Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:59 pm

Home » আঞ্চলিক » অসম » জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত বৰপেটাৰোডত শিশু সুৰক্ষা বিষয়ক শিক্ষক সজাগতা সভা সম্পন্ন || Barpeta Road

জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত বৰপেটাৰোডত শিশু সুৰক্ষা বিষয়ক শিক্ষক সজাগতা সভা সম্পন্ন || Barpeta Road


বৰপেটাৰোড : শিশুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়াসেৰে বৰপেটা জিলাৰ বৰপেটাৰোডত এখনি শিক্ষক সজাগতামূলক প্ৰশিক্ষণ কাৰ্য্যসূচী সুকলমে সম্পন্ন হয়। অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ পৰামৰ্শক্ৰমে ৰাজ্যৰ প্ৰতিখন জিলাৰ শিশু সুৰক্ষা গোটৰ উদ্যোগত শিক্ষক সজাগতা তথা সংবেদনশীলতামূলক এলানি প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈ আহিছে। সেই অনুসৰি বৰপেটা জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত জিলাখনৰ বিভিন্ন শিক্ষাখণ্ডত এই কাৰ্য্যসূচী ৰূপায়নৰ দিহা কৰা হৈছে। ইতিমধ্যে বৰপেটা জিলাৰ বৰপেটা আৰু ভবানীপুৰ শিক্ষাখণ্ডত সংশ্লিষ্ট কাৰ্য্যসূচী ৰূপায়নৰ পিছত আজি গোবৰ্ধনা শিক্ষাখণ্ডত অনুৰূপ আলোচনাচক্ৰ এখনি অনুষ্ঠিত হয়। শিক্ষাখণ্ডটোৰ অন্তৰ্গত বৰপেটাৰোডৰ খৈৰাবাৰীস্থিত ৮২৭ নং খৈৰাবাৰী প্ৰাথমিক বিদ্যালয়ত আজি দিনৰ ১১ বজাত শুভাৰম্ভ হোৱা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে গোবৰ্ধনা ব্লক এম আই এচ মনিৰুদ্দিন আহমেদে। বৰপেটা জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু গোবৰ্ধনা শিক্ষা খণ্ডৰ সহযোগত অনুষ্ঠিত আজিৰ এই শিশু সুৰক্ষাৰ শিক্ষক সজাগতা তথা সংবেদনশীলতাৰ আলোচনা চক্ৰত উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটা জিলা শিশু সুৰক্ষা বিষয়া কমলেশ্বৰ ডেকাই। মূল আলোচনা চক্ৰখনিত বিশিষ্ট সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি জিলা আইন আৰু আৱেক্ষন বিষয়া মিতালী তালুকদাৰে শিশুৰ যাবতীয় সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অতি গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়। শিশু সুৰক্ষা তথা নিৰাপত্তাজনিত বিভিন্ন দিশ আঙুলিয়াই বিষয়া গৰাকীয়ে শিশু সুৰক্ষা বিষয়ক বিভিন্ন আইন তথা সেৱাসমূহৰ ওপৰত এক নিৰ্মোহ বিশ্লেষণ দাঙি ধৰে। আলোচনা চক্ৰত বৰপেটা জিলা আইন প্ৰাধিকাৰী সেৱাৰ সচিব বৰ্ণালী শৰ্মাই বিষয়ভিত্তিক এক চমু অথচ গাম্ভীৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে। আজিৰ অনুষ্ঠানত গোবৰ্ধনা শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া মাণিক শীল, বি আৰ পি দ্বিজেন ব্ৰহ্ম, এচ আই ধনঞ্জয় নাৰ্জাৰী, জিলা শিশু সুৰক্ষা গোটৰ বিষয়া ৰুমি কাকতি, বি আৰ পি লীনা বৰ্মন, জি এন বি এম হাই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভূপালী পাঠক, ৮২৭ নং খৈৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল বিশ্বাস আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। জিলা শিশু সুৰক্ষা গোটৰ সহকাৰী বিষয়া কামৰুন নাহাৰৰ আটকধুনীয়া পৰিচালনা আৰু ভবানীপুৰ শিক্ষাখণ্ডৰ বি আৰ পি চম্পক কুমাৰ নাথৰ সামৰণিৰ নাটকীয় পুনৰালোচনাৰে বিয়লি প্ৰায় তিনি বজাত অন্ত পৰা আজিৰ প্ৰশিক্ষণ কৰ্মশালাত গোবৰ্ধনা শিক্ষাখণ্ডৰ অৰ্ধ শতাধিক শিক্ষক- শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি