Lankaত BJP – RSSৰ দ্বাৰা মুছলমান লোক বলপূৰ্বক ভূমি বেদখল
লংকা চহৰৰ মাজমজিয়াত অৱস্থিত পূৰ্বৰ ভাৰতী চিনেমা হলস্থিত ভূমি বলপূৰ্বকবাৱে বেদখল কৰে বিজেপি আৰ এছ এছৰ কৰ্মীয়ে। লংকাৰ উদালীৰ নুৰ উদ্দিন আৰু ইছলাম উদ্দিন নামৰ লোক দুজনে মাটিখিন ক্ৰয় কৰিছিল আৰু যোৱা ৮ আগষ্টত লোক দুজনৰ নামত মাটিখিনি নামজাৰী কৰা হৈছিল। তাৰ পিছতো শতাধিক বিজেপি আৰু এৰ এছ এছৰ শতাধিক কৰ্মীয়ে জয় শ্ৰী ৰাম, ভাৰত মাতা কি জয় ধ্বনিৰে ভাৰতী চিনেমা হলৰ গেট আৰু দেৱালৰ লগতে মাটিখিনিৰ ৰক্ষাণাবেক্ষনৰ দায়িত্বত থকা নিৰাপত্তীৰ ঘৰো ভাঙি পেলায়। উল্লেখ্য যে লংকা আৰক্ষী থানাৰ পিছফালে মাত্ৰ ২০০ মিটাৰ দূৰত্বত সংঘটিত এই কাণ্ড। ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাত মাটিখিনিৰ ৰক্ষাণাবেক্ষনৰ দায়িত্বত থকা নিৰাপত্তীৰক্ষীয়ে আৰক্ষী-চিআৰপিএফলৈ ফোন কৰি কোনো সুফল নাপালে। লংকা আৰক্ষীৰ এনে ৰহস্যজনক নীৰৱতাই সকলোৰে চকু কপালত