Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:52 pm

Home » আঞ্চলিক » অসম » Bashistha Dev Sarma passes Away || বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

Bashistha Dev Sarma passes Away || বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

  • বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান
  • শনিবাৰে বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াজনে
শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বৰপেটা সত্ৰ্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই। ২০০৭ চনত বশিষ্ঠ দেৱ শৰ্মাই বুঢ়াসত্ৰীয়া হিচাপে গুৰু দায়িত্ব গ্ৰহণ কৰিছিল।
উল্লেখ্য যে যোৱা ১০ অক্টোবৰত বার্ধক্যজনিত কাৰণত হঠাৎ অসুস্থ হৈ পৰা বশিষ্ঠ দেৱশর্মাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ পাছত উন্নত চিকিৎসাৰ বাবে তেওঁক জিএমচিএইচত ভর্তি কৰোৱা হয়৷ দীর্ঘদিন ধৰি বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ থকা বুঢ়াসত্রীয়াগৰাকীৰ শৰীৰত বিভিন্ন ৰোগৰ উপসর্গই দেখা দিয়াত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰিছিল৷ উল্লেখ্য যে পাঁচ দিন পূর্বে স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাত বুঢ়াসত্রীয়াগৰাকীক শেহতীয়াকৈ ভেণ্টিলেটৰত ৰখা হৈছে৷ বৃহস্পতিবাৰে পুৱাৰ ভাগৰ পৰাই হঠাৎ তেওঁৰ স্বাস্থ্য অধিক জটিল হোৱাত জিএমচিএইচৰ চিকিৎসকৰ এটা দলে পুৱাৰে পৰা তেওঁক স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছিল।
ইপিনে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বৰপেটাৰ সত্রৰ বুঢ়াসত্রীয়া তথা শ্রীমন্ত শংকৰদেৱ বঁটাপ্রাপক বশিষ্ঠ দেৱশর্মাৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷। অৱশেষত আজি বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াজনে। বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ।
ইপিনে মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ পৰম পূজনীয় বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাদেৱ এক অনুষ্ঠান সদৃশ আছিল তেওঁৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হোৱাৰ লগতে তেওঁ ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পোষ্টত উল্লেখ কৰে। শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক শ্ৰদ্ধাৰ বুঢ়া সত্ৰীয়াদেৱৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বুঢ়া সত্ৰীয়াৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলিও মুক্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি