Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:32 pm

Home » সম্পাদকীয় » Opinion || মেট্ৰিক পৰীক্ষাৰ নামত মাচুল সংগ্ৰহ কৰাটো আপুনি সমৰ্থন কৰেনে?

Opinion || মেট্ৰিক পৰীক্ষাৰ নামত মাচুল সংগ্ৰহ কৰাটো আপুনি সমৰ্থন কৰেনে?

আজিৰ প্ৰতিবেদনৰ পাতনিয়ে জনাব বিচাৰিছো যে পৰীক্ষাৰ নামত চৰকাৰে মাচুল সংগ্ৰহ কৰা বিষয়টোৰ ক্ষেত্ৰত আপোনাৰ মতামত কি। যদিহে আপুনি পৰীক্ষাৰ নামত মাচুল সংগ্ৰহৰ বিপক্ষত। তেন্তে আমাৰ এই প্ৰতিবেদন শ্বেয়াৰ কৰাৰ লগতে নিজৰ মতামত দাঙি ধৰি এক জনমত সৃষ্টি কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্নপৰ হও।
আজিৰ এই প্ৰতিবেদন আগবঢ়োৱাৰ মূল কাৰণটো হৈছে- ২০২৩ বৰ্ষত অনুষ্ঠিত হবলগীয়া হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ বাবে ছেবাই সূচী প্ৰকাশ কৰিছে। অসম মাধ্যমিক শিক্ষা পৰিষদে চমুকৈ ছেবাই এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ সূচী প্ৰকাশ কৰিছে। ছেবাৰ জননী অনুসৰি বিদ্যালয়সমূহে অহা ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। অনলাইন পৰীক্ষা পৰ্টেল Sebaregistration.inত প্ৰ-পত্ৰ পূৰণৰ অন্তত ১৫ ডিচেম্বৰৰ ভিতৰত পৰীক্ষার্থীৰ পৰা সংগৃহীত পৰীক্ষা মাচুলৰ চালান বিদ্যালয়সমূহে, জেনেৰেট কৰিব লাগিব। সেইদৰে ২০ ডিচেম্বৰৰ ভিতৰত বিদ্যালয়সমূহে সংগ্ৰহ কৰা ধন এপেক্স বেংকত জমা কৰিব লাগিব। একেদৰে পৰীক্ষাৰ্থীৰ সবিশেষ তালিকা সংশোধনৰ অন্তিম তাৰিখ ধার্য কৰা হৈছে ২২ ডিচেম্বৰ। অনলাইন পৰীক্ষা প’ৰ্টেলৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড নৱম শ্রেণী পঞ্জীয়ন প’ৰ্টেলৰ সৈতে একে। অৱশ্যে কোনো পৰিস্থিতিত ইউজাৰ আই ডি অথবা পাছৱৰ্ড হেৰালে সংশ্লিষ্ট জিলাত থকা ছেবাৰ মাণ্ডলিক কার্যালয়ৰ সদস্য-সচিবৰ সৈতে যোগাযোগ কৰিব পাৰিব। ২০১৫ চনৰ পৰা ২০২১ বৰ্ষৰ ভিতৰত যিসকল ছাত্র-ছাত্রীয়ে পঞ্জীয়ন কৰিছিল, তেওঁলোকৰ বাবে অনলাইন পৰীক্ষা প’ৰ্টেল উপলব্ধ হ’ব। ২০১৫ বৰ্ষৰ আগৰ পঞ্জীয়নভুক্ত শিক্ষার্থীয়ে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত অফলাইনত আবেদন কৰিব লাগিব।
মন কৰিবলগীয়া কথাটো হল যে ২০২৩ বৰ্ষৰ উক্ত পৰীক্ষাৰ বাবে মাচুল নির্ধাৰণ কৰি দিছে ছেবাই। সেই অনুসৰি পৰীক্ষা মাচুল ৭০০ টকা, ব্যৱহাৰিক পৰীক্ষা মাচুল ১৫০ টকা, কেন্দ্র মাচুল ৩৫০ টকা আৰু বার্ষিক স্বীকৃতি মাচুল ১০০০ টকাসহ মুঠ ২,২০০ টকা আদায় দিব লাগিব। অৱশ্যে চৰকাৰী, প্ৰাদেশীকৃত আৰু স্বীকৃত ভেন্সাৰ স্কুলত অধ্যয়নৰত শিক্ষার্থীৰ অভিভাৱকৰ বার্ষিক আয় ২ লাখ টকা বা তাতকৈ কম হলে সেইসকল পৰীক্ষাৰ্থীৰ মাচুল পৰিশোধক ৰেহাই দিয়া হৈছে। কিন্তু এই ৰেহাই পাবলৈ শিক্ষার্থীসকল ২০২০ আৰু ২০২১ বৰ্ষত নৱম শ্ৰেণীত পঞ্জীয়ন কৰা হ’ব লাগিব।
এতিয়া প্ৰশ্ন হয়-
যি সময়ত চৰকাৰে বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি অহা বুলি কৈ আহিছে তেনেস্থলত শিক্ষা জীৱনৰ প্ৰথম দহ বছৰৰ ফচল হিচাপে পৰিচিত হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত তথা মেট্ৰিক পৰীক্ষা আৰু জীৱন গঢ়াৰ পৰীক্ষা হিচাপে পৰিচিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলৈ চৰকাৰে মাচুল সংগ্ৰহ কৰাটো কিমান প্ৰয়োজন। কাৰণ আজিৰ সময়তো আমাৰ ৰাজ্যত এনে বহুত লোক আছে যিসকল লোক তথা অভিভাৱকে এনে বৃহত পৰিমানৰ মাচুলৰ বাবে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰে।
ইপিনে ছেবাৰ জাননী অনুসৰি চৰকাৰী, প্ৰাদেশীকৃত আৰু স্বীকৃত ভেন্সাৰ স্কুলত অধ্যয়নৰত শিক্ষার্থীৰ অভিভাৱকৰ বার্ষিক আয় ২ লাখ টকা বা তাতকৈ কম হলে সেইসকল পৰীক্ষাৰ্থীৰ মাচুল পৰিশোধক ৰেহাই দিয়া হৈছে। কিন্তু প্ৰকৃত সত্যটো হল যে তেনে শিক্ষাৰ্থীক ৰেহাই দিবই বা কিমান শতাংশ। তদুপৰি তেনে অভিভাৱকে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ দুৱাৰে দুৱাৰে গৈ উতকোচ দিহে সংগ্ৰহ কৰিব লাগে। অন্যহাতে একাংশ সচ্ছল অভিভাৱকে চৰকাৰৰ এনে ৰেহাইৰ সুযোগ গ্ৰহণ কৰি উতকোচ দি হলেও নিজকে দৰিদ্ৰ তথা ২ লাখতকৈ কম বাৰ্ষিক আয়ৰ বুলি প্ৰমাণ পত্ৰ আনি উক্ত ৰেহাইৰ সুযোগ গ্ৰহণ কৰাৰো উদাহৰণ আছে।
যি সময়ত চৰকাৰে বিদ্যালয়সমূহৰ আন্তগাথনি উন্নয়ন, বিদ্যালয়সমূহত বিনামূলীয়াকৈ পাঠ্যপুথি আৰু ইউনিফৰ্ম যোগান, মধ্যাহ্ন ভোজন আদিৰ নামত কোটি কোটি টকা ব্যয় কৰি বাঃ বাঃ লবলৈ চেষ্টা কৰি আছে, তেনে সময়ত অসমৰ সৰ্বস্তৰৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে জীৱনৰ বিশেষ ৰেখাস্বৰূপ মেট্ৰিক তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাচুল সম্পূৰ্ণ বিনামূলীয়া কৰিব নোৱাৰেনে। নে আন্তগাথনি উন্নয়ন, বিদ্যালয়সমূহত বিনামূলীয়াকৈ পাঠ্যপুথি আৰু ইউনিফৰ্ম যোগান, মধ্যাহ্ন ভোজন আদি আঁচনিত চৰকাৰ তথা চৰকাৰৰ একাংশ লোকৰ কমিচনৰ অংকটো থাকে। অৱশ্যে এয়া বিতৰ্কৰ বিষয়। কিন্তু বিতৰ্কৰ বিপৰীতে মেট্ৰিক তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাচুল সম্পূৰ্ণ বিনামূলীয়া কৰাটো চৰকাৰৰ বাবে তেনেই সাধাৰণ কথা। সেয়ে এই পৰীক্ষা দুটাত ব্যয় হোৱা ধনৰাশি শিক্ষাৰ্থীসকলৰ পৰা সংগ্ৰহ নকৰি চৰকাৰে অন্যান্য বিনামূলীয়া আঁচনিৰ দৰে সুকীয়াকৈ বাজেট ঘোষণা কৰি হলেও সকলো শিক্ষাৰ্থীক অন্তত বিনামূলীয়াকৈ জীৱন গঢ়াৰ পৰীক্ষালৈকে অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰা উচিত। ইপিনে নিজৰ জাতি-জনগোষ্ঠিক প্ৰতিনিধিত্ব কৰি অহা বুলি জাহিৰ কৰা ছাত্ৰ সংগঠনসমূহেও নীৰৱতা অৱলম্বন কৰাৰ বিপৰীতে এইক্ষেত্ৰত মাত মতাটো প্ৰয়োজন। ইয়াৰ ফলত হয়তো ৰাজ্যখনত শিক্ষাৰ মানদণ্ডই নিশ্চিতভাৱে অগ্ৰগতি লাভ কৰিব।
এয়া আছিল পৰীক্ষাৰ নামত মাচুল সংগ্ৰহ কৰা সন্দৰ্ভত এটি বিশেষ প্ৰতিবেদন। কেনে পালে আমাৰ আজিৰ এই প্ৰতিবেদন সেয়া জনবালৈ নাপাহৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি