Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:29 pm

Home » সম্পাদকীয় » অর্ণমাই বৰাৰ হত্যা-ধৰ্ষণ কাণ্ড- কি ৰায় প্ৰদান প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

অর্ণমাই বৰাৰ হত্যা-ধৰ্ষণ কাণ্ড- কি ৰায় প্ৰদান প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

  • · অর্ণমাই বৰাৰ হত্যা-ধৰ্ষণ কাণ্ড- কি ৰায় প্ৰদান প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
  • · মইনুল হকক নিম্ন আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায়ৰ বিপৰীতে হাইক’ৰ্টে দিলে তিনি বছৰৰহে কাৰাদণ্ড
  • · অর্ণমাই বৰাৰ শৰীৰত থকা দাঁতৰ দাগ আছিল কাৰ ফৰেনছিক পৰীক্ষাই নকৰিলে আৰক্ষীয়ে
ৰাজ্য কঁপোৱা অর্ণমাই বৰাৰ হত্যাকাণ্ডৰ কথা নিশ্চয় আপুনি পাহৰি যোৱা নাই। ৰাজ্যৰ সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি দল-সংগঠনেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল। ৰাজনীতিবিদসকলে অৰ্ণমাই বৰাৰ হত্যাকাণ্ডক ধৰ্মীয় মেৰুকৰণৰ ৰূপ দি নিৰ্বাচনী বৈতৰণীও পাৰ কৰিছিল। এক কথাত নিৰ্বাচনী বতৰত আৰ্ণমাই বৰাৰ হত্যাকাণ্ডক ধৰ্মীয় সংখ্যালঘু লোকে ধৰ্ষণ কৰা বুলি অভিযোগ কৰি নিৰ্বাচনী ইছ্যুৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাৰ সমগ্ৰ শক্তি খটুৱাই উচ্চ স্বৰে ভাষণ প্ৰদান কৰিছিল। শুনাই লৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই ভাষণ…

পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দল-সংগঠন আৰু সংবাদ মাধ্যমে তেতিয়া উল্লেখ কৰা ধৰণে সচাকৈ অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। কি ৰায় প্ৰদান প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মইনুল হকক নিম্ন আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায়ৰ বিপৰীতে হাইক’ৰ্টে দিলে তিনি বছৰৰহে কাৰাদণ্ড অর্ণমাই বৰাৰ শৰীৰত থকা দাঁতৰ দাগ আছিল কাৰ ফৰেনছিক পৰীক্ষাই নকৰিলে আৰক্ষীয়ে
হোজাই যমুনামুখৰ শিক্ষয়িত্ৰী অর্ণমাই বৰাক মনত আছেনে? সেই যে বিদ্যালয়ৰ পৰা উভতি আহোতেই ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা দুৰ্ভগীয়া শিক্ষয়িত্ৰীগৰাকী। পাঁচ বছৰ পূৰ্বে সংঘটিত হোৱা এই অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাই সেই সময়ত ৰাজ্যজুৰি সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। আনকি বিজেপি দলৰ নেতাৰ নিৰ্বাচনী সভাৰ অন্যতম ৰাজনৈতিক শ’গান আছিল অর্ণমাই বৰাৰ হত্যাকাণ্ড। সেই শিক্ষয়িত্ৰীগৰাকীৰ ধৰ্ষণ-হত্যাৰ গোচৰত মৃত্যুদণ্ডৰ পৰা ৰেহাই পালে মইনুল হক নামৰ এজন আচামীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অর্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ গোচৰত মইনুল হকক মৃত্যুদণ্ডৰ পৰা ৰেহাই দি তিনি বছৰৰ কাৰাদণ্ড বিহে। অৱশ্যে আন এজন আচামী ছেলিম উদ্দিনক নিম্ন আদালতে বিহা যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়কে বাহাল ৰাখে উচ্চ ন্যায়ালয়ে। ২০১৭ চনৰ ৩১ মে’ত চংজুৰাই ইলাচী এল পি স্কুলৰ পৰা কৰ্তব্য সম্পাদন কৰি উভতি আহোতেই ধৰ্ষণ আৰু হত্যাৰ বলি হৈছিল অর্ণমাই বৰা। পিচত তেওঁৰ মৃতদেহ কপিলী নদীত উদ্ধাৰ হয়। এই ঘটনা সন্দৰ্ভত যমুনামুখ থানাত ৰুজু হয় ৫২/২০১৭ নম্বৰত এক গোচৰ। এই গোচৰৰে তদন্ত চলাই আৰক্ষীয়ে মইনুল হক আৰু ছেলিম উদ্দিন নামৰ দুজনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী পৰ্যায়ত মইনুল হক আৰু ছেলিম উদ্দিনক ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪, ২০১/৩৪, ৩৭৬ A/৩৪ ৩৪ ধাৰাত অভিযুক্ত কৰি আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে। ইয়াৰ আধাৰত আদালতত আৰম্ভ হয় বিচাৰ প্ৰক্ৰিয়া। এনেদৰে নিম্ন আদালতে ভিন্ন সাক্ষী-বাদীৰ ভাষ্য গ্রহণ কৰাৰ অন্তত মইনুল হকক মৃত্যুদণ্ড আৰু ছেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড বিহে। নিম্ন আদালতৰ এই ৰায়কে নিয়ম অনুসৰি কাৰাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা উচ্চ ন্যায়ালয়ত আপীল কৰা হয়। এই আপীলৰ শুনানি কালতে ওলাই পৰে অর্ণমাই বৰাৰ ধৰ্ষণ, হত্যাৰ গোচৰৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ স্বৰূপ। কিয়নো শিক্ষয়িত্রী অর্ণমাই বৰাৰ শৰীৰত দেখা পোৱা গৈছিল দাঁতৰ দাগ। কিন্তু বৰাৰ শৰীৰত কেনেকৈ দাঁতৰ দাগ বহিল আৰু এই দাঁতৰ দাগ কাৰ আছিল সেয়া কোনো তদন্তই নকৰিলে স্মাৰ্ট আৰক্ষীয়ে। এই দাঁতৰ দাগৰ ফৰেনছিক পৰীক্ষাৰ জৰিয়তে অভিযুক্তৰ শাস্তি নিশ্চিত কৰাৰ বাবে আৰক্ষীৰ হাতত আছিল পৰ্যাপ্ত সুযোগ। কিন্তু আৰক্ষীয়ে দায়িত্বজ্ঞানহীনভাৱে সেই পৰীক্ষাৰপৰা বিৰত থাকিল। শুনানিকালত আদালতৰ বন্ধু (এমিকাছ কিউবী) হিচাপে প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰেও এই দিশটো আঙুলিয়াই দিয়ে যে অর্ণমাই বৰাৰ শৰীৰত থকা দাগ কাৰ সেয়া নিশ্চিত কৰাৰ বাবে মইনুলৰ ‘অডণ্ট’লজি’ পৰীক্ষা কৰাটো জৰুৰী আছিল। কিন্তু সেয়া কৰা নহ’ল। তদুপৰি অর্ণমাই বৰাৰ হত্যাৰ সময়ত মইনুল ঘটনাস্থলীত উপস্থিত আছিল নে নাই তাকো সঠিক তথ্য-প্রমাণ আৰক্ষীয়ে তদন্ত কালত উদ্‌ঘাটন কৰিব নোৱাৰিলে। একেদৰে হত্যাৰ পূৰ্বে অর্ণমাই বৰাক যে ধর্ষণ, কৰা হৈছিল তাৰো কোনো প্ৰমাণ নহ’ল। উচ্চ ন্যায়ালয়ৰ মজিয়াত এনেদৰে আদালতে সকলো দিশ পৰীক্ষা কৰি মইনুলক মৃত্যুদণ্ডৰ পৰা ৰেহাই দি ৩ বছৰৰ কাৰাদণ্ড বিহে। অৱশ্যে ছেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে উচ্চ ন্যায়ালয়ে। শুনানি কালত এমিকাছ কিউৰী হিচাপে পাৰভেজ কে মুনিব আৰু এছ কানাংগুৱেও আদালতক সহায় কৰে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে অর্ণমাই বৰাৰ স্বামী বিমল বৰাই। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো পূর্বে নির্বাচনী সভাত অর্ণমাই বৰাৰ ধৰ্ষণ, হত্যাৰ গোচৰ প্ৰসংগ উত্থাপন কৰা দেখা পোৱা গৈছিল। এনে এটা ৰাজ্য কঁপোৱা গোচৰতে আচামীৰ শাস্তি লাঘৱ হোৱাটোৱে স্বাভাৱিকতেই আৰক্ষীৰ তদন্তৰ দক্ষতাৰ ক্ষেত্ৰত, পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি