কত হেৰাই যায় নিৰুদ্দেশ হোৱা কিশোৰী-যুৱতী?
যোৱা দুটা মান বছৰৰ ভিতৰত বাক্সা জিলাৰ পৰা দহজনী কিশোৰী-যুৱতী নিরুদ্দেশ হৈছিল। ইয়াৰে দুজনী ছোৱালীৰ বয়স ১১ৰ পৰা ১৮ বছৰৰ। আন সাতজনী যুৱতীৰ বয়স আছিল উনৈশৰ পৰা ত্ৰিশ বছৰৰ ভিতৰৰ। এজনী অবশ্যে ত্ৰিশৰ ঊৰ্ধ্বৰ। এই দহজনী নিৰুদ্দেশ হোৱা ঘটনাক লৈ বাক্সা জিলা আৰক্ষীয়ে ৰুজু কৰিছিল দহটা গোচৰ। পৰৱৰ্তী সময়ত এই গোচৰৰ অনুসন্ধান হয় আৰু উদ্ধাৰো কৰা হয় দহোজনী কিশোৰী-যুৱতীক। কিন্তু তাৎপর্যপূর্ণ কথা এয়ে যে জিলাখনৰ পৰা হঠাতে নিৰুদ্দেশ হোৱা এই দহজনী কিশোৰী-যুৱতীক প্ৰকৃততে নাৰী সৰবৰাহকাৰীৰ কবলত পৰিছিল। এওঁলোকক নাৰী সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰিবলৈ লৈছিল বহিঃৰাজ্যত যৌন কর্মীৰূপে। এনেদৰে জিলাই জিলাই নাৰী সৰবৰাহৰ ঘটনাবোৰ ঘটি থাকে। কোনোবাই দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা শিশু-কিশোৰী ক্ৰয় কৰি লৈ যায় আৰু ব্যৱহাৰ কৰে শ্ৰমিকৰূপে। কোনো কোনোৱে