|

অর্ণমাই বৰাৰ কন্যাই আজিও নাপালে চাকৰি

· প্ৰতিশ্ৰুতি অসাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ · অর্ণমাই বৰাৰ কন্যাই আজিও নাপালে চাকৰি · দিছপুৰতে পৰি আছে চাকৰিৰ ফাইল অপৰাধীয়ে মৃত্যুদণ্ডৰ পৰিবৰ্তে মাত্র তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তিহে লাভ কৰাৰ পিচত সর্বত্র এতিয়া উত্থাপন হৈছে প্ৰশ্ন শিক্ষয়িত্রী অর্ণমাই বৰাৰ পৰিয়ালে ন্যায় পাব কেতিয়া? আৰক্ষীৰ চৰম গাফিলতিৰ পৰিণতিত অর্ণমাই বৰাৰ ধর্ষণ, হত্যাৰ গোচৰত শাস্তি লাঘৱ হ’ল অপৰাধীৰ। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিচতে এতিয়া পত্নীৰ হত্যাৰ ন্যায় বিচাৰি হাহাকাৰ কৰিছে স্বামী বিমল বৰাকে ধৰি অন্যান্য আত্মীয়-স্বজনে। কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। প্রতিশ্রুতি অনুসৰি আজিও চৰকাৰী চাকৰি নাপালে প্রয়াত অর্ণমাই বৰাৰ জীয়ৰীয়ে। ২০১৭ চনত বিদ্যালয়ৰ পৰা উভতি আহোতেই অর্ণমাই বৰাক ধৰ্ষণ, হত্যা কৰা ঘটনাই সেই সময়ত চাঞ্চল্যৰ সৃষ্টি