|

সামাজিক বৌদ্ধিক গোষ্ঠী ৰামধেনুৰ উদ্যোগত তৰ্ক প্ৰতিযোগিতা

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত বেজেৰাত সদৌ অসম ভিত্তিত তৃতীয় আন্ত: মহাবিদ্যালয় তর্ক প্রতিযোগিতা আয়োজন কৰা হৈছে। এখন সমাজৰ সঠিক বৌদ্ধিক চিন্তা-চর্চা জাতি এটাৰ প্ৰগতিৰ মাপকাঠি৷ সীমাৰ পৰিধি ভাঙি অসমীয়া সমাজ, ভাষা , সাহিত্য, সংস্কৃতি আজি বিশ্বৰ জনমানসত এক সোনোৱালী দিশত আগবাঢ়ি যাওক এনে এক লক্ষ্য আৰু উদ্দেশ্যৰে ‘ৰামধেনু’ গোষ্ঠীৰ উদ্যোগত এইবেলি শনিবাৰে বেজেৰাত বৰবংশৰ ৰাজহুৱা পেক্ষাগৃহত বিশিষ্ট সাহিত্যিক, অনুবাদক, গীতিকাৰ প্রয়াত কৈলাশ নাথ শৰ্মাৰ পৱিত্র সোৱৰণত সদৌ অসম ভিত্তিত তৃতীয় আন্ত: মহাবিদ্যালয় এই তর্ক প্রতিযোগিতাখন আয়োজিত কৰা হৈছে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী উপস্থিত থাকি এই তর্ক প্রতিযোগিতাখনৰ শুভাৰম্ভণি কৰে৷ লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক

| | |

APSC Result || জামুগুৰিহাটৰ তিনি গৰাকী পৰিক্ষাৰ্থীৰ সাফল্য

অসম লোকসেৱা আয়োগৰ পৰীক্ষা সমূহ স্বচ্ছ আৰু নিকা হোৱাৰ বাবে গাঁৱ অঞ্চলৰ প্ৰকৃত মেধা সম্পন্ন শিক্ষাৰ্থী সকলে এই পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ তিনি গৰাকীকৈ শিক্ষাৰ্থীয়ে লোক সেৱা আয়োগৰ এই পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ সমগ্ৰ নদুৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থী সকল ক্ৰমে উত্তৰ জামুগুৰি ধলাইবিলৰ ৰাজেশ ৰাজবংশী; চৈবাৰীৰ ব্যৱসায়ী ৰিন্টু বৰুৱা আৰু স্বপ্নালী বৰুৱাৰ কন্যা চাইকীন্দা বৰুৱা 81 ৰেংক আৰু জামুগুৰিহাটৰ খাদৈচুক নিৱাসী যগেশ্বৰ নাথ আৰু মিনতি দেবীৰ সন্তান প্লাৱন নাথে 49ৰেংকৰে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সৰুৰে পৰা মেধাসম্পন্ন এই সকল পৰিক্ষাৰ্থীক

|

Dipawali || পোহৰৰ উৎসৱ দিপাৱালীলৈ ব্যস্ততা বাঢ়িছে মৃৎ-শিল্পীৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ চাপৰৰ পালপাৰতো মৃৎ-শিল্পীসকলৰ এক ব্যস্ততাপূৰ্ণ পৰিবেশে বিৰাজ কৰিছে। পালপাৰাৰ অঞ্চলৰ অধিকাংশ লোকেই মৃৎ-শিল্প তথা কুমাৰ বৃত্তিৰ লগত জড়িত। বিগত দুটা বছৰ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে যথেষ্ট অভাৱ-অনাটনত পাৰ কৰি অহাৰ পিছত এইবছৰ অতি আশাৰে দিপাৱালী আৰু কালীপূজাৰ পূৰ্বে গ্ৰাহক ৰাইজৰ বাবে গাওঁ খনৰ কুমাৰৰ পৰিয়াল সমূহে নিৰ্মাণ কৰিছে মাটি চাকি, ধূনামলা, ঘট ইত্যাদি। পূৰ্বৰ তুলনাত এই বছৰ দেৱালীৰ প্ৰাক্ মুহূৰ্তত গাওঁখনৰ একো-একোটি পৰিয়ালে গঢ়ে 50/60 হাজাৰ মাটিৰ চাকি তৈয়াৰ কৰিছে। বিনাদ্বিধাই ঘৰখনৰ সকলোটি সদস্যই হাতে-কামে লাগি জড়িত হৈ পৰা পৰিলক্ষিত হৈছে নিজৰ বৃত্তিটোত। চাপৰৰ পৰা দিলৰুবা আহমেদৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী

| |

Bashistha Dev Sarma passes Away || বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান শনিবাৰে বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াজনে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বৰপেটা সত্ৰ্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই। ২০০৭ চনত বশিষ্ঠ দেৱ শৰ্মাই বুঢ়াসত্ৰীয়া হিচাপে গুৰু দায়িত্ব গ্ৰহণ কৰিছিল। উল্লেখ্য যে যোৱা ১০ অক্টোবৰত বার্ধক্যজনিত কাৰণত হঠাৎ অসুস্থ হৈ পৰা বশিষ্ঠ দেৱশর্মাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ পাছত উন্নত চিকিৎসাৰ বাবে তেওঁক জিএমচিএইচত ভর্তি কৰোৱা হয়৷ দীর্ঘদিন ধৰি বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ থকা বুঢ়াসত্রীয়াগৰাকীৰ শৰীৰত বিভিন্ন ৰোগৰ উপসর্গই দেখা দিয়াত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰিছিল৷ উল্লেখ্য যে পাঁচ দিন পূর্বে স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাত বুঢ়াসত্রীয়াগৰাকীক শেহতীয়াকৈ ভেণ্টিলেটৰত

|

হিংসাত্মক ভাষণ দিয়া নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব উচ্চতম ন্যায়ালয়ে || Supreme Court of India

ঘৃণা বিয়পোৱা প্ৰৰোচনামূলক ভাষণসমূহ ভাৰতীয় সংবিধানবিৰুদ্ধ। ঘৃণা বিয়পোৱা হিংসাত্মক ভাষণ দিয়া নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব উচ্চতম ন্যায়ালয়ে দেশৰ ৰাজনৈতিক নেতাসকলে হিংসাৰ প্ৰতি উদ্গনি যোগোৱা প্ৰৰোচনামূলক ভাষণসমূহৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষ্য আগবঢ়াইছে। উচ্চতম ন্যায়ালয়ে কয় যে এইসমূহ ভাৰতীয় সংবিধান অৱমাননা কৰিছে। এইসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো অতি আৱশ্যক। আবেদনখনত অভিযোগকাৰীয়ে হিংসাত্মক উচটনি যোগোৱা নেতাসকলৰ প্ৰতি কোনো আইনী ব্যৱস্থা লোৱা নহয় বুলি উল্লেখ কৰিছিল। কোৱা হৈছিল যে ভাৰতীয় সংবিধানত এইসমূহৰ বিৰুদ্ধে কেইবাটাও ধাৰা আছে যদিও এইসমূহ কাৰ্যকৰী কৰা হোৱা নাই। উচ্চতম ন্যায়ালয়ে আবেদনখনৰ শুনানিত কয় যে এতিয়া একৈশ শতিকা। এই একৈশ শতিকাতো ধৰ্মৰ নামত হিংসা চলি আছে। ধৰ্মনিৰপক্ষেক্ষ এখন দেশৰ বাবে ই