Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:34 pm

Home » আঞ্চলিক » দুৰ্ঘটনাৰ পৰা এটা ‘সন্দেহজনক হত্যাকাণ্ডলৈ, জোনমনি ৰাভাৰ A to Z .

দুৰ্ঘটনাৰ পৰা এটা ‘সন্দেহজনক হত্যাকাণ্ডলৈ, জোনমনি ৰাভাৰ A to Z .

· আৰক্ষীৰ নাকৰ তলতেই কেনেকৈ চলি আছিল এই গোপন নেক্সাছ?
· নে বহু বাঘা বাঘা আৰক্ষীৰ পকেটলৈকো গৈছিল এই ক’লা বেহাৰ ধন?
· মুখ খুলিব বিচাৰিছিল নেকি জোনমণিয়ে?
· বন্ধ কৰি দিয়া হ’ল নেকি জোনমণিৰ মুখ?
· দুৰ্ঘটনাৰ পৰা এটা ‘সন্দেহজনক হত্যাকাণ্ডলৈ!
· নকল সোণৰ ব্যৱসায়ৰ পৰা এটা বৃহৎ নেক্সাছলৈ!

SI জোনমনি ৰাভাৰ মৃত্যুৰ আৰৰ এটাৰ পিছত আন এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। তাৰিখ ১৫ মে,মাজনিশা জখলাবন্ধাত সৰুভগিয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে SI জোনমনি ৰাভাই।ইয়াৰ পিছতে যেন ৰাজ্যৰ গৃহ বিভাগত লাগিল অথ্যন্তৰ।একাংশৰ দাবী এয়া কোনো দুৰ্ঘটনা নহয় এয়া পূৰ্ব পৰিকল্পিত হত্যা।
ইতিমধ্যে কেইবাটাও ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।কাৰোবাৰ মতে ৰডেৰে কোবাই হত্যা কৰা হৈছিল!যদি আন কোনোবাৰ মতে ধৰ্ষণ কৰিহে হত্যা কৰা হৈছিল!এতিয়াও ৰসহ্যৰ আৱৰ্তত সমগ্ৰ বিষয়বস্তু। অৱশ্যে জোনমনিৰ যি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, এই প্ৰতিবেদনত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। দেহৰ ভিন্ন স্থানত আঘাত পাইছিল জোনমণিয়ে। মূৰৰ পিচ অংশত গুৰুতৰ আঘাতৰ চিন প্ৰকাশ পাইছে এই প্ৰতিবেদনত। আঘাতৰ বাবে প্ৰচুৰ ৰক্তক্ষৰকণ হৈছিল জোনমনিৰ। তাৰোপৰি আঠু, ভৰি, কিলাকুটি আৰু কপালৰ লগতে তলপেটতো আঘাতৰ চিন স্পষ্ট।
জোনমনিৰ বাহনখন দুৰ্ঘটনাৰ প্ৰাকমুহূৰ্তত এগৰকী প্ৰত্যক্ষদৰ্শীৰ মতে কলা পেন্ট, কলা জোতা আৰু শ্বাৰ্ট পৰিহিত এজন ব্যাক্তি বাহনখনৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল। এতিয়া প্ৰশ্ন হয় কোন সেইগৰাকী ব্যক্তি? একেদৰে সমগ্ৰ ঘটনাৰ আৰত এতিয়াও লুকাই আছে যেন বহু ৰহস্য। উল্লেখ্য যে জোনমনিৰ বাহনখনত খুন্দিওৱা ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতো প্ৰকৃত তথ্য এতিলৈয়ো পোহৰলৈ অহা নাই।
সমগ্ৰ বিষয়বস্তু দুৰ্ঘটনাৰ পৰা এটা ‘সন্দেহজনক হত্যাকাণ্ড’লৈ গতি কৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য। পোহৰলৈ আহিছে আৰক্ষী-মাফিয়াৰ গোপন মিতিৰালি। নহ’লে আৰক্ষীৰ নাকৰ তলতেই কেনেকৈ চলি আছিল নকল সোণ আৰু টকাৰ এক বৃহত নেক্সাছ? এই ঘটনাত কেঁচু খান্দোতে ওলাই পৰা প্ৰতিডাল সাপৰ বিষ বৰ চোকা। এই সাপবোৰৰে দংশনত ধৰাশায়ী হৈ পৰিল নেকি জোনমণি ৰাভা!
ইপিনে এই ঘটনা সন্দৰ্ভত DGP জি পি সিঙে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। CIDৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস দিছে DGP য়ে।ইতিমধ্যে এই বিষয়টোত নগাঁও, লখিমপুৰ আৰক্ষীৰ নামো সাঙোৰ খাই পৰিছে।
এতিয়া প্ৰশ্ন হয়,
আৰক্ষীৰ নাকৰ তলতেই কেনেকৈ চলি আছিল এই গোপন নেক্সাছ?
নে বহু বাঘা বাঘা আৰক্ষীৰ পকেটলৈকো গৈছিল এই ক’লা বেহাৰ ধন?
মুখ খুলিব বিচাৰিছিল নেকি জোনমণিয়ে?
বন্ধ কৰি দিয়া হ’ল নেকি জোনমণিৰ মুখ?
অপ্ৰিয় হলেও সত্য যে, জোনমণিৰ এই মৃত্যুৱে উদঙাইছে আৰক্ষী-অপৰাধীৰ গোপন সম্পৰ্ক। খোদ আৰক্ষীৰ ইনফৰ্মাৰ হাছিনা বেগমৰ ভাষ্যইও ইতিমধ্যে উন্মোচিত কৰিছে বহু তথ্য। নকল সোণৰ ব্যৱসায়টোক কেন্দ্ৰ কৰি যেন নগাঁও-লখিমপুৰ আৰক্ষীৰ মাজত সংঘাত। DGPক সাক্ষাৎ কৰি ইনফৰ্মাৰ হাছিনাই দাখিল কৰিব লিখিত অভিযোগ। কিন্তু কিমান দূৰলৈকে যাব এই তদন্ত। মুঠতে এই মৃত্যুক সহজে মানি লব পৰা নাই একাংশই। এতিয়া অপেক্ষা মাথো সময়ৰ। তদন্তৰ পিছতহে উলাই পৰিব সমগ্ৰ প্ৰকৃত ঘটনা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি