সৰভোগৰ জীৱন যুদ্ধত হাৰি নোযোৱা এগৰাকী মহিলা। নাম হিমানী সিং। বৰপেটা জিলাৰ সৰভোগৰ দক্ষিণ গণকগাড়ী গাঁৱৰ এইগৰাকী মহিলা তথা Nayana Tailoring Training চেণ্টাৰৰ প্ৰশিক্ষক হিমানী সিং এতিয়া আন দহজনৰ বাবে আদৰ্শ। সৰভোগৰ গনকগাড়ীৰ পিতৃ নীতাই সিং আৰু মাতৃ কল্পনা সিঙৰ কন্যা হিমানীয়ে ২০০৮ চনত বৰনগৰ মহাবিদ্যালয়ত স্নাতকৰ দেওনা পাৰ কৰাৰ পিছতে আন দহজনী যুৱক-যুৱতীৰ দৰে চাকৰিমুখী হোৱাৰ সলনি ব্যৱসায়ী মুখী হয়। তাৰ বাবে সৰভোগৰ N.H Tailor ৰ লগতে বিভিন্ন স্থানত ছোৱালীৰ বিভিন্ন সাজপোছাক চিলোৱাৰ এক প্ৰশিক্ষণ লয় হিমানীয়ে। বিভিন্ন স্থানত প্ৰশিক্ষণ লোৱাৰ পাছত সৰভোগত নিজাববীয়াকৈ Nayana Tailoring Training Center নামৰ এটা চেণ্টাৰ মুকলি কৰে৷ বৰনগৰীয়া ছোৱালী হিমানীৰ মনত যেতিয়া এটা চেণ্টাৰ মুকলি কৰাৰ কথা মনলৈ আহিছিল, সেই কথাখিনি পৰিয়ালৰ আন সদস্যবোৰক বিষয়টো অৱগত কৰিছিল। পৰিয়ালৰ লোকে প্ৰথম অৱস্থাত কিছু বাধা আৰোপ কৰিছিল যদিও হিমানীৰ মনত থকা অদম্য সাহস আৰু বিশ্বাসৰ প্ৰতি শ্ৰদ্ধা জনাই চেণ্টাৰ মুকলি কৰাৰ বাবে অনুমতি প্ৰদান কৰে পৰিয়ালৰ লোকে। তাৰ পিছতো আতৰ হোৱা নাছিল বাধা। সপোনৰ চেণ্টাৰটো মুকলি কৰাৰ বাবে প্ৰয়োজন আছিল মূলধনৰ। ফলত চকচকা বজাৰত থকা ভাৰতীয় ষ্টেট বেংকৰ দক্ষিণ গণকগাড়ী শাখাৰ পৰা বিচাৰিছিল ঋণ। কিন্তু বেংকৰ ফালৰ পৰা আছিল বহুত প্ৰশ্ন। তুমি মহিলা। বেংকৰ পৰা লোৱা ঋণৰ ধাৰ কেনেকৈ মাৰিবা। ইত্যাদি ইত্যাদি..। অবশেষত বেংকৰ পৰা দুই লাখ টকা এটাৰ ঋণ লাভ কৰে হিমানীয়ে। ঋণ হিচাপে লাভ কৰা সেই টকাৰে Nayana Tailoring Training Center নামৰ এটা সৰভোগত চেণ্টাৰ মুকলি কৰে। যিটো চেন্টাৰৰ পৰা এতিয়ালৈ তিনি সহস্ৰাধিক ছোৱালী-বোৱৰীয়ে প্ৰশিক্ষণ লৈ নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে৷