| |

ৰিণিকি ৰিণিকি, চৌদিশে ৰজনজনাইছে ৰিণিকিয়ে

ৰিণিকি ৰিণিকি, চৌদিশে ৰজনজনাইছে ৰিণিকিয়ে। বিহুগীতৰ ৰিণিকি ৰিণিকি কথাফাঁকিৰেই গঢ়িলে বিশ্ব অভিলেখ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শুনিলে ভাহি অহা ৰিণিকি ৰিণিকি সুৰ। এই ৰিণিকি ৰিণিকি কথাৰে বিৰচিত গীতফাকিৰে গৌৰৱান্বিত কৰিলে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়। অসমৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰল এই শব্দটি। অসম চৰকাৰৰ প্ৰচেষ্টাত এগৰাকী দূৰ্বাৰ কৰ্মস্পৃহাৰ অধিকাৰী তথা সুদক্ষ চতুৰ ৰাজনৈতিজ্ঞ হিচাপে পৰিচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ঋণত পোত যোৱা ৰাজকোষৰ শতকোটি ধন ব্যয় কৰি আজুৰি আনিলে এই বিশ্ব অভিলেখ। বিশ্ব অভিলেখৰ আনন্দই উফন্দি উঠিছে প্ৰতিগৰাকী অসমীয়াৰ গা-মন। গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১২ সহস্ৰাধিক শিল্পীৰ ঢোল পেপা গগনাৰ সমাহাৰেৰে বিহুৱতীয়ে ককাল ভাঙি নাচি বাগি গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত যি স্থান দখল কৰিলে

| | |

উত্তৰ প্ৰদেশ মানেই যেন অপৰাধীৰ ঘাটি

উত্তৰ প্ৰদেশ মানেই যেন অপৰাধীৰ ঘাটি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে প্ৰাক্তন সাংসদ আতিক আহমেদক নীৰৱ আৰক্ষী-প্ৰশাসন অপৰাধীৰ ৰম্যভূমি উত্তৰ প্ৰদেশত সংঘটিত হ’ল এইবাৰ এক লোমহৰ্ষক হত্যাকাণ্ড। আৰক্ষী-সংবাদ মাধ্যমৰ সন্মুখতেই গুলিয়াই হত্যা কৰা হ’ল অপৰাধ জগতৰ পৰা ৰাজনীতিলৈ অহা প্ৰাক্তন সাংসদ আতিক আদমেদ আৰু তেওঁৰ ভাতৃক। আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। তেনে সময়তেই সংবাদ মাধ্যমে গেংষ্টাৰ গৰাকীক প্ৰশ্ন কৰি থকাৰ মাজতেই সন্ত্ৰাসবাদীয়ে মূৰত গুলিয়াই হত্যা কৰে আতিক আৰু আশ্ৰফক। উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চে আতিকৰ পুত্ৰ ১৯ বছৰীয়া আসাদ আহমেদক এনকাউন্টাৰ কৰাৰ ঠিক এদিন পিছতে এই ঘটনা সংঘটিত হৈছে। আতিক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে বাৰে বাৰে আদালতৰ পৰা সুৰক্ষা

| | |

পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত বিজেপি মিত্রজোট চৰকাৰ

পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত বিজেপি মিত্রযোট চৰকাৰ কৰ্ণাটকত ৪ শতাংশ মুছলমানৰ সংৰক্ষণ বাতিলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা বিধানসভা নিৰ্বাচনৰ ঠিক আগ মুহূর্তত কৰ্ণাটকত ৪ শতাংশ মুছলমানৰ সংৰক্ষণ বিলুপ্ত কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ এনে মন্তব্যই কৰ্ণাটকৰ বাসৱ ৰাজ বোমাই চৰকাৰক শলঠেকত পেলাইছে বুলি চৰ্চা লাভ কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সম্পূৰ্ণ ভুল ধাৰণাৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। কৰ্ণাটক চৰকাৰে ভোক্কালিগা আৰু লিংগায়তৰ বাবে দুই শতাংশকৈ সংৰক্ষণ বৃদ্ধি কৰাৰ বিপৰীতে অ বি ছি মুছলমানৰ বাবে থকা চাৰি শতাংশ সংৰক্ষণ বিলুপ্ত কৰাৰ সিদ্ধান্ত সঠিক নহয়। ইয়াৰ পিছত ৰাজ্য চৰকাৰে আদালতক আশ্বাস দি কয় যে পৰৱৰ্তী শুনানি লৈকে নতুন নীতিৰ