Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 2:55 am

Home » আঞ্চলিক » অসম » পূব-কলাইগাঁও যুৱ মহোৎসৱ স্থায়ী সমিতিৰ উদ্যোগত বিশাল “আলোচনা চক্ৰ”

পূব-কলাইগাঁও যুৱ মহোৎসৱ স্থায়ী সমিতিৰ উদ্যোগত বিশাল “আলোচনা চক্ৰ”

দৰং জিলাৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত ভেৰভেৰীত চেনিবাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক বহল ভিত্তিত “আলোচনা চক্ৰ”ৰ আয়োজন কৰা হয়।উক্ত আলোচনা চক্ৰত বাল্য-বিবাহ, ড্ৰাগছ্, জনসংখ্যা নিয়ন্ত্ৰণ, সন্ত্ৰাসবাদ, কু-সংস্কাৰ আদি বিভিন্ন বিষয়ত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াহেৰে আলোচনা কৰা হয়। অনুষ্ঠানত আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ, দৰং জিলা আমছুৰ উপদেষ্টা মিজানুৰ ৰহমান, সহ সাধাৰণ সম্পাদক ছাইফুল ইছলাম, শংকৰ আজান ছেনিয়ৰ ছেকণ্ডাৰী স্কুলৰ সঞ্চালক আব্দুল মতিন, চেনিবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সহকাৰী শিক্ষক মতিউৰ ৰহমানকে ধৰি কেইবাজনো ব্যক্তিয়ে বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে। ৰাইজক উদ্দেশ্যি বক্তা সকলে সমাজৰ বিভিন্ন দিশৰ ক্ষেত্ৰত থকা ব্যাধি সমূহৰ বিষয়ে বহল ভিত্তিত আলোচনা কৰাৰ লগতে এই ব্যাধি সমূহ আঁতৰ কৰাৰ বাবে সমাজত কেনে ধৰণৰ পদক্ষেপ লব লাগিব সেই বিষয়েও আলোচনা আগবঢ়ায়। বিশেককৈ সমাজ সংস্কাৰক হিচাপে যুৱক যুৱতীসকলক মুখ্য ভূমিকা লবলৈ সভাত আহ্বান জনায় অতিথি সকলে। বৃহত্তৰ পূব কলাইগাঁও অঞ্চলত “পূব কলাইগাঁও যুৱ মহোৎসৱ”ৰ এনে এক অনুষ্ঠানৰ আয়োজন কৰাত বাৰুকৈয়ে আনন্দিত স্থানীয় ৰাইজৰ লগতে যুৱ ছাত্ৰ ছাত্ৰী সকল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি