মৰিগাঁও জিলা দিৱসৰ লগত সংগতি ৰাখি জিলাৰ ভিন ভিন অনুষ্ঠান প্ৰতিষ্ঠান সমূহত নিজাববীয়াকৈ অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী। সমান্তৰালকৈ মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিমান দাসৰ নেতৃত্বত কাৰ্যালয় চৌহদত গছপুলি ৰোপন আৰু চাফাই কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। লগতে জিলা দূৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া ৰঞ্জু শৰ্মাৰ নেতৃত্বত মায়ং ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মূখতে এখন বাটৰ নাট প্ৰদৰ্শন কৰে । বানপানী, গৰাখহনীয়া, ঢেৰেকনী আদি দূৰ্যোগৰ সময়ত আমি কেনেদৰে সজাগ থাকি সাম্ভাব্য দূৰ্যোগ হ্ৰাস কৰিব পাৰিম সেই মূল বিষয়টোৰ ওপৰতে বাটৰ নাটৰ শিল্পী সকলে সুন্দৰ অভিনয়ৰ জৰিয়তে দৰ্শকক আপ্লুত কৰে। উলেখ্য যে জিলাখনৰ তিনিটা ৰাজহ চক্ৰত মুঠ ৩০টা ভিন ভিন ঠাইত প্ৰদৰ্শন হ’বলগীয়া এই নাট খনৰ প্ৰথম প্ৰদৰ্শনৰ শুভাৰম্ভ কৰে মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিমান দাসে।