Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:58 pm

Home » আঞ্চলিক » জোনবিল মেলা | Jonbeel Mela | Sangbad Prahari

জোনবিল মেলা | Jonbeel Mela | Sangbad Prahari

অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ’ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়। এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা। জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-গৱেষকসকলে মত পোষণ কৰিছে। গোভাৰজা হৈছে ইয়াৰ জন্মদাতা। জোনবিল মেলাৰ ব্যুৎপত্তিগত অৰ্থ বিচাৰি গ’লে কিছুমান জনশ্ৰুতি লোকসমাজৰ মুখত প্ৰচলিত হৈ অহা শুনিবলৈ পোৱা যায়। গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল। বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি জিলিকি উঠিছিল। তাকে দেখি ৰজা-ৰাণীৰ মনত আনন্দ লাগিছিল আৰু তেতিয়াই ৰজাই ৰাণীক কৈছিল, ‘হেবে ছনাই পিল হঙদ’ অৰ্থাৎ এইখন জোনটোৰ দৰে বিল। তিৱা ভাষাত ‘ছনাই’ মানে হৈছে জোন, এই ছনাই পিলৰ পৰাই কালক্ৰমত অপভ্ৰংশ হৈ ছনাই পিল, জনাই পিল, জোনবিল হোৱা বুলি কোৱাৰ থল আছে। ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে এই বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে, সেই বাবেও হয়টো ইয়াৰ নাম জোনবিল হ’ব পাৰে।
জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়। সপ্তাহটোৰ মঙ্গল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুকুৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয়। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক ‘ৰজা মাছ’ মৰা বুলি কয়। সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সৈতে সকলোৱে মিলিজুলি ভোজভাত খায়। ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে। মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা-পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান-প্ৰদান কৰি থকা প্ৰথা দেখা যায়। পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্য শস্য, কৃষি সামগ্ৰী যেনে- কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা, লা, শালধূনা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে। এই মেলাত খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে। সকলোৱে নিজ নিজ দ্ৰব্য হোৰাত ভৰাই লয় আৰু মেলাত থাকিবৰ বাবে বিভিন্ন সা-সঁজুলি লৈ আহে। বিনিময় প্ৰথা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সেই ঠাইৰ ওচৰতে কুকুৰা যুঁজ আৰম্ভ কৰা হয়। আনহাতে গোটেই মেলাখন পৰিচালনা কৰিবৰ বাবে একোখন পৰিচালনা সমিতি থাকে। এই উদ্‌যাপন সমিতিয়ে যাৱতীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰি দিয়ে।
প্ৰতিবছৰৰ দৰে এইবেলিও বৃহস্পতিবাৰৰ পৰা তিনিদনীয়াকৈ অনুষ্ঠিত হোৱা জাগীৰোডৰ জোন বিল মেলা উপলক্ষে পুৱাতে আৰাম্ভ কৰে গোভাদেওঁ ৰজা চাৰিভাই দেওঁশাল শিৱথানত মাংগলিক নীতি নিয়ম। জোনবিল মেলাস্থলীত উপস্থিত আছে আমাৰ সংবাদদাতা ৰঞ্জু আমছি। ৰঞ্জু আমছিয়ে আমালৈ প্ৰেৰণ কৰা দৃশ্যসমূহ আমি দেখুৱাই যাম্, লগতে শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি সমগ্ৰ নীতি নিয়ম সমাপন কৰি পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মহা মিলনৰ ঐতিহাসিক জোনবিল মেলাৰ শুভাৰম্ভ কৰে। পাহাৰৰ পৰা নামি আহিল মেতমৰা সম্ভাৰ লৈ মামা মামী সকল৷ ৰাতিপুৱা চাৰিভাই দেওশাল শিৱ মন্দিৰত মাংগলিক পূজা অৰ্চনা কৰাৰ পিছতে গোভা ৰজা দীপচিং দেও ৰজাই পতাকা উত্তোলন কৰি জোনবিল মেলা শুভাৰম্ভ কৰে৷ তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লালচিং মাদাৰে বন্তি প্ৰজ্বলন কৰে৷ বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বাঘজাপ গাওঁ পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰী৷ আৰম্ভণি অনুস্থানত তিৱা নৃত্য প্ৰদৰ্শন কৰে তিৱা কৃষ্টি দলে৷ উল্লেখ্য যে তিনিদিনীয়াকৈ অনুস্থিত হোৱা জোনবিল মেলাত শুক্ৰবাৰে অনুষ্ঠিত হয় বিনিময় প্ৰথা৷ ঐতিহাসিক জোনবিল মেলাস্হলিত অচল মুদ্ৰা প্ৰচলন। ফলত পাহাৰৰ পৰা ভৈয়ামলৈ অহা হাজাৰ হাজাৰ মামা-মামীসকলৰ মাজত প্ৰচলন হল বিনিময় প্ৰথা। শুকুৰবাৰে ৫ বজাৰ পৰা আৰম্ভ হয় জোনবিল মেলা স্হলিত বিনিময় প্ৰথা। ঐতিহাসিক গোভা দেওৰজা জোনবিল মেলা বিনিময় প্ৰথালৈ হিম চেঁচা শীতকো নেওচি হাজাৰ হাজাৰ লোকৰ সমাগমত পুৱা ৫ বজাৰ পৰা বন্ধ হল মুদ্ৰা প্ৰচলন। ইপিনে ঐতিহাসিক জোনবিলত ইতিমধ্যে মৎস্য চিকাৰ কৰা কাৰ্য বহু উৎসাহ উদ্দীপনাৰে সমাপন হয় অসংখ্য লোকৰ উপস্থিতিৰে। মেলাৰ লগত সংগতি ৰাখি এখন কুকুৰা যুঁজ খেলৰো মেলা স্হলীত আয়োজন কৰা হয়।
পাহাৰীয়া মামা-মামীসকলৰ সমান্তৰালকৈ শুকুৰবাৰে জোনবিল মেলাত উপস্থিত হয় ৰাজনীতিবিদসকলেও। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোনবিল মেলা উপস্থিত হৈ দীঘলীয়া ভাষণ প্ৰদান কৰাৰ লগতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱন চন্দ্ৰ কোৱৰেও অংশগ্ৰহণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি