Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:43 pm

Home » আঞ্চলিক » অসম » Mallikarjun Kharge || Newly elected Congress President || সভাপতি হিচাপে নিৰ্বাচিত মল্লিকাৰ্জুন খাৰ্গে

Mallikarjun Kharge || Newly elected Congress President || সভাপতি হিচাপে নিৰ্বাচিত মল্লিকাৰ্জুন খাৰ্গে

প্ৰায় ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতা দেশৰ আটাইতকৈ পুৰণি দলটোৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ১৭ অক্টোবৰত অনুষ্ঠিত হৈছিল কংগ্ৰেছ সভাপতি পদৰ বাবে ভোটদান। এইবাৰ প্ৰতিদ্বন্দ্বিতা হৈছিল দলৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ মাজত। যাৰ ভিতৰত শশী থাৰুৰক পৰাস্ত কৰাত সফল হৈছে মল্লিকাৰ্জুন খৰ্গে। মল্লিকাৰ্জুন খৰ্গে ৭৮৯৭ টা ভোট লাভ কৰাৰ বিপৰীতে  শশী থাৰুৰে লাভ কৰে ১০৭২টা ভোট।
কংগ্ৰেছৰ প্ৰায় ৯৯০০ প্ৰতিনিধিয়ে দলৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদানৰ যোগ্য আছিল। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হয়। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীসহ কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ৯৫০০ প্ৰতিনিধিয়ে সোমবাৰে দলৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে।
কংগ্ৰেছ দলৰ ১৩৭ বছৰীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ মতে, ১৯৩৯, ১৯৫০, ১৯৭৭, ১৯৯৭ আৰু ২০০০ চনত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ২২ বছৰৰ পাছত এইবাৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই নিৰ্বাচনৰ মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ সভাপতি হিচে নিৰ্বাচিত হয়। কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ এক সংবাদমেল সম্বেধন কৰি কংগ্ৰেছে গণতন্ত মজবুত আৰু সংবিধান ৰক্ষাৰ হেতু কাম কৰি আছে বুলি উল্লেখ কৰে।
ইপিনে ফলাফল ঘোষণা কৰাৰ পিছতে নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেক শুভেচ্ছা ক্ষাপন কৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই।
উল্লেখ্য যে ১৯৪২ চনৰ ২১ জুলাইত বিদাৰত জন্মগ্ৰহণ কৰা খাৰ্গে ১৯৬৯ চনত কংগ্ৰেছত যোগদান কৰে। ২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা তেওঁ কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সাংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০২২ চনৰ ১ অক্টোবৰলৈকে খাৰ্গে ৰাজ্যসভাৰ বিৰোধীৰ নেতা আছিল।
তদুপৰি তেওঁ মনমোহন সিং চৰকাৰৰ ৰে’ল মন্ত্রী আৰু শ্ৰম আৰু নিয়োগ মন্ত্রী আছিল৷ ২০১৪–২০১৯ বৰ্ষত তেওঁ লোকসভাত কংগ্ৰেছ দলৰ নেতাৰ পদত অধিষ্ঠিত হৈছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি