Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:45 pm

Home » দেশ-বিদেশ » আন্তঃৰাষ্ট্ৰীয় » Kashmir Files – পুনল এবাৰ চৰ্চালৈ আহিছে পুলৱামাৰ কাশ্মীৰ ফাইল

Kashmir Files – পুনল এবাৰ চৰ্চালৈ আহিছে পুলৱামাৰ কাশ্মীৰ ফাইল

পুনল এবাৰ চৰ্চালৈ আহিছে পুলৱামাৰ কাশ্মীৰ ফাইল। কিন্তু এইবাৰৰ কাশ্মীৰ ফাইল খুলিছে কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে। সত্যপাল মালিকৰ সত্য ফাইলে জোকাৰি গৈছে ৰাজনৈতিক মহলৰ লগতে দেশৰ সচেতন মহলকো। ৰাজনীতিত বহু কথা সাঁথৰ হৈ ৰৈ যায়। সাধাৰণ মানুহে যিবোৰ কথা জনাৰ কোনো সুযোগেই নাথাকে। কেতিয়াবা হে তেনে গোপন অধ্যায় উন্মোচিত হয়। ৰাজনীতিৰ খবৰ ৰখাসকলে সেই কথা জানে।
এতিয়া আহোঁ মূল বিষয়লৈ। সেয়া আছিল ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ কথা। সময় আবেলি পৰত পুলৱামা জিলাৰ লেথাপাৰাত সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ চলাইছিল চি আৰ পি এফৰ এটা বৃহৎ কনভয়ৰ ওপৰত। ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৭৮ খন গাড়ীৰে প্ৰায় ২৫০০ জন চি আৰ পি এফ জোৱান জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ আছিল ৭৬ নং বেটেলিয়েনৰ এই জোৱানসকল গৈ থকা এখন গাড়ীত আত্মঘাতী বোমাৰুৱে এখন সৰু গাড়ীৰে খুন্দা মাৰিছিল।
সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা গাড়ীখনৰ চালকৰ আসনত আছিল এজন ২২ বছৰীয়া কাশ্মীৰি যুৱক। নাম আদিল আহমেদ। প্ৰায় ৩০০ কেজি আৰ ডি এক্স গাড়ীত ভৰাই সেই আক্ৰমণ চলাইছিল।
আবেলি পৰত চলোৱা সেই ভয়ানক আক্ৰমণত মৃত্যু হৈছিল ৪০ জনকৈ চি আৰ পি এফৰ জোৱান। মৃতসকলৰ ভিতৰত অসমৰো এজন জোৱান আছিল। ইয়াৰ ওপৰিও উত্তৰ প্ৰদেশৰ ১২ জন, ৰাজস্থানৰ ৫ জন, পাঞ্জাৱৰ ৪ জন, বিহাৰৰ ২জন, উৰিষ্যাৰ ২ জন, উত্তৰাখণ্ডৰ ২ জন, মহাৰাষ্ট্ৰ ২জন, তামিলনাডুৰ ২জন, কৰ্ণাটকৰ ১জন, জম্মু-কাশ্মীৰৰ ১জন, ঝাৰখণ্ডৰ ১জন, হিমাচল প্ৰদেশৰ ১জন, মধ্যপ্ৰদেশৰ ১জন, আৰু কেৰালাৰ ১জন জোৱানৰ মৃত্যু ঘটিছিল।
সেই আক্ৰমণৰ পাছত সমগ্ৰ দেশতে শোকৰ বন্যা বৈছিল। চৰকাৰে পাকিস্তানলৈ আঙুলি তুলি দেশৰ শ্বহীদ জোৱানৰ মৃত্যুৰ পোটক আৰু উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি দেশবাসীক আৱেগিক কৰি তুলিছিল।
সেইসময়ত সন্মুখত আাছিল লোকসভা নিৰ্বাচন। মানুহে চৰকাৰে কোৱাৰ দৰেই জেইচ-ই-মহম্মদ সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ চলাইছিল বুলি ভাবিছিল। ভবা নাছিল সেইয়া যে চৰকাৰী পক্ষৰো দুৰ্বলতা আছিল। চৰকাৰৰ ভুলৰ বাবেই ৪০ জনকৈ সাহসী জোৱানে প্ৰাণ হেৰুৱাইছিল। কিছু দিনৰ পূৰ্বে কৰণ থাপৰৰ সৈতে এক সাক্ষাৎকাৰত বহিছিল সেই আক্ৰমণৰ সময়ত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকা সত্যপাল মালিক। সত্যপাল মালিকৰ আন এক পৰিচয় আছে। ২০১২ চনত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি আছিল। পৰৱৰ্তী সময়ত তেওঁক ৰাজ্যপাল হিচাপে সংস্থাপন দিয়া হৈছিল। ৰাজ্যসভাৰ সাংসদ হিচাপেও সত্যপাল মালিকে ১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ, ১৯৮৬ চনৰ পৰা ১৯৮৯ লৈ নিৰ্বাচিত হৈছিল। ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ লোকসভালৈ নিৰ্বাচিত হৈ গৈছিল। তেওঁক প্ৰথম বিহাৰৰ ৰাজ্যপাল হিচাপে ২০১৭ চনৰ ২৬ ছেপ্টেম্বৰত নিযুক্তি দিয়া হৈছিল। ২০১৮ৰ ২৩ আগষ্টত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া মালিক ২০১৯ চনৰ ৩ নৱেম্বৰত গোৱাৰ ৰাজ্যপাল আৰু ২০২০ চনৰ ১৮ আগষ্টৰ পৰা ২০২২ৰ ৩ অক্টোবৰলৈ মেঘালয়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল।
কৰণ থাপৰৰ সৈতে হোৱা সাক্ষাৎকাৰত পুলৱামা আক্ৰমণৰ কথা সোধা হৈছিল প্ৰাক্তন ৰাজ্যপাল গৰাকীক। তেওঁ কয় “১০-১৫ দিন ধৰি গাড়ীত আৰ ডি এক্স লৈ সন্ত্ৰাসবাদীয়ে ঘূৰি আছিল। সেই গাড়ী চোৰাংচোৱা, আৰক্ষী অথবা নিৰাপত্তাৰক্ষীয়ে ধৰা পেলাবই নোৱাৰিলে।” ইয়াতকৈ বিস্ফোৰক কথা প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে ব্যক্ত কৰিলে সেই সাক্ষাৎকাৰত। তেওঁ ক’লে, “ইমান বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী এঠাইৰ পৰা আন ঠাইলৈ যাবৰ বাবে জম্মু-কাশ্মীৰৰ দৰে ঠাইত স্থলপথ কেতিয়াও সুৰক্ষিত নহয়। গৃহ মন্ত্ৰ্যালয়ক মাত্ৰ ৫খন এয়াৰ ক্ৰাফ্ট সেই সেনা জোৱানসকলক স্থানান্তৰ কৰিবলৈ বিচৰা হৈছিল। কিন্তু সেই অনুমতি গৃহ মন্ত্ৰ্যালয়ে নিদিলে।”
আক্ৰমণৰ দিনা আবেলি তেওঁ প্ৰধানমন্ত্ৰীক ফোন কৰিছিল। প্ৰধানমন্ত্ৰী হেনো তেতিয়া কিবা ভিডিঅ শ্বুটিঙত ব্যস্ত আছিল। সন্ধিয়া যেতিয়া সত্যপাল মালিকক ফোন কৰিছিল তেওঁ প্ৰধানমন্ত্ৰীক মুকলিকৈ কৈছিল এইয়া আমাৰ ভুলৰ বাবে হৈছে। প্ৰধানমন্ত্ৰীয়ে তেতিয়া তেওঁক এই সন্দৰ্ভত কোনো মন্তব্য নকৰিবলৈ সকিয়াই দিছিল।
আনকি নিৰাপত্তাৰ উপদেষ্টা অজিত দোভালেও তেওঁক পুলৱামাৰ আক্ৰমণৰ সন্দৰ্ভত মন্তব্য নকৰিবলৈ অনুৰোধ জনাইছিল। দোভালৰ সৈতে তেওঁ একেলগে বহিছিল। তাৰ বিপৰীতে এই সমগ্ৰ কাণ্ডৰ দোষবোৰ চৰকাৰী পক্ষই ঢাকি ৰাখি পাকিস্তানক লৈ ব্লেম গেম খেলা বুলি মুকলিকৈ অভিযোগ কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল গৰাকীয়ে।
ৰাজ্যপাল গৰাকীয়ে কৰা এই স্বীকাৰোক্তিয়ে নিৰ্বাচনী কেন্দ্ৰিক লাভালাভৰ বাবে কি পৰ্যায়ত কোনো এক ঘটনাক কি ৰূপ দিয়া হয় সেই কথাই প্ৰমাণ কৰিলে। দেশবাসীক আৱেগিক কৰি নিৰ্বাচন জিকা সেই প্ৰৱণতাৰ বাবেই নেতাই কেনেদৰে ঘৰিয়ালৰ চকুপানী টুকে সেই কথাও পৰিস্ফুট হ’ল। সচাকৈয়ে সত্যপাল মালিকৰ কথা যদি সত্য তেন্তে সেই কাণ্ডৰ বাবে চৰকাৰী পক্ষও জগৰীয়া নহয় নে?
জম্মুৰ পৰা শ্ৰীনগৰলৈ যাওতে যি ঠাইত এই আক্ৰমণ চলিছিল তাত ৮-৯টা লিংক ৰোড আছে। নিৰাপত্তাৰ দৃষ্টিকোণেৰে সেই লিংকৰোড বোৰত নিৰাপত্তাৰক্ষী ৰখোৱাটো অতিকৈ প্ৰয়োজনীয় আছিল। কিন্তু তেনে ব্যৱস্থা কৰা হোৱা নাছিল।
বহুতে সত্যপাল মালিকৰ এই সাক্ষাৎকাৰৰ পাছত এই কথাবোৰে নতুন দিশ উন্মোচন কৰা বুলি মন্তব্য কৰিছে। দেশক ৰক্ষা কৰা সৈনিকৰ প্ৰাণক লৈ এনে খেলা কৰা উচিত হৈছে জানো বুলি সাধাৰণ লোকৰ হৃদয়ত প্ৰশ্নৰ অৱতাৰণা হৈছে।
কিন্তু এই ঘটনাকে আৱেগলৈ ৰূপান্তৰ কৰি ৰাজনৈতিক অভিসন্ধিৰে মানুহক আৱেগিক কৰি তোলা লোকসকলৰ প্ৰতি কোনো প্ৰশ্ন তুলিবলৈ সাহস কৰা নাই আৰু হয়তো সাহস কৰাৰ পৰিৱেশো এতিয়া নাই। এই সাক্ষাৎকাৰতে সত্যপাল মালিকে অভিযোগ কৰিছে এবাৰ তেওঁ ৰাষ্ট্ৰপতিক সাক্ষাতৰ বাবে অনুমতি লৈছিল। ৰাষ্ট্ৰপতি ভৱনলৈ গৈ থাকোতেই তেওঁলে ফোন আহিছিল। কোৱা হৈছিল ৰাষ্ট্ৰপতি আন কামত ব্যস্ত বাবে তেওঁক সাক্ষাৎ নকৰে। সত্যপাল মালিকৰ মতে ৰাষ্ট্ৰপতিয়ে কাক সাক্ষাৎ কৰিব সেই সাক্ষাৎকাৰীসকলৰ তালিকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অনুমোদিত হ’ব লাগে।
এইয়া ৰাজনীতিৰ জটিল কথা। সত্যপাল মালিকৰ এনে বিস্ফোৰণৰ পাছত এতিয়া চৰকাৰী পক্ষই, ন্যায়পালিকাই কি পদক্ষেপ লয় সেইয়া হব লক্ষণীয়। কিন্তু মানুহৰ মনত ৰৈ যাব সন্দেহৰ বহু অৱকাশ। আজিৰ তাৰিখত ক্ষমতাৰ বাবে ৰাজনীতিত সকলো সম্ভৱ। অসম্ভৱ একো নহয়। লাগে মাথোঁ ক্ষমতা, ধন আৰু সস্তীয়া জনপ্ৰিয়তা।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি