Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:21 am

Home » গ্ৰন্থ উন্মোচন » ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰা গ্ৰন্থ-আলোচনীসমূহ সংৰক্ষণৰ হেতু প্ৰস্তুত কৰা www.assamarchive.org শীৰ্ষক ৱেবছাইট আনুষ্ঠানিকভাৱে উন্মোচন

ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰা গ্ৰন্থ-আলোচনীসমূহ সংৰক্ষণৰ হেতু প্ৰস্তুত কৰা www.assamarchive.org শীৰ্ষক ৱেবছাইট আনুষ্ঠানিকভাৱে উন্মোচন



আজি
জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ মাননীয়
মুখ্যমন্ত্ৰী ড
° হিমন্ত বিশ্ব শৰ্মাই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ অধীনত ৰাজ্যৰ
বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰা গ্ৰন্থ-আলোচনীসমূহ সংৰক্ষণৰ হেতু প্ৰস্তুত কৰা
www.assamarchive.org
শীৰ্ষক ৱেবছাইট
আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

ডিজিটাইজিং
অসম প্ৰকল্পৰ অধীনত ১৮১৩ চনৰ পৰা ১৯৭০ চনৰ ভিতৰৰ সকলো বিৰল অসমীয়া কিতাপ- আলোচনীক
ডিজিটাইজ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি পৃথিৱীৰ প্ৰতিটো অংশৰ পৰা সহজে উপলব্ধ
কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ প্ৰথম অংশ হিচাপে ১৮৪০-১৯৭০ চনৰ ভিতৰৰ সময়ছোৱা সামৰি
লোৱা আলোচনীৰ অংশটো সম্পূৰ্ণ কৰিছে৷ অৰুণোদয়ৰ পৰা বাঁহী বা আৱাহানৰ পৰা
ৰামধেনুলৈকে ১৬১খন আলোচনীৰ ৩০৭১টা সংখ্যাৰ ২
,৪৫,৬৮০খন পৃষ্ঠা ডিজিটাইজ কৰিছে৷ সম্পূৰ্ণ
বিনামূলীয়া এই ৱেবছাইটৰ জৰিয়তে সকলো শ্ৰেণীৰ পাঠকৰ অধ্যয়নৰ বাবে নন্দ তালুকদাৰ
ফাউণ্ডেশ্যনে অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ সহযোগত যি
পদক্ষেপ গ্ৰহণ কৰিছে সেয়া এক প্ৰশংসনীয় কৰ্ম বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে অভিহিত
কৰিছে। তদুপৰি অসমীয়া ভাষা-সাহিত্যিক ডিজিটেলি উপলব্ধ কৰাৰ বাবে নন্দ তালুকদাৰ
ফাউণ্ডেশ্যনৰ মাননীয় সচিব তথা বিশিষ্ঠ সাংবাদিক শ্ৰীমৃণাল তালুকদাৰৰ এই পদক্ষেপে
অসমীয়া সাহিত্য সম্ভাৰক সংৰক্ষিত কৰি জনসাধাৰণৰ বাবে এই সাহিত্যৰাজি সহজে উপলব্ধ
কৰি অধ্যয়নৰ সুযোগ প্ৰদানৰ লগতে ডিজিটেল মাধ্যমত অসমীয়া সাহিত্য সম্ভাৰৰ উপলব্ধতাই
ভৱিষ্যৎ প্ৰজন্মক অসমৰ বৌদ্ধিক জগতখনৰ চহকী ঐতিহ্যৰ সৈতে পৰিচিত কৰিব বুলি মাননীয়
মুখ্যমন্ত্ৰী মহোদয়ে আশা প্ৰকাশ কৰিছে।

ডিজিটেল
ডেস্ক ৰিপোৰ্ট- সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি