Weather Data Source: wetter Bangalore 14 tage

June 2, 2025 7:39 pm

Home » বিবিধ » মুক্তকণ্ঠ » Miyan Meseum || মিঞা মিউজিয়াম বনাম মিঞাৰ প্ৰয়োজনীয়তা আৰু মুছলিম ব্ৰাহ্মণ্যবাদ || Mohibul Mondal

Miyan Meseum || মিঞা মিউজিয়াম বনাম মিঞাৰ প্ৰয়োজনীয়তা আৰু মুছলিম ব্ৰাহ্মণ্যবাদ || Mohibul Mondal

ফোন নং – +91 99546 16790
নিজকে অসমীয়া বুলি ঘোষণা কৰা পূৰ্ববংগীয় লোকসকলকলৈ বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ ৰাজনৈতিক দলে কেৱল ৰাজনীতিহে কৰি আহিছে। তেওঁলোকৰ সৰ্বাঙ্গীন আৰ্থ-সামাজিক উত্তৰণৰ বিষয়ে কেতিয়াও নাভাৱিলে।এই অজুহাততেই ‘মিঞা জনগোষ্ঠী’ নামৰ নোহোৱা নোপোজা এটা কৃত্ৰিম জনগোষ্ঠীৰ জন্ম লৈছে।
মিঞা বুলি যি সময়ত কোনো জনগোষ্ঠীয়ে অসম কিয় সমগ্ৰ বিশ্বতে পাবলৈ নাই নামবিহীন লাঞ্চিত, বঞ্চিত, অৱহেলিত কলংকিত জনগোষ্ঠীৰ অভিভাৱক বুলি ভৱা অসম মিঞা (অসমীয়া) পৰিষদ নামৰ সংগঠনে যোৱা ২৩ অক্টোবৰত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত “মিঞা সংগ্ৰহালয়”উদ্বোধন কৰিছে। ইয়াক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যখনত চলিছে বহু বিতৰ্ক তথা সাম্প্ৰদায়িক ৰাজনীতিৰ মহাৰণ।
আজিৰ এই লাঞ্চিত, বঞ্চিত, অৱহেলিত কলংকিত জাতিক সময়ৰ সোঁতত বিভিন্ন জনে বিভিন্ন নামকৰণেৰে পূৰ্ব-বংগীয় লোকসকলক সম্বোধন কৰি আহিছে৷ ইয়াৰে মিঞা, ন-অসমীয়া, চৰুৱা, পমুৱা, বংগমুলীয়, পুৰ্ববংগমুলীয় অসমীয়া, অভিবাসী, লুইতপৰীয়া, ভাটীয়া আদি নামেৰে নামাকৰণ কৰা হৈছে। অৱশ্যে এইকথাও অনস্বীকাৰ্য যে মুলসুঁতিৰ উগ্ৰ অতি জাতীয়তাবাদী অসমীয়াৰ এক বুজন সংখ্যকে তেওঁলোকক অসমীয়া হিচাবে গ্ৰহণ নকৰে।
সেইবাবেই পুৰ্ব বংগীয় মুলৰ বহু শিক্ষিত যুৱক যুৱতীয়ে আক্ষেপ আৰু ক্ষোভত নিজকে অসমীয়া নহয় বুলিও কব বিচাৰে। কিন্তু তেওঁলোকক সম্বোধন কৰা কোনো এটা নামেই আজিকোপতি সৰ্বজন সমাদৃত হৈ উঠা নাই৷ সম্প্ৰতি মিঞা নামটোকেই প্ৰতিষ্ঠা কৰাত উঠিপৰি লাগিছে অসম মিঞা (অসমীয়া) পৰিষদ নামৰ সংগঠনে।কিন্তু তেওঁলোকে জনসাধাৰণৰ পৰা কোনো সহাঁৰি আজিলৈকে পোৱা পৰিলক্ষিত হোৱা নাই। মিঞা শব্দটোৰে জনগোষ্ঠী এটা প্ৰতিষ্ঠা কৰিবলৈ এটা কৃত্ৰিম মিঞা নামৰ ভাষাত কবিতা, প্ৰবন্ধ আদি লিখি সাহিত্য চৰ্চাৰ এক ব্যাপক ট্ৰেণ্ড আৰম্ভ হৈছে। যিটো শব্দৰ কোনো সাংবিধানিক ভিত্তি নাই।
আমাৰ প্ৰশ্ন হ’ল, মিঞা জনগোষ্ঠী বুলি নোহোৱা নোপোজা এটা জনগোষ্ঠী সৃষ্টিৰ উদ্দেশ্য কি? এই সৃষ্টিৰ আঁৰত হয়তো লুকাই আছে পুঞ্জীভুত ক্ষোভ, বহুতে তুচ্চ তাচ্চিল্য কৰাৰ পৰিপূৰক এক উত্তৰ। তেনে কৰিলে জানো তুচ্চাৰ্থত ব্যৱহৃত শব্দটো ইতিবাচক হৈ পৰিব? মিঞা শব্দতকৈ বাংলাদেশী শব্দটোহে অধিক ব্যৱহৃত হয়। সেইবুলি বাংলাদেশী জনগোষ্ঠী বুলি নামাকৰণ কৰিব জানো? তাতকৈ বহুবছৰ আগেয়ে বহুকেইজন প্ৰথিতযশা বুদ্ধিজীৱিয়ে তেওঁলোকক ন-অসমীয়া নামেৰে অভিহিত কৰিছিল। সেই নাম গ্ৰহণ কৰাত আপত্তি কিয়?
এনে এক অৱস্থিতি গ্ৰহণ কৰি তেওঁলোকে সমগ্ৰ অসমীয়া সমাজখনকে কাঠগড়াত থিয় কৰোৱা নাইনে? তেওঁলোকৰ সপক্ষে থিয় দি নিজ সমাজৰ আধিপত্যশীল উগ্ৰ অংশৰ ৰোষৰ সম্মূখীন হোৱা অসমীয়া বুদ্ধিজীৱি, সাহিত্যিক, দল-সংগঠনক তেওঁলোকে অবমাননা কৰা নাইনে? উল্লেখ্য যে, যত মিঞা নামক জনগোষ্ঠীয় কোনো পৰিচয় নাই তেনে প্ৰেক্ষাপটত “মিঞা মিউজিয়াম” গঢ়ি তুলি অসম মিঞা (অসমীয়া) পৰিষদ নামৰ সংগঠনে আচলতে কি কৰিব বিচাৰিছে? এয়া এক চৰম অভব্য পৰিচয় নহয় নে??নামবিহীন লাঞ্চিত, বঞ্চিত, অৱহেলিত,কলংকিত তথাকথিত মিঞা জনগোষ্ঠীৰটোৰ আজি
মৌলিক প্ৰয়োজনীয়তা কি কি কেতিয়াবা  উপলব্ধি কৰিছে নে অসম মিঞা (অসমীয়া) পৰিষদে ??
লক্ষণীয় যে,মিঞা এক অতি পৰিশ্ৰমী সম্প্ৰদায়, পানীৰ ওপৰত খেতি কৰিব পৰা সম্প্ৰদায়। এই কথাও দোহাৰিব নালাগে যে অসমৰ জাতীয় শ্ৰমৰ এক বিপুল অংশ তেওঁলোকেই চম্ভালি আছে। তেওঁলোকৰ কৃষিৰ ফচল বুজন অংশ অসমবাসীৰ তেজ-মঙহত পৰিণত হৈছে।
তাহানি এই সম্প্ৰদায়ে নিজকে অসমীয়াভাষী বুলি পৰিচয় দিবলৈ সিদ্ধান্ত কৰাত অসমত অসমীয়া সংখ্যাগৰিষ্ঠৰ ভাষাত পৰিণত হ’ব পাৰিছিল। অসমীয়া ৰাজ্যভাষাৰূপে পৰিগণিত হোৱাৰ অন্তৰালত এই সম্প্ৰদায়ৰ বিশেষ ভূমিকা আছে। তাৰপিছতো মিঞা সমাজ আজিও বহুত পিছ পৰা কিন্তু কিয় ?? মিঞা সমাজৰ বহু বিষয় সংস্কৰণৰ দৰকাৰ আছে কিন্তু তাকে নকৰি কেৱল বিতৰ্ক বিচাৰি ফুৰা অসম মিঞা (অসমীয়া) পৰিষদ নামৰ সংগঠন আচলতে কি তাক জানি লওঁ আহক-
🔹অসম মিঞা (অসমীয়া) পৰিষদ মুছলিম ব্ৰাহ্মণ্যবাদী কেনেকৈ হ’ল :
হিন্দু সংকটত, হিন্দুক সুৰক্ষিত কৰা, হিন্দুৰ অধিকাৰ সাব্যস্ত কৰা ইত্যাদি ইত্যাদি কথাবোৰ অতি সুৰীয়া-মনোগ্ৰাহীতাৰে আওৰাই ধৰ্মৰ নামত অভিভাৱকত্ব, বিধাতাৰ ৰূপত আভিৰ্ভাৱ হৈ যিদৰে হিন্দু ব্ৰাহ্মণ্যবাদী সকলে অতি সুচতুৰতাৰে অকল ব্ৰাহ্মণ্যবাদ জীয়াই ৰাখি অন্যান্য হিন্দু গোষ্ঠী, গোত্ৰ, জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, সাহিত্য, ঐতিহ্যৰ ওপৰত সংকট নমাই অকল হিন্দুত্ববাদৰ ট্ৰামকাৰ্ডেৰে শাসন-শোষণ কৰি আহিছে যুগে যুগে।
ঠিক একেদৰে অসম মিঞা (অসমীয়া) পৰিষদ নামৰ স্বল্পখ্যাত সংগঠনটোৱেও জন্মলগ্নৰে পৰা মুছলমানৰ নামত, ধৰ্মৰ নামত অতি সুচতুৰভাৱে অসমৰ মুছলমানৰ অভিভাৱকৰ ৰূপত আৱিৰ্ভাৱ হৈ তথাকথিত মিঞাবাদ তথা মুছলিম ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে অন্যান্য মুছলমান গোষ্ঠী, গোত্ৰ, জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, সাহিত্য, ঐতিহ্যৰ ওপৰত ভয়ঙ্কৰ আগ্ৰাসন চলাই সংকট নমাইছে।
অসম মিঞা (অসমীয়া) পৰিষদৰ নেতৃত্ববাহক সকল বাংলাভাষী মুছলমান। যিহেতু নেতৃত্ববাহক সকলৰ ভাষা বাংলা, সংস্কৃতি বাংলা, পৰম্পৰা-ঐতিহ্য-ইতিহাস বাংলা সেইহেতুকে অসমৰ অন্যান্য মুছলমান জনগোষ্ঠী সমূহৰ নিজৰ সম্পূৰ্ণ পৰিচয় বিলুপ্ত কৰি একমাত্ৰ বাংলা কৰাই মুখ্য আৰু প্ৰধান উদ্দেশ্য নিৰ্দ্ধাৰণ কৰা অসম মিঞা (অসমীয়া) পৰিষদ উল্লিখিত ব্ৰাহ্মণ্যবাদৰ সংজ্ঞা অনুসৰিয়েই মুছলিম ব্ৰাহ্মণ্যবাদী।

◆ অসম মিঞা (অসমীয়া) পৰিষদে কেনেদৰে অব্যাহত ৰাখিছে মুছলিম ব্ৰাহ্মণ্যবাদ :
অসমৰ প্ৰায় ৫১ টা মুছলিম গোষ্ঠী, গোত্ৰ, জনগোষ্ঠীক মিলাই এই আটাইবোৰ মুছলমানৰ একক পৰিচয় তথাকথিত মিঞা ঘোষণাৰে নিজৰ স্বয়ম্ভু অভিভাৱকত্ব জাহিৰ কৰি অসম মিঞা (অসমীয়া) পৰিষদে মুছলমানৰ মাজত মুছলিম ব্ৰাহ্মণ্যবাদক স্থাপিত কৰিব বিচাৰি গৰিয়া,মৰিয়া,দেশী, চাহ জনগোষ্ঠী জলহা, মনিপুৰী মুছলিম, কাছাৰী মুছলিম ইত্যাদি ইত্যাদি স্বকীয় ইতিহাস ঐতিহ্যৰে সমৃদ্ধ জনগোষ্ঠীসমূহৰ নিজস্ব ভাষা, সাহিত্য, সংস্কৃতি, স্বকীয়তাক বিলুপ্তি ঘটাই তথাকথিত মিঞাৰ আওঁতাৰে গোলামীৰ শিকলি বান্ধি বশ্যতা স্বীকাৰ কৰোৱাৰ দীৰ্ঘদিনীয়া ব্লুপ্ৰিন্ট ৰচনাৰে অব্যাহত ৰাখিছে মুছলিম ব্ৰাহ্মণ্যবাদ।
যিদৰে হিন্দুৰ মাজত ব্ৰাহ্মণ্যবাদীয়ে অন্যান্য হিন্দুৰ সামাজিক, আৰ্থিক, ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ বঞ্চনাৰ দীঘলীয়া ইতিহাস ৰচনা কৰিছে, ঠিক একেদৰে মুছলমানৰ মাজতো অসম মিঞা (অসমীয়া) পৰিষদে বাংলাভাষী মুছলমানৰ সংখ্যাধিক্যৰ দম্ভালি মৰাৰ লগতে ৰাজ্যখনৰ সমগ্ৰ মুছলমানক মিঞা বুলি প্ৰকাশ কৰি মুছলমানৰ সৰ্বমুঠ এটা বৃহৎ পৰিসংখ্যা জহাই চৰকাৰ পক্ষ-ৰাজনৈতিক দলবোৰক হেঁচা প্ৰয়োগৰ নামত একপ্ৰকাৰ ব্লেকমেইলিং কৰি অকল বাংলাভাষী মুছলমানৰহে স্বাৰ্থ সুৰক্ষিত কৰি মুনাফা আদায় কৰি আহিছে।
আৰু এনে মুনাফা আদায়ৰ শেহতীয়া প্ৰমাণ হৈছে অসম মিঞা (অসমীয়া) পৰিষদৰ ৰাজনৈতিক দল গঠন। বিগত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম মিঞা (অসমীয়া) পৰিষদে গুৱাহাটীৰ গৌৰী সদনত মিঞা পৰিষদৰ সভাপতি তথা ভুৱা হাজৰিকা গিয়াছুদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত কৰা এখন অভিৱৰ্তন যোগে ভুৱা হাজৰিকা গিয়াছুদ্দিনক সভাপতি হিচাপে লৈ অসম মিঞা (অসমীয়া) পৰিষদে তেওঁলোকৰ নৱগঠিত ৰাজনৈতিক দল “অসম মিঞা লীগ” ঘোষণা কৰে। অসমৰ সমগ্ৰ মুছলমানৰ হৰ্তা-কৰ্তা বিধাতা বুলি নিজকে ভাবি ওভোতগৰে নচা অসম মিঞা (অসমীয়া) পৰিষদে এইবেলিও ২০২১ বৰ্ষৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমত ১ কোটি ২২ লাখ মিঞা (মুছলমান!) থকা বুলি সদম্ভে ঘোষণা কৰি পুনৰাই আন এটি ৰাজনৈতিক দল গঠনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। আৰু এনেদৰেই এতিয়া অসম মিঞা (অসমীয়া) পৰিষদে অসমৰ মুছলমানৰ ব্ৰাহ্মণ বুলি নিজকে বিবেচনা কৰি অব্যাহত ৰাখিছে মুছলিম ব্ৰাহ্মণ্যবাদ। 
(ছাইজুৰ ৰহমানৰ লিখনিৰ কিছু সহায় লোৱা হৈছে)

প্ৰিয় পাঠক-পাঠিকা, লেখক-লেখিকাবৃন্দ। এই লেখাটো পঢ়ি কেনে পালে তলৰ Comment Boxত নিজৰ মন্তব্য প্ৰদান কৰিবলৈ নাপাহৰিব। আপুনিও আমাৰ এই মুক্তকণ্ঠ শিতানত প্ৰেৰণ কৰিব পাৰে আপোনাৰ মূল্যৱান লেখনি-অনুভৱ। আমি সংবাদ প্ৰহৰীয়ে প্ৰকাশ কৰিম আপোনাৰ লেখনি-অনুভৱ। লেখনি-অনুভৱ আপোনাৰ, প্ৰকাশ কৰাৰ মঞ্চ আমাৰ।

সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থাকিবলৈ Like, Follow আৰু Subscribe কৰক-
👉 Follow us on Website- https://sangbadprahari.com
👉 Subscribe on YouTube- https://www.youtube.com/sangbadpraharitv
👉 Like & Follow us on Facebook- https://www.facebook.com/sangbadprahari
👉 Follow us on Twitter- https://twitter.com/sangbadprahari
👉 Follow us on Linkedin- https://www.linkedin.com/in/sangbadprahari


E-mail- sangbadprahari@gmail.com
Mobile- +91 7578801008



Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি