো দিছে, তাৰ পিছতেো গুৰুত্বহীন কংগ্ৰেছ। গুৰুত্বহীন দলৰ গুৰি বঠা ধৰোতাসকল।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰধান বিৰোধী দল কংগ্ৰেছে ককালত টঙালি বান্দিছে। দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিতে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ শীৰ্ষ কংগ্ৰেছী নেতাসকলক দিয়া হৈছে কঠোৰ নিৰ্দেশনা। সমষ্টি ভিত্তিত দিয়া হৈছে দায়িত্ব। কিন্তু বৰপেটা লোকসভা সমষ্টিৰ বাবে এতিয়ালৈকে হাইকমাণ্ডে কোনো কংগ্ৰেছী নেতাক বিশেষভাৱে দায়িত্ব প্ৰদান কৰা নাই। সম্প্ৰতি কংগ্ৰেছৰ দখলত থকা সমষ্টিটোৰ দায়িত্ব পাব পৰাকৈ আছে কেইবাগৰাকী বাঘা বাঘা কংগ্ৰেছী। ইয়াৰে দলীয় সূত্ৰ আৰু বিশেষ চৰ্চা অনুসৰি সাংসদ আব্দুল খালেকৰ উপৰি বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ দুবাৰৰ বিধায়ক তথা এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও লাভ কৰিব পাৰে দায়িত্ব।
কিন্তু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বৰপেটা সমষ্টিৰ পৰা জাকিৰ হুছেইন শিকদাৰৰ নাম চৰ্চালৈ অহাৰ পিছতে পোহৰলৈ আহিছে কেতবোৰ গুৰুতৰ অভিযোগ। কিমান কংগ্ৰেছী জাকিৰ হুছেইন শিকদাৰ? জাকিৰ হুছেইন শিকদাৰৰ বাবে কংগ্ৰেছ দল কিমান গুৰুত্বপূৰ্ণ? জাকিৰ হুছেইনৰ বাবে কংগ্ৰেছতকৈ আপোন বিজেপি নেকি?
এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ হাইকমাণ্ডত দাখিল কৰা হৈছে এক গুৰুতৰ অভিযোগ। দাখিল কৰা অভিযোগ আৰু সংলগ্ন তথ্য অনুসৰি এয়া কংগ্ৰেছী বিধায়ক তথা এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ ফেচবুক পেজৰ স্ক্ৰীণশ্বট। জাকিৰ হুচেইন শিকদাৰে নিজেই পৰিচালনা কৰা তথা ব্লু-টিক থকা নিজৰে ফেচবুক পেজৰ ফলৱিঙৰ তালিকাত নাই ৰাহুল গান্ধীক, অনুসৰণ কৰা নাই ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধীকো। অনুসৰণ কৰা নাই দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক। একেদৰে অসমৰ দায়িত্বত থকা দলটোৰ নেতা জিতেন্দ্ৰ সিঙকৰ পেজকো ফল কৰা নাই ঝাকিৰ হুচেইন শিকদাৰে। তাতোকৈ ডাঙৰ কথাটো হল নিজে দলটোৰ কাৰ্যকৰী সভাপতি হোৱাৰ পিছতো দলটোৰ ৰাজ্যিক অফিচিল পেজ, ৰাষ্ট্ৰীয় অফিচিয়েল পেজকো ফল কৰা নাই জাকিৰ শিকদাৰে। তাৰ বিপৰীতে এই তালিকাত আছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগহে।
প্ৰায় একেই অৱস্থা টুইটাৰত। টুইটাৰতো বিজেপিৰ একাংশ নেতাক ফল কৰি ৰাখিলেও ফল কৰা নাই দলটোৰ ৰাষ্ট্ৰীয় নাইবা ৰাজ্যিক অফিচিয়েল পেজ। ফল কৰা নাই ৰাহুল, ছোনিয়া, প্ৰিয়ংকা গান্ধী আদি কৰি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক।
সমাজিক মাধ্যমতেই দল আৰু শীৰ্ষ পৰ্যায়ৰ দলীয় নেতাক আওকাণ কৰা এইগৰাকী কংগ্ৰেচী বিধায়ক জাকিৰ হুছেইন শিকদাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি আপোন আৰু বিজেপিৰো নেতাৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক অটুট ৰখা বুলি দাবী কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছ হাইকমাণ্ডলৈ প্ৰেৰণ কৰা হৈছে এক অভিযোগ। উল্লেখ্য যে ২০১১ৰ বিধানসভা নিৰ্বাচনতো অৰ্থাত বিধায়ক হোৱাৰ পূৰ্বেও নিজৰ দলৰ কংগ্ৰেছী প্ৰাৰ্থীৰ সৈতেও চিপৰাং ৰাজনীতিৰে দলটোৰ ভৱমূৰ্তি বিনষ্ট কৰা আৰু দলীয় প্ৰাৰ্থীক হৰুৱাই ক্ষেত্ৰতো আগভাগ লৈছিল বুলিও অভিযোগ পত্ৰত উল্লেখ আছে। পিছে হাইকমাণ্ডে এই অভিযোগ পত্ৰক গুৰুত্ব দিব নে নাই সেয়া অৱশ্যে দলীয় আভ্যন্তৰীণ বিষয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি