Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:54 pm

Home » আঞ্চলিক » অসম » Howly Raas Mahotsav || বৰপেটাৰ হাউলী আৰু চাপৰৰ আৰেয়াৰঝাৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

Howly Raas Mahotsav || বৰপেটাৰ হাউলী আৰু চাপৰৰ আৰেয়াৰঝাৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

সমগ্ৰ অসমৰ লগতে নামনি অসমৰ বৰপেটা জিলাৰ হাউলী নগৰতো এইবেলি জাক জমকতাৰে ৰাসমহোত্সৱ পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই আছে হাউলী ৰাস মহোত্সৱ সমিতিয়ে॥ উল্লেখযোগ্য যে কৰোনা মহামাৰিৰ বাবে যোৱা তিনিটা বছৰ হাউলী ৰাস মহোত্সৱ তিনিদিনকৈ পালন কৰিছিল যদিও এইবাৰ হাউলীত ৯৫ সংখ্যক ৰাস মহোত্সৱ সমিতিয়ে অহা ৭ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈ ১৫ দিনিয়া বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে পালন কৰিবলৈ ইমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে॥ তদুপলক্ষে ৰাসৰ মূলমঞ্চ, প্ৰবেশ দ্বাৰৰ লগতে বিভিন্ন মৃন্ময় মূৰ্তি সজাই পৰাই তুলিছে॥ লগতে আছে মীনা বজাৰৰ সমাহাৰ। একেদৰে ৭২ ফুট দৈৰ্ঘৰ মূল মন্দিৰটোও সজাই পৰাই সুন্দৰ কৰি তুলিছে॥ সেয়ে হাউলীৰ ৯৫ সংখ্যক ৰাস পৰিচালনা সমিতিৰ তৰফৰ পৰা সৰ্বধৰ্ম জনগনক ৰাস মহোত্সৱ পালন আৰু উপভোগ কৰিবলৈ আহ্ৱান জনাইছে॥
ইপিনে চাপৰৰ আৰেয়াৰঝাৰতো দেখা গৈছে শ্ৰী শ্ৰী ৰাস পূজাৰ ব্যাপক প্ৰস্তুতি।৭ দিনীয়া বৰ্ণাঢ়্য কাৰ্য্যসূচীৰে উদযাপন কৰিব ১০৩তম ৰাস মহোৎসৱটি।বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ স্বৰ্গীয় বশিষ্ঠ দেৱ শৰ্মা দেৱক শ্ৰদ্ধাঞ্জলী জনাই শুভাৰম্ভ কৰিব কাৰ্যসূচীৰ। ৭ নবেম্বৰ’ৰ পৰা ১৩ নবেম্বৰ লৈকে মুঠ ৭ দিনীয়া বৰ্ণাঢ়্য কাৰ্য্যসূচীৰে উদযাপন কৰিব ১০৩তম ৰাস মহোৎসৱটি। মহোৎসৱটিৰ বিশেষ আকৰ্ষণ হিচাপে ১১ নবেম্বৰ শুক্ৰবাৰ দিনা সন্ধিয়া অসমীয়া আধুনিক নৃত্য প্ৰতিযোগীতা। সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী ময়ুৰী শইকীয়াৰ গীতৰ শঁৰাইৰ লগতে থাকিব যাত্ৰাভিনয়। সমূহ কাৰ্য্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।
হাউলীৰ পৰা আব্দুৰ ৰৌফ বকুল আৰু চাপৰৰ পৰা দিলৰুবা আকতাৰৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি