Weather Data Source: wetter Bangalore 14 tage

July 18, 2025 2:45 am

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » উত্তৰ প্ৰদেশ মানেই যেন অপৰাধীৰ ঘাটি

উত্তৰ প্ৰদেশ মানেই যেন অপৰাধীৰ ঘাটি

  • উত্তৰ প্ৰদেশ মানেই যেন অপৰাধীৰ ঘাটি
  • আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে প্ৰাক্তন সাংসদ আতিক আহমেদক
  • নীৰৱ আৰক্ষী-প্ৰশাসন

অপৰাধীৰ ৰম্যভূমি উত্তৰ প্ৰদেশত সংঘটিত হ’ল এইবাৰ এক লোমহৰ্ষক হত্যাকাণ্ড। আৰক্ষী-সংবাদ মাধ্যমৰ সন্মুখতেই গুলিয়াই হত্যা কৰা হ’ল অপৰাধ জগতৰ পৰা ৰাজনীতিলৈ অহা প্ৰাক্তন সাংসদ আতিক আদমেদ আৰু তেওঁৰ ভাতৃক। আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। তেনে সময়তেই সংবাদ মাধ্যমে গেংষ্টাৰ গৰাকীক প্ৰশ্ন কৰি থকাৰ মাজতেই সন্ত্ৰাসবাদীয়ে মূৰত গুলিয়াই হত্যা কৰে আতিক আৰু আশ্ৰফক।
উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চে আতিকৰ পুত্ৰ ১৯ বছৰীয়া আসাদ আহমেদক এনকাউন্টাৰ কৰাৰ ঠিক এদিন পিছতে এই ঘটনা সংঘটিত হৈছে। আতিক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে বাৰে বাৰে আদালতৰ পৰা সুৰক্ষা বিচাৰিছিল। তেওঁলোকে আদালতৰ ওচৰত অভিযোগ কৰিছিল যে তেওঁলোক ভাবুকিৰ সন্মুখীন হৈছিল। আতিকসকলে অভিযোগ কৰিছিল যে তেওঁলোকৰ জীৱন বিপদত আছে। উমেশ পাল হত্যাৰ অপৰাধত আৰক্ষীৰ জিম্মাত থকা আতিকে তেওঁৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। যোৱা মাহত, এখন আদালতে উমেশ পাল হত্যাকাণ্ডৰ গোচৰত আতিক আৰু আন দুজনক আজীৱন কাৰাদণ্ড ৰায় দিছিল। আতিকৰ ভায়েক আশ্ৰাফক নিৰ্দোষী সাব্যস্ত কৰা হৈছিল।
লক্ষণীয় যে, ঘটনাস্থলীত উপস্থিত আছিল ১৭ গৰাকীকৈ আৰক্ষী বিষয়া। কিন্তু গুলীচালনাৰ সময়ত আতিকক লৈ অনা এজন আৰক্ষীও চেষ্টা নকৰিলে হত্যাকাৰীবোৰক ৰখাবলৈ। বৰং সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাছতহে কৰায়ত্ত কৰা হয় সন্ত্ৰাসবাদী কেইজনক। দোষী সাব্যস্ত কৰা আৰু শাস্তি প্ৰদান কৰা হৈছে ন্যায়ালয়ৰ কাম। অপৰাধী হ’লেও সাধাৰণ জনতাই আইন হাতত তুলি ল’ব নোৱাৰে। তাৰ বাবে আছে আৰক্ষী-প্ৰশাসন। কিন্তু উত্তৰ প্ৰদেশত সংঘটিত এই ঘটনাই এতিয়া উত্তৰ প্ৰদেশত আৰক্ষীৰ কাৰ্যক্ষমতা আৰু দক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।
আনহাতে আতিক আৰু আশ্ৰাফৰ হত্যাক লৈ ‘গুৰুতৰ’ অভিযোগ উত্থাপন কৰি মূখ্যমন্ত্ৰী যোগীৰ পদত্যাগ দাবী কৰিছে বিএছপি প্ৰধান মায়াৱতীয়ে। এক টুইটযোগে মায়াৱতীয়ে কয়, “আৰক্ষীৰ সন্মুখত আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফৰ হত্যাই প্ৰমাণ কৰে যে উত্তৰ প্ৰদেশত আইনৰ কোনো শাসন নাই। ৰাজ্যখনত আইন-শৃংখলা খহি পৰিছে।” তেওঁ লগতে ঘটনাটোৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰীক্ষণ কৰি তদন্তৰ দাবী জনায়।
লগতে এখন সংবাদমেল সম্বোধন কৰি AIAMIMৰ নেতা তথা সাংসদ আসাদুদ্দিন ওৱাইচিয়ে কয়, “এই হত্যাকাণ্ডৰ ভাবে একমাত্ৰ মুখ্যমন্ত্ৰী দায়ী। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তৎক্ষণাৎ পদত্যাগ কৰা উচিত। এই গোটেই ঘটনাটোত যোগী চৰকাৰৰ ভূমিকা আছে। “উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে বন্দুকৰ গুলীৰে চৰকাৰ চলাই আছে। বিজেপি চৰকাৰে আইনত বিশ্বাস নকৰে। কালি সংঘটিত হোৱা হত্যাকাণ্ডটো এক সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল। শনিবাৰে নিশা এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত সমগ্ৰ উত্তৰ প্ৰদেশতে ১৪৪ ধাৰা জাৰি কৰা হৈছে। প্ৰয়াগৰাজ জিলাৰ য’ত হত্যাকাণ্ডটো সংঘটিত হৈছিল, আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।
ঘটনাটোৰ পৰিপ্ৰেক্ষিতত, প্ৰয়াগৰাজত 17 জন আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে। হত্যাৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাসগৃহৰ বাহিৰতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰয়াগৰাজ আৰক্ষীয়ে জনোৱা মতে সন্ত্ৰাসবাদী তিনিজনে সাংবাদিকৰ ৰূপ ধাৰণ কৰি আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফৰ ওপৰত গুলীচালনা কৰিছিল। ঘটনাটোৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে আৰু বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ঘটনাটোৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক আয়োগ গঠনৰ নিৰ্দেশ দিছে।
#SangbadPrahari #AssameseNews #UPNews #AtikMurderCase #YogiAdityaNath

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি