কোনো চৰকাৰী আঁচনিয়েই ঢুকি নোপোৱা স্বাধীন ভাৰতৰ এখন বিশেষ গাঁও || Cachar
যি সময় দেশে স্বাধীনতাৰ অমৃত মহোৎসব উদযাপন কৰিবলৈ লৈছে তেনে সময়ত এইখন অসমৰে এখন গাঁৱৰ দৃশ্য দেকিলে আপোনাকো ভাবিবলৈ বাধ্য কৰাব। যেন গাঁওখন কোনো স্বাধীন দেশৰ গাঁও নহয়, এক পৰাধীন দেশত বসবাস কৰিছে গাঁওবাসীয়ে। হয়, ঠিকেই শুনিছে, কাছাৰৰ বৰখলা সমষ্টিৰ মাছুঘাট গাঁও পঞ্চায়তৰ দূধপাতিল লেঞ্জৰটিলা গাঁৱৰ দৃশ্য এয়া। ৰাস্তাঘাট, খোৱাপানী, স্বাস্থ্য পৰিসেৱাসহ কোনো চৰকাৰী সুযোগ সুবিধা নথকাৰ বাবে যেন মৰণ যন্ত্ৰনাত ভূগীবলগীয়া হৈছে গাঁওবাসীয়ে। খাল, বিলৰ পানী ব্যাৱহাৰ কৰিয়েই জীয়াই থাকিবলগীয়া হৈছে গাঁওবাসী। জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰি দিয়া কুৱাতো বাহ পাতি লৈছে পোক-ভেকুলীয়ে। চাৰিফালে খাল-বিল আৰু জংঘলেৰে আৱৰি ধৰিছে এই গাঁওখন। নাই কোনো সুচল ৰাস্তা-ঘাট। তাৰে মাজতে পকী দলং এখনৰ নিৰ্মাণৰ কাম আজিও অৰ্ধনিৰ্মিত অবস্হাতে পৰি আছে। বাৰিষা আহিলেই