Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:26 am

Home » আঞ্চলিক » অসম » Barpeta Satra | বৰপেটা সত্ৰই ঘোষণা কৰি অহা বৰ্ষফল কিমান শুদ্ধ?

Barpeta Satra | বৰপেটা সত্ৰই ঘোষণা কৰি অহা বৰ্ষফল কিমান শুদ্ধ?

আপুনি ভৱিষ্যত বাণী কিমান বিশ্বাস কৰে? কিমান শুদ্ধ হয় পঞ্জিকাত উল্লেখ কৰা ভৱিষ্যত বাণী, নাইবা, বৰপেটা সত্ৰই ঘোষণা কৰি অহা বৰ্ষফল ?

হয়, প্ৰতি বছৰৰ দৰে এইবেলিও সত্ৰনগৰী বৰপেটাত সত্ৰীয়া ৰীতি–পৰম্পৰাৰে পালন কৰা ব’হাগৰ দোমাহীৰ বৰ দোমাহী উপলক্ষে সত্ৰীয়া পৰম্পৰা অনুসৰি বৰ্ষফল গণনা বা বিহু গণনা কৰা হয়৷ বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে প্ৰথমতে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত গুৰু আসনৰ পিচফালে সত্ৰীয়া প্ৰমুখ্যে ভকতৰ সন্মুখত বছৰটোৰ শুভাশুভ বিচাৰ কৰে৷ তাৰ পিছতে দৈৱজ্ঞই সত্ৰলৈ অহা ভক্ত বৈষ্ণৱৰ সন্মুখত মঠৰ চোতালত বৰ্ষফল গণনা পাঠ কৰে৷ ইয়াৰ পিচতে দৈৱজ্ঞই আই সকলৰ কাঠিত বৰ্ষফল গণনা পাঠ কৰে৷
বৰপেটা সত্ৰত দৈৱজ্ঞই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ষফল গণনা কৰে৷ ২০২১ চনৰ ১০ মে’ত ১২ বাজি ৫ মিনিটত ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ক্ষণ অনুসৰি কৰা গণনা মতে বৰ্তমান শুক্ৰৰ দশা চলি থকাৰ ফলত ২০২৬ চনৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা চলি থাকিব৷ ২০২৬ লৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শুভ দশা। বিগত বছৰতকৈ এই বছৰটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ হ’ব বুলিও বৰ্ষফল গণনাত উল্লেখ কৰা হয়৷ লগতে কোৱা হয়, এই বৰ্ষটো ৰাজ্য চৰকাৰৰ সফলতাৰ বৰ্ষ৷ শিক্ষা–সাহিত্য–সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ উন্নতিৰ যোগ৷পতন হ’ব বিৰোধীৰ৷ আনহাতে, ব্যৱসায়-বাণিজ্য, কৃষি ,আমদানি আৰু ৰপ্তানিৰ দিশত ৰাজ্য চৰকাৰ সফল হোৱাৰ যোগ৷ শিক্ষা, সাহিত্য, সংস্কৃতিৰ দিশত উন্নতিৰ কাৰক৷অৱশ্যে অসমৰ ক্ষেত্ৰত কৰ্কট ৰাশি অনুসৰি গুৰু চাণ্ডাল যোগৰ ফলত শত্ৰুবৃদ্ধি, মানহানি, অৰ্থনাশ আদি হ’ব পাৰে বাবে সাৱধানে থকাটো মংগলজনক৷
বৰপেটা সত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো বৰ্ষফল গণনা কৰা হয়৷ বৰ্ষফল গণনা কৰি দৈৱজ্ঞই কয় যে ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোদীৰ ২০২৭ চনৰ ৬ ডিচেম্বৰলৈ মংগলৰ দশা চলি থাকিব বাবে শুভফল লাভ কৰিব৷ বৈদেশিক ক্ষেত্ৰতো ভাৰতবৰ্ষই সুফল লাভ কৰিব৷ জন্মফল অনুসৰি পুনৰবাৰ মোদীৰ জয় হ’ব৷
উল্লেখযোগ্য যে বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা কৰা বিষয়টোৱে সমাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। একাংশই বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা অনুসৰি ২০২১ চনত পুনৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হব বুলি উল্লেখ কৰা বিষয়টিৰ এটি বাতৰি সামাজিক মাধ্যমত ভাইৰেল কৰি বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে। অৱশ্যে এই ক্ষেত্ৰত পৰি নাথাকিল অসমৰ বিশিষ্ট সাংবাদিক মনোজ গোস্বামী। জ্যেষ্ঠ সাংবাদিকজনে বৰপেটা সত্ৰৰ দৈৱজ্ঞৰ বৰ্ষফল গণনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্তি কৰি নিজৰ ফেচবুক পোষ্টত এনেদৰে উল্লেখ কৰে যে-
পহিলা বহাগত বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা কাৰবাৰটো বহুদিন ধৰি দেখি আহিছো। প্ৰধানমন্ত্ৰীৰ পৰা প্ৰফুল্ল মহন্ত, তৰুণ গগৈ,সৰ্বানন্দ সোনোৱাল, হিমন্তবিশ্ব শৰ্মা কাৰ কাৰ যে ভাগ্য বা ভৱিষ্যৎ গণনা কৰা নাই তেওঁলোকে। পিছে প্ৰতি বছৰেই এই গণনাত শাসকদলৰ স্তাৱকতা বা তোষামোদ কৰিবলৈ গৈ ভুল-ভাল ঘোষণা কৰে তথাকথিত দৈবজ্ঞসকলে। শেহতীয়াকৈ ঘোষণা কৰা মতে প্ৰধানমন্ত্ৰী মোদীৰ জন্মফল অনুসৰি ২০২৪ত পুনৰ জয় হব আৰু ২০২৭ চনৰ ৬ ডিচেম্বৰ লৈ মংগলৰ দশা চলি থকা বাবে শুভফল লাভ কৰিব। ইপিনে ২০২৬ৰ ৭ নৱেম্বৰলৈ হিমন্ত বিশ্ব শৰ্মাৰ অতি শুভ দশা। এইবছৰটো মুখ্যমন্ত্ৰীৰ বাবে সৰ্বশ্ৰেষ্ঠ বছৰ।বিৰোধী প্ৰসংগত দৈবজ্ঞসকলৰ ভবিষ্যতবানী অতি সৰল-বিৰোধীৰ পতন হব!
ভাগ্যক্ৰমে দৈবজ্ঞসকলৰ এইবোৰ ভবিষ্যতবানী ফলিয়াইনে নে নাই পাছত কোনেও বিশ্লেষণ নকৰে। মই গমি চাইছিলো, ইয়াৰ বেছি ভাগেই ভুল প্ৰমাণ হয়। পঞ্জিকাসমূহৰো একেই দশা। যেনে, লৰালৰিকৈ ভাল লগাবলৈ গৈ এইবাৰ তেওঁলোকে মোদীক পুনৰ ক্ষমতালৈ আনিলে, কিন্তু তাৰ তিনি/চাৰে তিনি বছৰৰ পাছতেই অৰ্থাত ২০২৭ চনৰ ৬ ডিচেম্বৰৰ পাছত মোদীৰ অশুভ ক্ষণ।অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদী বিপদত পৰিব। আকৌ ২০২৬ৰ ৭ নৱেম্বৰলৈ হিমন্তবিশ্ব শৰ্মাৰ অতি শুভ দশা, তাৰমানে পুনৰ ক্ষমতা লৈ আহিলে ছমাহ মানৰ ভিতৰতে হিমন্ত বিশ্বৰ বেয়া দশা হব।
বাস্তৱত এইবোৰ একো সচাঁ নহয়গৈ, চাই থাকক। এইসকল দৈৱজ্ঞতকৈ ময়েই সঠিক ৰাজনৈতিক ভৱিষ্যতবানী কৰিব পাৰিম।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি