Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:42 pm

Home » আঞ্চলিক » অসম » জামুগুৰিহাটৰ স্বয়ম্ভু শিল্পী স্বৰাজ কটকীক সামাজিক ভাৱে বৰ্জনৰ সিদ্ধান্ত বাহাল | Jamugurihaat

জামুগুৰিহাটৰ স্বয়ম্ভু শিল্পী স্বৰাজ কটকীক সামাজিক ভাৱে বৰ্জনৰ সিদ্ধান্ত বাহাল | Jamugurihaat

জামুগুৰি আৰু চতিয়াবাসীৰ মাজত বিতৰ্কিত মন্তব্য কৰি দুয়ো অঞ্চলৰ ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰিব বিচৰা তথা উচতনি মূলক বক্তব্যৰে সমাজত বিভেদ সৃষ্টি কৰা জামুগুৰিহাটৰ সঙ্গীয়া চুক নিৱাসী স্বৰাজ কটকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জামুগুৰিহাটবাসী ৷ এই ক্ষেত্ৰত স্বৰাজ কটকীক স্বয়ম্ভু শিল্পীৰ আখ্যা দি জামুগুৰিহাটৰ কুৰিৰো অধিক অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল সংগঠনে জামুগুৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ লগতে স্বৰাজ কটকীক সামাজিক ভাৱে বৰ্জনৰ সিদ্ধান্ত গ্ৰহন কৰে ৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত উক্ত অনুষ্ঠান-প্ৰতিষ্ঠান সমুহে এক সংৱাদ মেলৰ জৰিয়তে জামুগুৰিহাটবাসীৰ লগতে অসমবাসীক পুনৰ স্পষ্ট কৰি দিয়ে যে স্বৰাজ কটকীৰ ঘৰখন আৰু তেওঁৰ পৰিয়ালৰ সদস্যক কোনেও বৰ্জন কৰা নাই ৷ একমাত্ৰ স্বৰাজ কটকীকহে তেওঁ পূৰ্বে কৰা বিতৰ্কিত মন্তব্যৰ বাবে বৰ্জন কৰাৰ লগতে জামুগুৰিহাটৰ কোনো সামাজিক অনুষ্ঠানত তেওঁক জৰিত নকৰিবলৈ আহ্বান জনাই৷ উল্লেখ্য যে জামুগুৰিহাটৰ স্বনামধন্য শিল্পী ভোলা কটকীৰ কনিস্ঠ পুত্ৰ স্বৰাজ কটকীয়ে কিছুদিন পুৰ্বে এক অনুস্হানত চতিয়া জামুগুৰিৰ মাজত সংঘাট সৃস্টি কৰিব পৰা এক বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছিল ৷ সেই সময়তে জামুগুৰিয়া ৰাইজে স্বৰাজ কটকীক সামাজিকভাবে বৰ্জন কৰাৰ এক সিদ্ধান্ত গ্ৰহন কৰিছিল ৷ আনকি জামুগুৰিয়া ৰাইজে নিজৰ সংস্কাৰী মনৰ পৰিচয় দি স্বৰাজক ক্ষমা খোজাৰ বাবেও সুযোগ দি তেওঁক বৰ্জনৰ সিদ্ধান্তৰ কেবাদিন পিছতহে তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ দিছিল ৷ পিছে অহংকাৰী স্বৰাজে ক্ষমা খোজাৰ পৰিবৰ্তে পুনৰ জামুগুৰীয়া ৰাইজক বদনাম কৰাৰহে কুৎসা ৰচনা কৰাত তেওঁৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সকলো দল সংগঠন ৷ জামুগুৰিৰ সকলো দল স’গঠনে আজি স্বৰাজক অন্তিম সকীয়নি দি তেওৰ স্পিতৃ তথা শিল্পী ভোলা কটকীক শিখন্দী নকৰিবলৈ সকীয়াই দিছে। লগতে জামুগুৰিৰ সকলোৰে আদৰৰ মৰমৰ ।শিল্পী ভোলা কটকীক সকলোৱে আগৰ দৰেই আদৰ সন্মান কৰি যাব বুলিও উল্লেখ কৰে ৷
জামুগুৰিহাটৰ পৰা নৱজিং ভূঞাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি