Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:27 pm

Home » সম্পাদকীয় » প্ৰসংগ জনসংখ্যাঃ বেকায়দায়ত ভাৰত, দুর্বল জনগোষ্ঠীৰ ওপৰতেই হ’ব নেকি জুলুম ?? – Mohibul Mondal

প্ৰসংগ জনসংখ্যাঃ বেকায়দায়ত ভাৰত, দুর্বল জনগোষ্ঠীৰ ওপৰতেই হ’ব নেকি জুলুম ?? – Mohibul Mondal

১৯৫০ চনত ভাৰতীয় মহিলাই গড়ে ৫.৭ টা সন্তান জন্ম দিছিল, এতিয়া তেওঁলোকে গড়ে দুটা সন্তান জন্ম দিছে। (বিবিচি’ৰ তথ্য মতে) কিন্তু এই হ্ৰাসৰ গতি হাৰ সম্প্ৰতি এটা পইণ্টত উপনীত হৈছে।
এছিয়াৰ বহু দেশ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰততকৈ অধিক সফল হৈছে। কোৰিয়া, মালয়েছিয়া, টাইৱান আৰু থাইলেণ্ডৰ বিষয়ে ক’ব পাৰি। ভাৰততকৈ বহু পিছত দেশসমূহে পৰিয়াল পৰিকল্পনা আঁচনি গ্ৰহণ কৰিছিল। কিন্তু ভাৰতৰ আগতেই তেওঁলোকে নিজৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ জনসংখ্যা এতিয়া চীনতকৈ অধিক হ’ল। সম্প্ৰতি ইয়াকে লৈ বিশেষজ্ঞ মহত বিভিন্ন চিন্তা- চৰ্চা চলিছে । ভাৰতৰ ওপৰত এতিয়া কি কি প্ৰভাৱ পৰিব?
উল্লেখ্য যে, ১৯৮৩ চনত চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১.১ শতাংশ। ইয়াৰ আগতে ১৯৭৩ চনত এই হাৰ আছিল ২ শতাংশ। অৰ্থাৎ মাত্ৰ ১০ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ আধালৈ হ্ৰাস পাইছে। বিশেষজ্ঞসকলে কয় যে, চীন চৰকাৰে মানৱ অধিকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি এই লক্ষ্যত উপনীত হৈছে। দেশখনে নিজৰ নাগৰিকক দেৰিকৈ বিয়া কৰাবলৈ বাধ্য কৰাইছে, আৰু এটা সন্তান জন্ম দিবলৈ বাধ্য কৰাইছে।
আনহাতে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ তুলনামূলকভাৱে উচ্চ আছিল—প্ৰায় ২ শতাংশ—যোৱা শতিকাৰ দ্বিতীয়াৰ্ধৰ বেছিভাগ সময়। লণ্ডন স্কুল অৱ ইকনমিক্সৰ জনগাঁথনিবিদ টিম ডাইছনৰ মতে এই জনসংখ্যা বৃদ্ধিৰ হাৰ এতিয়াও অধিক। কাৰণ, সময়ৰ লগে লগে দেশত মৃত্যুৰ হাৰ কমিছে, গড় বয়স আৰু আয় বৃদ্ধি পাইছে। একে সময়তে মহানগৰীত বসবাস কৰা লোকসকলে আধুনিক নলা-নৰ্দমা ব্যৱস্থা আৰু বিশুদ্ধ পানী লাভ কৰিছে।
জনসংখ্যা বৃদ্ধিৰ হাৰৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰে ১৯৫২ চনত পৰিয়াল পৰিকল্পনা আঁচনি আৰম্ভ কৰিছিল। তাৰ পিছত ১৯৭৬ চনত তেওঁলোকে ৰাষ্ট্ৰীয় জনসংখ্যা নীতি ৰূপায়ণ কৰে। যি সময়ত ভাৰতে জনসংখ্যাৰ কথা ভাবিবলৈ আৰম্ভ কৰিছিল, সেই সময়ত চীন জনসংখ্যা নিয়ন্ত্ৰণত ব্যস্ত আছিল। যাৰ ফল স্বৰূপে ভাৰত আজি জনসংখ্যাৰ দিশত প্ৰথম । লক্ষণীয় যে, বিশ্বৰ ২৫ বছৰৰ তলৰ প্ৰতি পাঁচজন লোকৰ ভিতৰত এজনে ভাৰতত বাস কৰে। অৰ্থাৎ ভাৰতৰ মুঠ জনসংখ্যাৰ ৪৭ শতাংশ লোকৰ বয়স ২৫ বছৰৰ তলৰ। আৰু দুই তৃতীয়াংশ ভাৰতীয়ৰ জন্ম হৈছিল যোৱা শতিকাৰ নব্বৈৰ দশকৰ আৰম্ভণিতে।
ভাৰতৰ এই বিশাল যুৱ জনসংখ্যাৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো দেশৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। ইয়াৰ বাহিৰেও মহিলাসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিব লাগে। কাৰণ, বৰ্তমান সময়ত জন্মৰ হাৰ তুলনামূলকভাৱে কম, গতিকে তেওঁলোকে সন্তান জন্ম দিবলৈ আৰু ডাঙৰ-দীঘল কৰিবলৈ কম সময় দিব লাগে। ফলত তেওঁলোকৰ আন কাম কৰাৰ সুযোগ বাঢ়িছে। কিন্তু ভাৰতৰ গৱেষণা প্ৰতিষ্ঠান চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি (চি এম আই ই)য়ে প্ৰদান কৰা তথ্য অনুসৰি ভাৰতৰ মাত্ৰ ১০ শতাংশ শ্ৰমিক মহিলাইহে যোৱা ২০২২ চনৰ অক্টোবৰ মাহত বিভিন্ন চাকৰিত আছিল। একে সময়তে চীনৰ ৬৯ শতাংশ শ্ৰমিক মহিলা বিভিন্ন বৃত্তিত জড়িত আছিল।
আন এটা সমস্যা হ’ল ভাৰতৰ প্ৰায় ২০ কোটি লোক এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰিছে। এই সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। ইয়াৰ এটা প্ৰধান কাৰণ হ’ল গাঁওসমূহত চাকৰিৰ অভাৱ আৰু কম মজুৰি। ফলস্বৰূপে কামৰ সন্ধানত গাঁৱৰ পৰা চহৰলৈ মানুহ স্থানান্তৰিত হৈছে। কেৰালাস্থিত গৱেষণা প্ৰতিষ্ঠান ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ মাইগ্ৰেচন এণ্ড ডেভেলপমেণ্টৰ বিশেষজ্ঞ এছ ইৰুদয়া ৰাজনৰ মতে, জনসংখ্যাৰ প্ৰব্ৰজনে চহৰত মানুহৰ সংখ্যা বৃদ্ধি কৰিছে। এতিয়া এই লোকসকলে মহানগৰীত মানক জীৱন যাপন কৰিব পাৰিবনে নাই সেয়া এটা ডাঙৰ প্ৰশ্ন। নহ’লে চহৰ অঞ্চলত বস্তিৰ সংখ্যা বৃদ্ধি পাব, ৰোগৰ প্ৰাদুৰ্ভাৱ হ’ব।
আমি লক্ষ্য কৰিছোঁ জনসংখ্যা বৃদ্ধিৰ বাবেই ভাৰতত হেনো বিকাশ হোৱা নাই বুলি বহু দিশত প্ৰশ্ন উত্থাপন হোৱা। সম্প্ৰতি সামাজিক মাধ্যমত তাৰেই উমান পোৱা যায় । জনসংখ্যা বৃদ্ধিৰ কাৰক হিচাপে বিশেষ জণগোষ্ঠিক টাৰ্গেট কৰাওঁ আমি বহু সময়ত দেখি আহিছো। এতিয়া প্ৰশ্ন হয় দুর্বল জনগোষ্ঠীৰ ওপৰত হ’ব পৰে নেকি জুলুম ?? ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ (এন এফ এইচ এছ ৪)ৰ শেহতীয়া ২০২২ চনৰ পৰিসংখ্যাই দেখুৱাইছে যে ভাৰতৰ গ্ৰাম্য অঞ্চলত মুঠ প্ৰজনন হাৰ (টি এফ আৰ) (অৰ্থাৎ প্ৰসৱ বয়সৰ মহিলা এগৰাকীয়ে জন্ম দিয়াৰ গড় সংখ্যা) ২.৪, আনহাতে… চহৰ অঞ্চলত হাৰ ১.৮। কেতিয়াও স্কুলত নপৰা মহিলাৰ ক্ষেত্ৰত এই হাৰ ৩.১, আৰু কমেও ১২ বছৰ শিক্ষা গ্ৰহণ কৰা মহিলাৰ ক্ষেত্ৰত ১.৭। আটাইতকৈ দৰিদ্ৰ ২০ শতাংশ মহিলাৰ বাবে টি এফ আৰ ৩.২, আটাইতকৈ ধনী ২০ শতাংশৰ বাবে ১.৫। অনুসূচিত জাতিৰ ক্ষেত্ৰত এই হাৰ ২.২৬ আৰু অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী বাদ দিলে এই হাৰ ১.৯৩।
অৰ্থাৎ ভাৰতে আজি যদি ‘দুটা শিশু নীতি’ৰ পথ অনুসৰণ কৰে তেন্তে ইয়াৰ মূল লক্ষ্য হ’ব গ্ৰাম্য জনসাধাৰণ, দুখীয়া, কম শিক্ষিত আৰু অতি সামাজিকভাৱে পিছপৰা শ্ৰেণী। উল্লেখ্য যে, ভাৰতত আৰ্থ-সামাজিকভাৱে মুছলমানসকল হিন্দুৰ পৰা পিছ পৰি থকাটো এটা প্ৰমাণিত সত্য। এই আৰ্থ-সামাজিক বাস্তৱতাক বাদ পেলাই মুছলমানসকলৰ ধৰ্মৰ বিষয়টো যদি আনিব লাগে তেন্তে সচাকৈয়ে জনগোষ্ঠীৰ ওপৰতেই হ’ব নেকি জুলুম ??
লক্ষণীয় যে, বিগত দিনত নেতাৰ মুখত আমি বহুত শুনিছো মুছলমান শৰণাৰ্থী শিবিৰবোৰ কেঁচুৱাৰ কাৰখানাত পৰিণত হৈছে। স্পষ্টভাৱে দেশৰ ওপৰত ‘দুটা সন্তানৰ নীতি’ জাপি দিলে দেশৰ আটাইতকৈ দুৰ্বল শ্ৰেণীবোৰ হ’ব— দুখীয়া, গ্ৰাম্য জনসাধাৰণ, কম শিক্ষিত, আৰু নিশ্চিতভাৱে মুছলমানসকল। ইয়াৰ লগে লগে বৃদ্ধি পাব অন্যায় শাস্তি আৰু ঘৃণামূলক ভাষণ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি