Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:08 pm

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » • এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল

• এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল

· অৰবিন্দ কেজৰিৱালৰ আন এক কৃতিত্ব
· এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল
· শীৰ্ষত স্থান নাপালে অসম, গুজৰাটে
অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰকাৰে লাভ কৰিলে অন্যতম সফলতা। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে চৰ্চা। দিল্লীৰ দুখনকৈ চৰকাৰী বিদ্যালয়ে এডুকেচন ৱৰ্ল্ডয়ে প্ৰকাশ কৰা ৰেংকিঙত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিদ্যালয় আৰু শিক্ষা বিভাগক এই চমকপ্ৰদ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
কেজৰিৱালে এটা টুইটত কয়, ‘আমাৰ এডুকেচন টীমক লৈ আমি গৌৰৱান্বিত। আকৌ এবাৰ দিল্লী চৰকাৰী বিদ্যালয়ে ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে ই ডব্লিউৱে প্ৰকাশ কৰা ৰেংকিঙত দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত দ্বাৰকাৰ ছেক্টৰ-১০ত অৱস্থিত ‘ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালযয়ে প্ৰথম স্থান আৰু যমুনা বিহাৰত অৱস্থিত ‘ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়’-এ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ই ডব্লিউৱে প্ৰতি বছৰে সমগ্ৰ দেশৰ চৰকাৰী বিদ্যালয়ৰ ৰেংকিং প্ৰকাশ কৰে।
শীৰ্ষ দহৰ ভিতৰত পাঁচখন বিদ্যালয় দিল্লীৰ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে। দিল্লী চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাই কেজৰিৱালে এই ‘সাফল্য’ক ‘আচৰিত কৃতিত্ব’ বুলি অভিহিত কৰে।
দিল্লীৰ চৰকাৰী স্কুলৰ এই সাফল্যই দেশৰ অন্য ৰাজ্য চৰকাৰৰ চৰকাৰী স্কুলসমূহলৈ শুভ বাৰ্তা কঢ়িয়াব বুলি আশা কৰিছে দিল্লী চৰকাৰৰ লগতে দিল্লীবাসীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি