Jakir Hussain Sikder- গুৰুত্বহীন কংগ্ৰেছ, গুৰুত্বহীন দলৰ গুৰি বঠা ধৰোতাসকল।
এগৰাকী বিধায়ক। দুবাৰকৈ কংগ্ৰেছৰ পৰা নিৰ্বাচিত তেওঁ। কিন্তু তাৰ পিছতো কিমান কংগ্ৰেছী সেই নেতাগৰাকী। যি কংগ্ৰেছে খুৱাইছে, পিন্ধাইছে, মান-সন্মান, যশ সকলো দিছে, তাৰ পিছতেো গুৰুত্বহীন কংগ্ৰেছ। গুৰুত্বহীন দলৰ গুৰি বঠা ধৰোতাসকল। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰধান বিৰোধী দল কংগ্ৰেছে ককালত টঙালি বান্দিছে। দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিতে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ শীৰ্ষ কংগ্ৰেছী নেতাসকলক দিয়া হৈছে কঠোৰ নিৰ্দেশনা। সমষ্টি ভিত্তিত দিয়া হৈছে দায়িত্ব। কিন্তু বৰপেটা লোকসভা সমষ্টিৰ বাবে এতিয়ালৈকে হাইকমাণ্ডে কোনো কংগ্ৰেছী নেতাক বিশেষভাৱে দায়িত্ব প্ৰদান কৰা নাই। সম্প্ৰতি কংগ্ৰেছৰ দখলত থকা সমষ্টিটোৰ দায়িত্ব পাব পৰাকৈ আছে কেইবাগৰাকী বাঘা বাঘা কংগ্ৰেছী। ইয়াৰে দলীয় সূত্ৰ আৰু বিশেষ চৰ্চা অনুসৰি সাংসদ আব্দুল খালেকৰ উপৰি বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুৰ