Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:07 am

Home » সম্পাদকীয় » Pradhan Mantri Awas Yojana- দিন ভিক্ষা প্ৰাণ ৰক্ষা নীতিত PMAY

Pradhan Mantri Awas Yojana- দিন ভিক্ষা প্ৰাণ ৰক্ষা নীতিত PMAY

· প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যৰ্থ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস!
· মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি মন্ত্রী ৰঞ্জিত দাসে?
· হিতাধিকাৰীৰ হাহাকাৰত চকু মুদিছে নেকি বিজেপি চৰকাৰে?
কিমান সফল হৈছে প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মানত৷যোৱা ২৭ এপ্ৰিলত পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দাবী কৰিছিল যে ৰাজ্যত বৰ্তমানলৈ নিৰ্মাণ কৰা হৈছে ১০,০২,৯৩৫টা গৃহ৷ আনহাতে ইয়াৰ বিপৰীতে ৰাজ্যত ৫,৯৮,৬২৭টা ঘৰৰ নির্মাণ বিগত প্রায় ২৪ মাহত সম্পূৰ্ণ হৈছে।উল্লেখ্য যে এখন গৃহ নিৰ্মাণৰ নামত টকা আৱন্টন দিয়া হয় ১,৩০,০০০ টকা৷নিৰ্মাণ সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বাবে ১,৩০,০০০ টকাৰে গৃহ নিৰ্মাণ কৰিব পৰা নাই হিতাধিকাৰীয়ে এটা ইটাৰ বাবদ ৭টকা ধাৰ্য কৰাৰ বিপৰীতে বজাৰত ইটাৰ দাম হৈছেগৈ ১২-১৫ টকা, ৰড কুইণ্টলত ৫,২০০ টকা ধাৰ্য কৰাৰ ঠাইত হৈছেগৈ ৭,০০০ টকা,নিৰ্ধাৰিত মূল্যতকৈ চিমেণ্ট-বালিৰো অত্যধিক দাম বৃদ্ধি হোৱাত হিতাধিকাৰীৰ লাগিছে হাহাকাৰ৷
প্ৰকৃততে ১০,০২,৯৩৫টা ঘৰৰ ৬০ শতাংশ ঘৰৰেই নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই। ক্ষেত্রভিত্তিক পৰিদৰ্শনৰ পৰিবৰ্তে বিভাগীয় বিষয়াই সংগ্রহ কৰি অনা তথ্যৰ ওপৰত ভিত্তি কৰিহে মন্ত্ৰী দাসে দিছপুৰত বহি প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত ১০ লাখ ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি ঢাক-ঢোল বজাইছে ।কিন্তু প্রকৃত সত্যটো হ’ল কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ দাৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক আঁচনিখনৰ অধীনত এটা ঘৰ নিৰ্মাণ কৰিবলৈ যি ধন ধাৰ্য কৰিছে, সেই ধনেৰে ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ অত্যধিক মূল্যবদ্ধিৰ পৰিপ্ৰেক্ষিতত ‘দিন ভিক্ষা প্ৰাণ ৰক্ষা’ নীতিৰে চলি থকা ৰাজ্যৰ অধিকাংশ দুখীয়া পৰিয়ালে ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই। নিজা জমা ধন থকা কমসংখ্যক পৰিয়ালেহে কেন্দ্ৰই এটা ঘৰৰ বাবে দিয়া ধনৰ লগত নিজা ধন যোগ কৰি নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। তথ্য অনুসৰি প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ১৬×১৮ ফুট দৈৰ্ঘ্যৰ এটা ঘৰ নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিয়ে ১,৫১,১৭০ টকাকৈ।আনহাতে ঘৰটো নিৰ্মাণৰ বাবে থাকে মাত্র ১,৩০,০০০ টকাহে।তাৰে ভিতৰত ২১,১৭০ টকা এম জি এনৰেগাৰ জবকাৰ্ডৰ নামত ধাৰ্য কৰা হয়। অর্থাৎ মিস্ত্ৰীৰ বাহিৰে ঘৰটো নিৰ্মাণৰ ক্ষেত্ৰত কৰিবলগীয়া কামখিনি জবকাৰ্ডৰ জৰিয়তে কৰা হয়। উক্ত কামখিনি কৰিবলৈ দিয়া হয়, যাৰ ঘৰ নিৰ্মাণ কৰিব সেই পৰিয়ালৰ লোককেই। বহু সময়ত জবকাৰ্ডৰ অধীনত ধাৰ্য কৰা ধনখিনি কিন্তু ঘৰ লাভ কৰা হিতাধিকাৰীয়ে নাপায়। উক্ত ধনখিনি বিডিঅ’, কনিষ্ঠ অভিযন্তা আৰু কম্পিউটাৰ অপাৰেটৰৰ মাজতেই ভাগ-বাটোৱাৰা হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷
গতিকে ৰাজ্যৰ গ্ৰামাঞ্চলৰ দিন ভিক্ষা প্ৰাণ ৰক্ষা নীতিত চলা অধিকাংশ হিতাধিকাৰীয়ে পি এম এ ৱাই ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে পঞ্চায়ত সমন্বয়কক দেখুৱাবলৈ ঘৰৰ সন্মুখভাগটো কোনোমতে সম্পূৰ্ণ কৰি পিচফালটো মুকলিকৈ ৰখা হয় বুলিওঁ অভিযোগ উত্থাপন হৈ আহিছে৷
মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আপোনাৰ বিভাগটোত প্ৰকৃতাৰ্থত কি চলিছে এবাৰ খবৰ লবলৈ সহাঁৰি হ’বনে আপোনাৰ?
আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত, কিমান গুৰুত্বসহকাৰে লব সেয়া সময়ত হ’ ব লক্ষণীয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি