Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:11 pm

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত বিজেপি মিত্রজোট চৰকাৰ

পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত বিজেপি মিত্রজোট চৰকাৰ

  • পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত বিজেপি মিত্রযোট চৰকাৰ
  • কৰ্ণাটকত ৪ শতাংশ মুছলমানৰ সংৰক্ষণ বাতিলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
বিধানসভা নিৰ্বাচনৰ ঠিক আগ মুহূর্তত কৰ্ণাটকত ৪ শতাংশ মুছলমানৰ সংৰক্ষণ বিলুপ্ত কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ এনে মন্তব্যই কৰ্ণাটকৰ বাসৱ ৰাজ বোমাই চৰকাৰক শলঠেকত পেলাইছে বুলি চৰ্চা লাভ কৰিছে।
উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সম্পূৰ্ণ ভুল ধাৰণাৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। কৰ্ণাটক চৰকাৰে ভোক্কালিগা আৰু লিংগায়তৰ বাবে দুই শতাংশকৈ সংৰক্ষণ বৃদ্ধি কৰাৰ বিপৰীতে অ বি ছি মুছলমানৰ বাবে থকা চাৰি শতাংশ সংৰক্ষণ বিলুপ্ত কৰাৰ সিদ্ধান্ত সঠিক নহয়। ইয়াৰ পিছত ৰাজ্য চৰকাৰে আদালতক আশ্বাস দি কয় যে পৰৱৰ্তী শুনানি লৈকে নতুন নীতিৰ ভিত্তিত কোনো ধৰণৰ নামভৰ্তি বা চাকৰি নিযুক্তিৰ ব্যৱস্থা কৰা নহ’ব। এই বিষয়ত আদালতে বোমাই চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে। পৰৱৰ্তী শুনানি মঙলবাৰে অনুষ্ঠিত হ’ব।
মন কৰিবলগীয়া যে শেহতীয়াকৈ কৰ্ণাটক চৰকাৰে চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত দুটা নতুন শ্ৰেণীৰ সংৰক্ষণৰ কথা ঘোষণা কৰি অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) মুছলমানসকলৰ বাবে দিয়া চাৰি শতাংশ কোটা বাতিল কৰিছে। অ’বিচি মুছলমানৰ বাবে চাৰি শতাংশ কোটা ভোক্কালিগা আৰু লিংগায়ত সম্প্ৰদায়ৰ মাজত বিভক্ত কৰা হৈছে। কেৱল এয়াই নহয়, সংৰক্ষণৰ বাবে যোগ্য মুছলমানসকলক অৰ্থনৈতিকভাৱে দুৰ্বল শাখাৰ অধীনত শ্ৰেণীভুক্ত কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া ইয়াত সংৰক্ষণৰ সীমা প্ৰায় ৫৭ শতাংশলৈ বৃদ্ধি পাইছে। বোমাই চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত উচ্চতম ন্যায়ালয়ে এই মন্তব্য প্ৰদান কৰে।
#SangbadPrahari #SupremeCourtofIndia #Karnataka #AssameseNews

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি