অসম লোকসেৱা আয়োগৰ পৰীক্ষা সমূহ স্বচ্ছ আৰু নিকা হোৱাৰ বাবে গাঁৱ অঞ্চলৰ প্ৰকৃত মেধা সম্পন্ন শিক্ষাৰ্থী সকলে এই পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ তিনি গৰাকীকৈ শিক্ষাৰ্থীয়ে লোক সেৱা আয়োগৰ এই পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ সমগ্ৰ নদুৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থী সকল ক্ৰমে উত্তৰ জামুগুৰি ধলাইবিলৰ ৰাজেশ ৰাজবংশী; চৈবাৰীৰ ব্যৱসায়ী ৰিন্টু বৰুৱা আৰু স্বপ্নালী বৰুৱাৰ কন্যা চাইকীন্দা বৰুৱা 81 ৰেংক আৰু জামুগুৰিহাটৰ খাদৈচুক নিৱাসী যগেশ্বৰ নাথ আৰু মিনতি দেবীৰ সন্তান প্লাৱন নাথে 49ৰেংকৰে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সৰুৰে পৰা মেধাসম্পন্ন এই সকল পৰিক্ষাৰ্থীক অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰাৰ লগতে দিনত তেখেত সকলৰ পৰা সমাজৰ উত্তৰণৰ ক্ষেত্ৰত গঠনুলক কামকাজৰ আশা কৰিছে৷
জামুগুৰিহাটৰ পৰা নৱজিৎ ভূঞাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী