অর্ণমাই বৰাৰ হত্যা-ধৰ্ষণ কাণ্ড- কি ৰায় প্ৰদান প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
· অর্ণমাই বৰাৰ হত্যা-ধৰ্ষণ কাণ্ড- কি ৰায় প্ৰদান প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে · মইনুল হকক নিম্ন আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায়ৰ বিপৰীতে হাইক’ৰ্টে দিলে তিনি বছৰৰহে কাৰাদণ্ড · অর্ণমাই বৰাৰ শৰীৰত থকা দাঁতৰ দাগ আছিল কাৰ ফৰেনছিক পৰীক্ষাই নকৰিলে আৰক্ষীয়ে ৰাজ্য কঁপোৱা অর্ণমাই বৰাৰ হত্যাকাণ্ডৰ কথা নিশ্চয় আপুনি পাহৰি যোৱা নাই। ৰাজ্যৰ সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি দল-সংগঠনেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল। ৰাজনীতিবিদসকলে অৰ্ণমাই বৰাৰ হত্যাকাণ্ডক ধৰ্মীয় মেৰুকৰণৰ ৰূপ দি নিৰ্বাচনী বৈতৰণীও পাৰ কৰিছিল। এক কথাত নিৰ্বাচনী বতৰত আৰ্ণমাই বৰাৰ হত্যাকাণ্ডক ধৰ্মীয় সংখ্যালঘু লোকে ধৰ্ষণ কৰা বুলি অভিযোগ কৰি নিৰ্বাচনী ইছ্যুৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাৰ সমগ্ৰ শক্তি খটুৱাই উচ্চ স্বৰে ভাষণ প্ৰদান কৰিছিল। শুনাই