Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:35 pm

Home » আঞ্চলিক » অসম » Jamugurihaat Bhaowna || জামুগুৰিহাটৰ নামঘৰে নামঘৰে শ শ দৰ্শকৰ সমাগম

Jamugurihaat Bhaowna || জামুগুৰিহাটৰ নামঘৰে নামঘৰে শ শ দৰ্শকৰ সমাগম

– জামুগুৰিহাটৰ নামঘৰে নামঘৰে শ শ দৰ্শকৰ সমাগম
– বচন-মধ্যাৱলী-পয়াৰৰ ধ্বনিৰে মুখৰ জামুগুৰিহাট
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টিৰাজি ভাওনা জামুগুৰিহাটৰ প্ৰতিটো নামঘৰে নামঘৰে প্ৰদৰ্শিত হৈছে। শংকৰী কলাকৃষ্টিৰ অন্যতম পীঠস্থান জামুগুৰিহাটৰ নামঘৰ সমুহত বচন পয়াৰ বিলাপৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। নামঘৰ নগৰী ৰূপে খ্যাত জামুগুৰিহাটৰ প্ৰায় প্ৰতিখন গাঁৱতে এতিয়া অনুষ্ঠিত হৈছে ভাওনা। চৌদিশে বচন, পয়াৰ, মধ্যাৱলীৰ ধ্বনি। শংকৰী কলা-সংস্কৃতিৰ উৰ্বৰা ক্ষেত্ৰ হিচাপে পৰিচিত নামঘৰ নগৰী জামুগুৰিহাটত বিগত দুটা বছৰ ক’ৰোনা মহামাৰীৰ বাবে ভাওনা অনুষ্ঠিত কৰিব নোৱাৰাৰ পাছত এতিয়া মুক্ত পৰিৱেশত ইখনৰ পিছত সিখন গাঁৱত অনুষ্ঠিত হৈছে ভাওনা। যেন শংকৰী কলা-কৃষ্টিৰ অঘোষিত প্রতিযোগিতাহে চলিছে অঞ্চলটোত। নিশা ২/৩ বজালৈ গাঁৱৰ নামঘৰত শুনিবলৈ পোৱা গৈছে খোল-তালৰ শব্দ। ভীম-দুৰ্যোধনৰ বচনৰ শব্দই ৰজনজনাই গৈছে চৌপাশ। জাতীয় সাজ পৰিধান কৰি কৃষ্ণ ভকতিৰে ইখন গাঁৱৰ ৰাইজ যুৱক সিখন গাঁৱলৈ গৈ নিমন্ত্ৰণ ৰক্ষা কৰি উপভোগ কৰিছে ভাওনা। শ শ দৰ্শকৰ উপস্থিতিৰে ভৰি পৰিছে নিশাৰ ভাগত নামঘৰৰ চৌপাশ। উল্লেখ্য যে সাংস্কৃতিক ক্ষেত্ৰ হিচাপে বিবেচিত জামুগুৰিহাটৰ নিকটবৰ্তি শলগুৰি যুৱক সকলে শলগুৰি বিহুমেলা,শলগুৰি দৌল উৎসৱ অনুষ্ঠিত কৰি অহাৰ সমানতৰালকৈ দুদিনিয়া কাৰ্যসূচীৰে ভেটখোৱাচুক নামঘৰত ভাওনা উদযাপন কৰি শ শ ৰাইজৰ আৰ্শীবাদ লোৱাৰ লগতে “অজয়ৰ সাপ মুক্তি গ্ৰীৱা সুৰ বধ” নাট খনত অভিনয় কৰা ভাৱৰীয়া সকলৰ অভিনয়ৰ বিলাপ পয়াৰ মধ্যায়লি সমুহ এতিয়া যেন জামুগুৰিহাটৰ ৰাইজৰ মুখে মুখে হোৱা পৰিলক্ষিত হৈছে।
জামুগুৰিহাটৰ পৰা নৱজিৎ ভূঞাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি