Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:12 am

Home » সম্পাদকীয় » কত হেৰাই যায় নিৰুদ্দেশ হোৱা কিশোৰী-যুৱতী?

কত হেৰাই যায় নিৰুদ্দেশ হোৱা কিশোৰী-যুৱতী?

যোৱা দুটা মান বছৰৰ ভিতৰত বাক্সা জিলাৰ পৰা দহজনী কিশোৰী-যুৱতী নিরুদ্দেশ হৈছিল। ইয়াৰে দুজনী ছোৱালীৰ বয়স ১১ৰ পৰা ১৮ বছৰৰ। আন সাতজনী যুৱতীৰ বয়স আছিল উনৈশৰ পৰা ত্ৰিশ বছৰৰ ভিতৰৰ। এজনী অবশ্যে ত্ৰিশৰ ঊৰ্ধ্বৰ। এই দহজনী নিৰুদ্দেশ হোৱা ঘটনাক লৈ বাক্সা জিলা আৰক্ষীয়ে ৰুজু কৰিছিল দহটা গোচৰ। পৰৱৰ্তী সময়ত এই গোচৰৰ অনুসন্ধান হয় আৰু উদ্ধাৰো কৰা হয় দহোজনী কিশোৰী-যুৱতীক। কিন্তু তাৎপর্যপূর্ণ কথা এয়ে যে জিলাখনৰ পৰা হঠাতে নিৰুদ্দেশ হোৱা এই দহজনী কিশোৰী-যুৱতীক প্ৰকৃততে নাৰী সৰবৰাহকাৰীৰ কবলত পৰিছিল। এওঁলোকক নাৰী সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰিবলৈ লৈছিল বহিঃৰাজ্যত যৌন কর্মীৰূপে। এনেদৰে জিলাই জিলাই নাৰী সৰবৰাহৰ ঘটনাবোৰ ঘটি থাকে। কোনোবাই দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা শিশু-কিশোৰী ক্ৰয় কৰি লৈ যায় আৰু ব্যৱহাৰ কৰে শ্ৰমিকৰূপে। কোনো কোনোৱে আকৌ বিবাহৰ প্রলোভনত ভৰি দিও যৌন কৰ্মীৰ দৰে ভয়ংকৰ পৃথিৱীত খোজ দিব লগাত পৰে। এইখিনিতে শোণিতপুৰ জিলাৰ উদাহৰণেৰে ক’ব পাৰি যে বিগত কেইটামান বছৰত জিলাখনৰ পৰা সন্ধানহীন হোৱা বহুসংখ্যক কিশোৰী-যুৱতীয়ে এনে ভয়াৱহ পথত ভৰি থ’ব লগা হৈছিল। পৰিতাপৰ কথা যে ৰাজ্যখনৰ পৰা সততে নিৰুদ্দেশ হোৱা শিশু-কিশোৰীৰ পূৰামাত্ৰাই উদ্ধাৰ কৰাত ব্যৰ্থ হৈ আহিছে ৰাজ্যখনৰ তথাকথিত স্মার্ট আৰক্ষী। আজি পাঁচটা বছৰে ৰাজ্যখনৰ ২৮৪ টি শিশু-কিশোৰীৰ কোনো শুংসূত্রই উলিয়াব নোৱাৰিলে। গৃহ বিভাগৰ তথ্য অনুসৰি যোৱা ২০১৮ চনৰ পৰা চলিত বৰ্ষৰ ৩০ জুনলৈ ৰাজ্যখনত বিশেষতঃ ৭৫৪ জনী কন্যা শিশু-কিশোৰী সন্ধানহীন হয় যদিও ৪৭০ জনীকহে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লক্ষণীয় কথা যে অসমৰ বাহিৰে উত্তৰ-পূবৰ আন ৰাজ্যত শিশু-কিশোৰী সন্ধানহীন বা নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ পৰিসংখ্যা অতি কম। ৰাজ্যখনৰ মূলতঃ চাহ বাগিচা অঞ্চলৰ কন্যা শিশুকে ধৰি আৰ্থ-সামাজিকভাৱে অতি পিচপৰা ঠাইৰ পৰাই এনেদৰে শিশু-কিশোৰী সন্ধানহীন হোৱাৰ ঘটনা ঘটি থাকে। অথচ এই শিশু নিৰুদ্দেশ হোৱা ঘটনা ৰোধৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও সেই কার্যসূচীয়ে মুঠেও কাম দিয়া নাই।
উল্লেখ্য যে বিগত ৫ টা বছৰত ৰাজ্যখনত শিশু-কিশোৰীকে ধৰি নাৰী সৰবৰাহৰ বিৰুদ্ধে মুঠ গোচৰ ৰুজু হৈছে ৯৬৩ টা। এই গোচৰৰ বিপৰীতে কেৱল ১০ বছৰৰ তলৰ শিশু সন্ধানহীন হয় ১০৫ টা। বিগত সময়ছোৱাত বিবাহ কৰাৰ ছলেৰে বজালীৰ পৰা এগৰাকী অপ্রাপ্তবয়স্ক ছোৱালী সন্ধানহীন হয়। তেনেদৰে যৌন কৰ্মীৰূপে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে বাক্সা জিলাত ১০ টা গোচৰ ৰুজু হয়। বৰপেটাত ৰুজু হয় ১৫ টা গোচৰ। একে সময়তে বিশ্বনাথ আৰক্ষীয়ে ৫২ টা গোচৰ ৰুজু কৰে। বঙাইগাঁৱত ৰুজু হয় ৭ টা গোচৰ, চৰাইদেউত ৰুজু হয় ৬ টা গোচৰ আৰু চিৰাঙত ৫৭ টা গোচৰ ৰুজু হয়। তেনেদৰে গুৱাহাটীতো ৫৭ টা গোচৰ ৰুজু হয়। দৰঙত ৰুজু হয় ৬ টা গোচৰ, ধেমাজিত ১৪ টা গোচৰ, ধুবুৰীত ৪৮ টা গোচৰ, ডিব্ৰুগড়ত ৰুজু হয় ১৭ টা গোচৰ, ডিমা হাচাওত ৰুজু হয় এটা গোচৰ, গোৱালপাৰাত ৮ টা, হামৰেণত ৭ টা, হোজাইত ৩৪ টা, যোৰহাটত তিনিটা, কামৰূপত ৪৩ টা গোচৰ, কাৰ্বি আংলঙত ১০ টা, কৰিমগঞ্জত দুটা, কোকৰাঝাৰত ২৭ টা, লখিমপুৰত ৪৬ টা গোচৰ, মৰিগাঁৱত ৯০ টা গোচৰ, নলবাৰীত ৪ টা গোচৰ, নগাঁৱত ২০ টা গোচৰ, শিৱসাগৰত ৩৩ টা গোচৰ, শদিয়াত ১২ টা গোচৰ, শোণিতপুৰত ৯১ টা গোচৰ, দক্ষিণ শালমৰাত ১৯ টা গোচৰ, তিনিচুকীয়াত ৮ টা গোচৰ, তামুলপুৰত ১৯ টা গোচৰ, ওদালগুৰিত ১১ টা গোচৰ আৰু ৰে’লৱে আৰক্ষীয়ে ৰুজু কৰে ১০৩ টা গোচৰ। কিন্তু ইমানবোৰ গোচৰ ৰুজু আৰু অনুসন্ধান চলায়ো বিগত ৫ টা বছৰত ২৮৪ জনী কন্যা শিশু বা কিশোৰীৰ শুংসূত্র উলিয়াবলৈ সক্ষম নহ’ল অসম আৰক্ষী।
উল্লেখ্য যে ৰাজ্যখনৰ শিশু সৰবৰাহ প্ৰতিৰোধ কৰিবলৈ ৰাজ্যখনৰ সকলো জিলাতে মানৱ সৰবৰাহ বিৰোধী গোট (AITTU) গঠন কৰা হৈছে। এই গোটসমূহে এন জি অ’, সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ, শ্রম বিভাগ, ভি ডি পি আদিৰ লগতে শিশু সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চোৰাংচোৱা তথ্য সংগ্ৰহ আৰু গোচৰসমূহ তদন্ত কৰাৰ বাবে এটা দল হিচাপে কাম কৰে। জিলা আৰক্ষী অধীক্ষকসকলক এন জি অ’, নাগৰিক সমাজ, পঞ্চায়ত সদস্য, ভি ডি পি তথা চৰকাৰৰ তৰফৰ পৰাও সহায় ল’বলৈ কোৱা হৈছে। ১৯৯৪ চনতে অপৰাধ অনুসন্ধান সংস্থাত মহিলাৰ বিৰুদ্ধে অপৰাধ কোষ গঠন কৰা হয় আৰু ২০২২ চনত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে (Anti Human Trafficking) আৰক্ষী অধীক্ষক নিযুক্তি দিয়া হয়। ট্ৰেক চাইল্ড নামৰ ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা কাৰ্যসূচীৰ সহায় লৈও নিৰুদ্দিষ্ট শিশুৰ সন্ধান উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। শিশু সৰবৰাহ ঘটনাৰ তদন্ত তথা অভিযানৰ সৈতে জড়িত চৰকাৰী বিষয়াসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিগত তিনিটা বছৰত বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা লোৱা হৈছে। পিচে এই কথাখিনি ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ টেবুলত থকা কাগজতহে লিখিত ৰূপত আছে। প্ৰকৃততে এনে কাম-কাজ বাস্তৱত খুব কমেইহে হৈছে।
লক্ষণীয় কথা যে কেন্দ্ৰীয় চৰকাৰে অসমৰ শিশু সৰবৰাহ প্ৰতিৰোধ কৰাৰ বাবে ইতিমধ্যে কোটি কোটি টকাৰ আবণ্টন দি আহিছে। তথ্য অনুসৰি ৰাজ্যখনত এণ্টি হিউমেন ট্রেফিকিং ইউনিট গঠন আৰু মানৱ সম্পদ বৃদ্ধিৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্যলৈ ৪ কোটি ৩৭ লাখ টকাৰ আবণ্টন দিছিল। ৰাজ্য চৰকাৰেও ইয়াৰ বাবে ২০২২-২৩ বৰ্ষৰ বাবে ২ কোটি ৭৪ লাখ টকাৰ আবণ্টন দিছিল। এই টকাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই বলেৰ’ গাড়ী, কেমেৰা আদি ক্ৰয় কৰে যদিও আশা কৰামতে নিৰুদ্দিষ্ট শিশুৰ শুংসূত্ৰ উলিওৱাত চূড়ান্ত ব্যৰ্থ হৈছে। তথ্য অনুসৰি বিগত ৫ টা বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ অশাচল-নাগালেণ্ড-মিজোৰাম-মণিপুৰত দেশৰ ভিতৰতে কমকৈ ঘটিছে কন্যা শিশু নিৰুদ্দেশৰ ঘটনা। তথ্য অনুসৰি বিগত সময়ছোৱাত অশাচল প্ৰদেশত মাত্র এটা, নাগালেণ্ডত এটা, মণিপুৰত এটা কন্যা শিশু সন্ধানহীনৰ ঘটনাৰ বাহিৰে মিজোৰামত এটাও ঘটা নাই এনে ঘটনা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি