Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:21 pm

Home » আঞ্চলিক » অসম » নগাঁৱৰ কামপুৰ, দৰঙৰ নামখলাত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত || Rash Mela

নগাঁৱৰ কামপুৰ, দৰঙৰ নামখলাত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত || Rash Mela

সমগ্ৰ ৰাজ্যতে চলিছে ৰাসৰ প্ৰস্তুতি। উজনিত জীৱন্ত ৰাসৰ পৰিবৰ্তে নামনিত চলিছে মৃন্ময় মুৰ্তি ৰাসৰ প্ৰস্তুতি। কোভিডে সৃষ্টি কৰা সেই আতঙ্কময় পৰিবেশ কিছু সাম কটাৰ পিচতে জাক জমকতাৰে ১২ দিনিয়াকৈ দৰ‌ঙৰ নামখলাত ৩৯ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি তুংগত। অঞ্চলটোৰ পুৰুষ, মহিলা, যুৱক যুৱতী, কিশোৰ কিশোৰী সকলো ব্যস্ত নিজ নিজ কৰ্মত।মৃন্ময় শিল্পী সকলেও এনেদৰে ব্যস্ত হৈ পৰিছে মৃন্ময় মুৰ্তিত শেষ পৰশ দিয়াত।
একেদৰে নগাঁও জিলাৰ কামপুৰতো চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ।কামপুৰ উন্নতি সাধিনী সভাৰ উদ্যোগত ৬ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ। কেৱল কেন্দ্ৰীয় ৰাস পথাৰতেই নহয় কামপুৰৰ বিভিন্ন গাঁৱৰ নামঘৰত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ।ইতিমধ্যে যুৱতী সকলে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে।ৰাস মহোৎসৱৰ লগতে মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰা অপূৰ্ব সৃষ্টি ভাওঁনা প্ৰদৰ্শন কৰা হ’ব। ৰাস মহোৎসৱৰ সমান্তৰালকৈ কামপুৰ কেন্দ্ৰীয় ৰাস মহোৎসৱত পৰম্পৰা অনুযায়ী প্ৰদৰ্শিত হ’ব পুতলা ৰাস। ৮৬ সংখ্যক কেন্দ্ৰীয় ৰাস মহোৎসৱ উপভোগ কৰিবলৈ ৰাইজক নিমন্ত্ৰণ জনাইছে কামপুৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন সমিতিয়ে।
কচুৱাৰ পৰা খাইৰুল ইছলাম আৰু আৰু দিপীলাৰ পৰা যীচু নন্দন কলিতাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি