Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:30 pm

Home » আঞ্চলিক » অসম » মৌখিক পৰীক্ষা | মোদী-সৰ্বাক পুনৰ অপমান হিমন্তৰ

মৌখিক পৰীক্ষা | মোদী-সৰ্বাক পুনৰ অপমান হিমন্তৰ

চলিত বৰ্ষৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল আজি পুৱা ১১ বজাত ঘোষণা কৰা হয়। বহু চৰ্চিত এই নিযুক্তি ৰাজ্যৰ ২৫খন জিলাৰ ৪,৪৩,৬৫৫ গৰাকীতকৈও অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল। উল্লেখ্য যে অসম নিযুক্তি আয়োগৰ অধীনত অনুষ্ঠিত এই পৰীক্ষাত মুঠ ২৬,৪৪২টা পদৰ ১৩,৩০০টা তৃতীয় শ্ৰেণীৰ আৰু ১৩,৩৪২টা পদ আছিল চতুৰ্থ বৰ্গৰ। ফলাফল অনুসৰি ইয়াৰে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লাখ ৪৩ হাজাৰ প্ৰাৰ্থীৰ ২৬ হাজাৰ ৬৮২ জনে উত্তীৰ্ণ হৈছে।
মঙলবাৰে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষমা কৰাৰ পিছতেই সৃষ্টি হৈছে নতুন বিতৰ্কৰ। কিয়নো উত্তীৰ্ণ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব মৌখিক পৰীক্ষাত। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলেহে লাভ কৰিব চাকৰি। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত মৌখিক পৰীক্ষাৰ এই সংযোজনক লৈ আৰম্ভ হৈছে এই নতুন বিতৰ্ক।
স্মৰ্তব্য যে নৰেন্দ্ৰ মোডীয়ে ২০১৫ চনতে স্বচ্ছ নিযুক্তিৰ বাবে তৃতীয় বৰ্গ আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো মৌখিক পৰীক্ষা নাথাকিব বুলি ঘোষণা কৰিছিল। নৰেন্দ্ৰ মোডীৰ এই সিদ্ধান্তক আদৰণি জনাই ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰথমখন কেবিনেটতেই মোদীৰ মতাদৰ্শক সন্মান জনাই গ্ৰহণ কৰিছিল একে সিদ্ধান্ত।

From tomorrow, interviews for Government jobs in Class-III and Class-IV categories will be abolished. This will help curb corruption.

— Narendra Modi (@narendramodi) December 31, 2015

কিন্ত এইবাৰ নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোনোৱালৰ সিদ্ধান্তক অপমান কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২০২২ৰ ৭ মাৰ্চত ৰাজ্য চৰকাৰে জাৰী কৰা গেজেটেড জাননী অনুসৰি মৌখিক পৰীক্ষাৰ বাবে থাকিব ১৫ নম্বৰ।
কিন্তু মুখ্যমন্ত্ৰী উল্লেখ কৰিলে- চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষাৰ বাবে থাকিব পাঁচ নম্বৰ। অহা ডিচেম্বৰত অনুষ্ঠিত হব মৌখিক পৰীক্ষা। নৱেম্বৰত ঘোষণা কৰা হব তৃতীয় বৰ্গৰ নিুযুক্তি পৰীক্ষাৰ ফলাফল। তৃতীয় বৰ্গৰ বাবে অনুষ্ঠিত হব স্কীল পৰীক্ষা। হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তৰ পিছতেই গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। যি সময়ত নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰাৰ প্ৰয়াসেৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে মৌখিক পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নিজ দলৰ চৰকাৰৰ কেবিনেটৰ মতাদৰ্শক অৱজ্ঞা কৰি পুনৰ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্তই ব্যাপক চৰ্চা লাভ কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি