কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নথকাটো দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাটো সমাধান কৰিবলৈ ধাৰাবাহিক ভাবে দাবী জনায় আহিছে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিসদ চমুকৈ উচুকাই। ইয়াৰে অংশ হিচাপে আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিসদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু জিলা উপ উপায়ুক্তক সাক্ষাৎ কৰি পুনৰ স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবিচন টেৰণ আৰু সম্পাদক জিন্টু হাজৰিকাৰ নেতৃত্বত যোৱা দলটোৱে স্মাৰক পত্ৰ প্ৰদান কৰি কয় যে জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ কৰাৰ লগতে বিএলঅৰ দৰে দায়িত্বৰ পৰা শিক্ষক সকলক অব্যাহতি দিব লাগে ।
কাৰ্বি আংলংৰ পৰা মুজিবুৰ ৰহমানৰ ৰিপোৰ্ট, সংবাদ প্ৰহৰী