প্ৰসংগ জনসংখ্যাঃ বেকায়দায়ত ভাৰত, দুর্বল জনগোষ্ঠীৰ ওপৰতেই হ’ব নেকি জুলুম ?? – Mohibul Mondal
১৯৫০ চনত ভাৰতীয় মহিলাই গড়ে ৫.৭ টা সন্তান জন্ম দিছিল, এতিয়া তেওঁলোকে গড়ে দুটা সন্তান জন্ম দিছে। (বিবিচি’ৰ তথ্য মতে) কিন্তু এই হ্ৰাসৰ গতি হাৰ সম্প্ৰতি এটা পইণ্টত উপনীত হৈছে। এছিয়াৰ বহু দেশ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰততকৈ অধিক সফল হৈছে। কোৰিয়া, মালয়েছিয়া, টাইৱান আৰু থাইলেণ্ডৰ বিষয়ে ক’ব পাৰি। ভাৰততকৈ বহু পিছত দেশসমূহে পৰিয়াল পৰিকল্পনা আঁচনি গ্ৰহণ কৰিছিল। কিন্তু ভাৰতৰ আগতেই তেওঁলোকে নিজৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ জনসংখ্যা এতিয়া চীনতকৈ অধিক হ’ল। সম্প্ৰতি ইয়াকে লৈ বিশেষজ্ঞ মহত বিভিন্ন চিন্তা- চৰ্চা চলিছে । ভাৰতৰ ওপৰত এতিয়া কি কি প্ৰভাৱ পৰিব? উল্লেখ্য যে, ১৯৮৩ চনত চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১.১ শতাংশ। ইয়াৰ আগতে ১৯৭৩ চনত এই হাৰ আছিল ২ শতাংশ।