নগাঁৱৰ কামপুৰ, দৰঙৰ নামখলাত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত || Rash Mela
সমগ্ৰ ৰাজ্যতে চলিছে ৰাসৰ প্ৰস্তুতি। উজনিত জীৱন্ত ৰাসৰ পৰিবৰ্তে নামনিত চলিছে মৃন্ময় মুৰ্তি ৰাসৰ প্ৰস্তুতি। কোভিডে সৃষ্টি কৰা সেই আতঙ্কময় পৰিবেশ কিছু সাম কটাৰ পিচতে জাক জমকতাৰে ১২ দিনিয়াকৈ দৰঙৰ নামখলাত ৩৯ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি তুংগত। অঞ্চলটোৰ পুৰুষ, মহিলা, যুৱক যুৱতী, কিশোৰ কিশোৰী সকলো ব্যস্ত নিজ নিজ কৰ্মত।মৃন্ময় শিল্পী সকলেও এনেদৰে ব্যস্ত হৈ পৰিছে মৃন্ময় মুৰ্তিত শেষ পৰশ দিয়াত। একেদৰে নগাঁও জিলাৰ কামপুৰতো চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ।কামপুৰ উন্নতি সাধিনী সভাৰ উদ্যোগত ৬ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ। কেৱল কেন্দ্ৰীয় ৰাস পথাৰতেই নহয় কামপুৰৰ বিভিন্ন গাঁৱৰ নামঘৰত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ।ইতিমধ্যে যুৱতী সকলে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে।ৰাস