Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:54 pm

Home » আঞ্চলিক » অসম » Assam HSLC Result 2023- ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Assam HSLC Result 2023- ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে SEBAই ঘোষণা কৰিলে ফলাফল। এইবাৰৰ ফলাফলতো চৰকাৰী শিক্ষানুষ্ঠানক চেৰ পেলাই উজ্বলিল ব্যক্তিগত খণ্ডৰ বিদ্যালয়৷ গুৱাহাটীৰ আগশাৰীৰ এখন চৰকাৰী কলেজ কটন কলেজিয়েট হাইস্কুলৰ দৰে এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰাও লাভ কৰিব নোৱাৰিলে কোনো ধৰণৰ স্থান৷
ঘোষিত ফলাফল অনুসৰি প্ৰথম স্থান দখল কৰিলে শোণিতপুৰৰ হৃদম ঠাকুৰীয়াই। ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়া। হৃদমে লাভ কৰিছে সৰ্বমুঠ ৫৯৬ নম্বৰ।
আনহাতে ৫৯৩ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰিছে চাৰিগৰাকী শিক্ষাৰ্থীয়ে। দ্বিতীয় স্থানত নগাঁও চৰকাৰী গভৰ্ণমেণ্ট বয়জ এইচ এছ স্কুলৰ ইছৰত ফাৰিহা, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু ছেইণ্ট যোছেফ স্কুল, সোণাৰিৰ আদিত্য অনুপম কোঁৱৰ।
৫৯২ নম্বৰ লাভ কৰি তৃতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে দৰঙৰ দুমুনীচকী ইংলিছ স্কুলৰ নিলুফাৰ ৰহমান, গোলাঘাটৰ ভোলাগুৰি আদৰ্শ বিদ্যাপীঠৰ অনিন্দিতা বৰা আৰু বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ মৃগাংক ভট্টাচাৰ্যই।
উল্লেখ্য যে নগৰ অঞ্চলতকৈ গ্ৰাম্য অঞ্চলত উত্তীৰ্ণৰ হাৰ বেছি হোৱা পৰিলক্ষিত হৈছে৷ সেই অনুপাতে জিলা ভিত্তিক চাব গলে অসমৰ বিতৰত মুঠ ১৯ খন জিলাৰ পৰা স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ তাৰে ভিতৰত সৰ্বাধিক ৮ টাকৈ স্থানেৰে জিলিকিল উঠিল নলবাৰী জিলা। একেদৰে বৰপেটাত ৭, কামৰূপ মেট্ৰোত ৬, লখিমপুৰত ৫, নগাঁও, ডিব্ৰুগড়, কামৰূপ গ্ৰাম্যত ৪ টাকৈ, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু কাছাৰত ৩ টাকৈ, শোণিতপুৰ, দৰং আৰু বিশ্বনাথত ২ টাকৈ, যোৰহাট, গোৱালপাৰা, ধুবুৰী, কৰিমগঞ্জ, ধেমাজিত এটাকৈসহ মুট ৬১ গৰাকী পৰীক্ষাৰ্থীয়ে শীৰ্ষ দহত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে এইবাৰ পৰীক্ষাত মুঠ অৱতীৰ্ণ হৈছিল ৪,১৫,৩২৪ গৰাকী পৰীক্ষাৰ্থী। তাৰে ভিতৰত ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ইয়াৰে ছাত্ৰৰ সংখ্যা ১,৯০,৭৬৫ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২,২৪,৫৫৯ গৰাকী।
ইয়াৰে ভিতৰত ৯৪,৯১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম স্থান, ১,৪৮,৫৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় স্থান আৰু ৫৮,৩৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় স্থানসহ সৰ্বমুঠ ৩,০১,৮৮০ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। শতকৰা হিচাপত ৭৪.৭১ শতাংশ ছাত্ৰ আৰু ৭০.৬৯ শতাংশ ছাত্ৰী উত্তীৰ্ণ এই ফলাফলত৷
বিগত কেই বছৰ ধৰি বানে ধোৱা ধেমাজিয়ে জিলা ভিত্তিত উত্তীৰ্ণৰ হাৰত শীৰ্ষ স্থান দখল কৰি আহিলেও লক্ষণীয় ভাবে এইবাৰৰ ফলাফলত ধেমাজিক চেৰ পেলাই ৮৮.৬৮ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত উজ্বলিল চিৰাং জিলা আৰু ৫৯.৮০ শতাংশ উত্তীৰ্ণৰে অন্তিম স্থানত গোৱালপাৰা জিলা। ৰাজ্যিক ভিত্তিত চৰকাৰী শিক্ষানুষ্ঠানক চেৰ পেলাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমুহ উজ্বলি উঠিলেও সোঁতৰ বিপৰীতে গৈ বিটিএডি অঞ্চলত কিন্তু চৰকাৰী বিদ্যালয়সসমুহে তুলনামূলকভাৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।
ইপিনে চহৰ অঞ্চলতকৈ গাওঁ অঞ্চৰ ফলাফল কিছু উন্নত হলেও সংখ্যালঘু অধ্যুষিত অঞ্চলত কিন্তু ফলাফল তেনেই নিম্নগামী। পিছে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ফলাফলৰ এনে অনগ্ৰসতাৰ বাবে দায়ী কোন। নে ৰাজনৈতিক নেতাসকলে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে বছৰে প্ৰতি গ্ৰন্থ মেলাৰ নাম লৈ জুৱাৰ আড্ডাৰে বাণিজ্য মেলা, সাংস্কৃতিক সন্ধিয়াৰ যি অঘোষিত প্ৰতিযোগিতা চলে তাৰেই প্ৰভাৱ পৰিল নেকি। যাৰ প্ৰমাণ ৫৯.৮০ শতাংশ উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰত অন্তিম স্থানত গোৱালপাৰা জিলা। আনহাতে এইবাৰৰ ফলাফলত প্ৰথম দহটা স্থানপ্ৰাপ্ত মুঠ শিক্ষাৰ্থীৰ সংখ্যা ৬১ গৰাকী। ইয়াৰে ধৰ্মীয় সংখ্যালঘু শিক্ষাৰ্থীৰ সংখ্যা মাত্র ৮ গৰাকী। প্ৰায় ৪০ শতাংশ ধৰ্মীয় সংখ্যালঘু জনসংখ্যাৰ ৰাজ্যখনত এনে স্থানপ্ৰাপ্ত আৰু উত্তীৰ্ণৰ হাৰ আশানুৰূপ নে।
এইখিনিতে উল্লেখ কৰা বাহুল্য যে মেট্ৰিক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষনাৰ পিছতে সচাৰচৰ কেতবোৰ প্ৰশ্নৰ অৱতাৰণা হয়। কিয়নো ইতিমধ্যে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষনা কৰা হৈছে।অসমত প্ৰত্যক বাৰৰ দৰেই এইবাৰো হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ দেখা গৈছে যে চৰকাৰী বিদ্যালয়ৰ তুলনাত বেচৰকাৰী বিদ্যালয় সমুহৰ ফলাফল যথেষ্ট উন্নত মানৰ। বৰ্তমান সময়ত অভিভাৱকসকলে চৰকাৰী স্কুল সমুহৰ তুলনাত বেচৰকাৰী বিদ্যালয়সমুহত নিজৰ লাৰা-ছোৱালীক পঢ়ুৱাত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়। যি সসময়ত চৰকাৰী শিক্ষক সমুহে মাহেকত বুজন পৰিমানৰ চৰকাৰী দৰমহা লাভ কৰাৰ বিপৰীতে এখন বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকে লাভ কৰে তেনেই নগন্য পৰিমানৰ পাৰিশ্ৰমিক। পিছে ফলাফলৰ ক্ষেত্ৰত কিন্তু চৰকাৰী স্কুলৰ তুলনাত বেচৰকাৰী স্কুলৰ ফলাফল ভাল।
ফলত প্ৰশ্ন হয়
  • কাৰ ভুলৰ বাবে আজিৰ চৰকাৰী শিক্ষাখণ্ডৰ এনে পয়ালগা অৱস্থা।
  • চৰকাৰী শিক্ষাখণ্ডৰ আজি পানীত হাঁহ নচৰা অৱস্থাৰ বাবে দায়ী কোন
  • অসম চৰকাৰৰ শিক্ষা বিভাগ নে শিক্ষা ব্যৱস্থা
  • ইয়াৰ বাবে জগৰীয়া কোন?
কোটি কোটি টকা ঋণত পোত যোৱা চৰকাৰখনে কেৱল হিতাধিকাৰী সৃষ্টি কৰাৰ বিপৰীতে চৰকাৰী বিদ্যালয় তথা শিক্ষা বিভাগটোৰ প্ৰতি গুৰুত্ব দিবনে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি