Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:23 am

Home » আঞ্চলিক » অসম » দক্ষতা নে বিফলতা! সৰ্বানন্দ বনাম হিমন্ত || Sarbananda Sonowal vs Himanta Biswa Sarma

দক্ষতা নে বিফলতা! সৰ্বানন্দ বনাম হিমন্ত || Sarbananda Sonowal vs Himanta Biswa Sarma

– দক্ষতা নে বিফলতা! সৰ্বানন্দ বনাম হিমন্ত
– সোণোৱাল চৰকাৰৰ কাৰ্যকালতকৈ হিমন্ত চৰকাৰৰ দিনত বাঢ়িছে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ গ্ৰেপ্তাৰৰ সংখ্যা
কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰাজ্যত অবাধ দুৰ্নীতিৰ দোহাই দি এক দুৰ্নীতি বিৰোধী চৰকাৰ গঠনৰ শ্ল’গান দি শাসনলৈ আহিছিল বিজেপি। চৰকাৰ গঠনৰ পাছৰ পৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰীসভাৰ সদস্যৰ পৰা বিজেপিৰ নেতা-পালিনেতালৈকে সকলোৰে মুখত শুনা গৈছিল দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি। এই নীতিৰ কাৰ্যকৰীকৰণৰ প্ৰমাণ দি দুৰ্নীতিত জড়িত বহুকেইগৰাকী চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। ঘোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পেলোৱা হৈছিল বহু চৰকাৰী কৰ্মচাৰীক। এই দৃশ্য এতিয়াৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালতো সুলভ হৈ পৰিছে।
শেহতীয়াকৈ ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰ যোগে এক তালিকা প্ৰকাশ কৰিছে। তালিকাখনত সিঙে ২০১৭ চনৰ পৰা কালিৰ দিনটোলৈকে ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা চৰকাৰী কৰ্মচাৰীৰ বিৱৰণ প্ৰকাশ কৰিছে। আৰক্ষী বিষয়া গৰাকীয়ে বিগত বৰ্ষ কেইটাৰ সৈতে যোৱা বৰ্ষৰ মে’ মাহৰ পৰা কালিৰ দিনটোলৈকে এই সফলতাৰ এক তুলনামূলক খতিয়ান দাঙি ধৰিছে।
এই তালিকাখনৰ জৰিয়তে জি পি সিঙে সোণোৱাল চৰকাৰৰ কাৰ্যকালৰ পিছৰ চাৰিটা বছৰৰ তুলনাত এতিয়াৰ হিমন্ত বিশ্ব চৰকাৰৰ কাৰ্যকালত দুৰ্নীতিৰ বিৰুদ্ধে অধিক সক্ৰিয় হোৱা বুলি আওপকীয়াকৈ প্ৰমাণ কৰিব বিচাৰিছে। টুইটটোত সন্নিৱিষ্ট তালাকাখনত উল্লেখ কৰা মতে ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত ঘোচ লোৱা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল মাত্ৰ ৮০ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী।
সোণোৱাল চৰকাৰৰ কাৰ্যকালৰ এই সংখ্যাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত অথাৎ ২০২১ চনৰ ১০ মে’ৰ পৰা যোৱাকালিৰ দিনটোলৈকে, মাত্ৰ ১৮ টা মাহৰ ভিতৰতে ঘোচ লোৱাৰ অৱস্থাত গ্ৰেপ্তাৰ হৈছে ৬৩ জন। সোণোৱাল চৰকাৰৰ অন্তিম চাৰি বৰ্ষৰ তুলনাত শৰ্মা চৰকাৰৰ এই ১৮ মহীয়া কাৰ্যকালতে ঘোচখোৰ কৰ্মচাৰীৰ গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধিয়ে ৰাজ্যত চলি থকা দুৰ্নীতিৰ বজাৰখনক প্ৰত্যক্ষভাৱে প্ৰমাণ কৰিছে।
জি পি সিঙে তালিকাখনৰ জৰিয়তে সোণোৱাল চৰকাৰৰ দিনতকৈ হিমন্ত বিশ্ব চৰকাৰক অধিক দুৰ্নীতি বিৰোধী আৰু কৰ্মদক্ষ হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে যদিও আন এক প্ৰশ্ন উত্থাপন হোৱাৰো থল আছে। চাৰিটা বছৰৰ তুলনাত ১৮ মাহত গ্ৰেপ্তাৰ হোৱা ঘোচখোৰ কৰ্মচাৰীৰ সংখ্যাই ৰাজ্য প্ৰশাসনত যে ঘোচখোৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস পোৱা নাই, বৰং বৃদ্ধিহে পাইছে সেয়া পতীয়মান হৈছে।
গতিকে দুৰ্নীতিত জড়িত বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিলেও ৰাজ্যত দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ বিফলতাও এই তালিকাখনে ফাদিল কৰিছে। অৰ্থাৎ ঘোচখোৰ বিষয়াৰ গ্ৰেপ্তাৰে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী যুঁজৰ সফলতাৰ প্ৰমাণ দিলেও ৰাজ্যত দুৰ্নীতিৰ অবাধ প্ৰচলনকো পতীয়মান কৰিছে। এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক প্ৰশাসন ব্যৱস্থাত দুৰ্নীতি নিৰ্মূলৰ কঠোৰ হুংকাৰ কেনেদৰে বাস্তৱায়িত কৰে, সেয়া লক্ষণীয় হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি