Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:48 pm

Home » আঞ্চলিক » অসম » প্ৰতিবেদন- ১ • বৰপেটাৰোডত চলিছে নেকি নকল বীজৰ ৰমৰমীয়া বেহা

প্ৰতিবেদন- ১ • বৰপেটাৰোডত চলিছে নেকি নকল বীজৰ ৰমৰমীয়া বেহা

প্ৰতিবেদন- ১
· বৰপেটাৰোডত চলিছে নেকি নকল বীজৰ ৰমৰমীয়া বেহা
· নকল বীজেৰে কৃষকক প্ৰতাৰণা কৰাৰ অভিযোগ
· বাহাৰ এগ্ৰো এজেন্সিৰ বিৰুদ্ধে অভিযোগ কৃষকৰ
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নামনি অসমৰ বাণিজ্য নগৰী হিচাপে বৰপেটাৰোডৰ যিমান সুনাম আছে, ঠিক তাৰ বিপৰীতে বদনাম আছে বৰপেটাৰোডত উপলব্ধ হয় প্ৰায়বোৰ ব্ৰেণ্ডেড কোম্পানীৰ নকল। আৰক্ষী-প্ৰশাসনে মাজে সময়ে এনে অসাধু চক্ৰক কৰায়ত্ত কৰা ঘটনাই তাৰেই প্ৰমাণ দাঙি ধৰে। এতিয়া আহিছো মূল প্ৰতিবেদনলৈ
এয়া বৰপেটা আৰু বাক্সা জিলাৰ একাংশ কৃষকৰ ক্ষোভৰ উদগীৰণ। এইসকলৰ কৃষকৰ অভিযোগ- বৰপেটাৰোডৰ বাহাৰ এগ্ৰো এজেন্সী নামৰ বীজ ভাণ্ডাৰে উন্নত মানৰ বীজৰ নামত বিক্ৰী কৰিছে নকল বীজ।
এয়া চলিত বৰ্ষৰে যোৱা ২৪ জুলাইত গোৱৰ্ধনা গাওঁৰ নবী আলী, সুৰুজ আলী, হীৰা বছুমতাৰীয়ে বৰপেটাৰোড পাইকাৰী পাচলি বজাৰৰ নিচেই কাষতে থকা বাহাৰ এগ্ৰো এজেন্সি নামৰ বীজ ভাণ্ডাৰৰপৰা উন্নতমানৰ ওলকবিৰ বীজ ক্ৰয় কৰাৰ ৰচিদ।
নবী আলীয়ে ৩ বিঘা খেতিৰ বাবদ মুঠ ৫০৮৫ টকা, সুৰুজ আলীয়ে ৫,৫৩৫ টকা আৰু হীৰা বছুমতাৰীয়ে ৩০০০ টকাৰ নোলখোল কুইক ষ্টাৰ নামৰ উন্নতমানৰ ওলকবিৰ বীজ ক্ৰয় কৰিছিল বাহাৰ এগ্ৰো এজেন্সীৰ পৰা। কিন্তু এই বীজ ৰোপন কৰাৰ পিছত কোনো এজন কৃষকৰ ভেটিত মেলা নাই গজালি। এই ক্ষেত্ৰত কৃষকসকলে বীজ ভাণ্ডাৰৰ গৰাকীক অৱগত কৰোৱাৰ পিছত বীজ ভাণ্ডাৰৰ ফালৰপৰা আক্কাছ আলী নামৰ এজন এজেন্টৰ জৰিয়তে নিজে গৈ একে কোম্পানীৰেই পুনৰ এক পেকেট বীজ ৰোপন কৰি আহে যদিওঁ এটাও নগজিল সেই বীজ। এই খবৰ পুনৰ যেতিয়া বীজ ভাণ্ডাৰৰ গৰাকীক অৱগত কৰোৱা হয় তেতিয়া বীজ ভাণ্ডাৰৰ গৰাকীয়ে কৃষকসকলক কোনো ধৰণৰ সঁহাৰী নিদিয়াৰ লগতে বীজ ভাণ্ডাৰৰ গৰাকীয়ে মাটিৰ দোষ দি নিজৰ দায় সৰা মন্তব্য কৰাৰ অভযোগ উত্থাপন কৰে কৃষকসকলে।
লক্ষনীয় যে সেই একেডৰা মাটিতেই পুনৰ বেলেগ এজনে আন বীজ ভাণ্ডাৰৰপৰা ২০২৩ বৰ্ষলৈকে ম্যাদ থকা নোলখোল কুইক ষ্টাৰ নামৰ ওল কবিৰ বীজ আনি ৰোপন কৰিছে, তাৰ আটাইকেইটা বীজৰেই গজালি মেলিছে। ফলত বাহাৰ এগ্ৰো এজেন্সিয়ে এই বীজৰ পেকেট নিজ ঘৰতেই প্ৰস্তুত কৰা বুলি দাবী কৰে কৃষকসকলে। যাৰ বলিৰ পঠা হৈছে এই দৰিদ্ৰ কৃষকসকল। যাৰ ফললত এইসকল দৰিদ্ৰ কৃষকে হাল বোৱাৰ পৰা আৰম্ভ কৰি পুলি ৰোপন কৰালৈকে খেতি সজোৱাৰ নামত হাজাৰ হাজাৰ টকাৰ লোকচানৰ সন্মূখীন হৈছে। কৃষকসকলৰ মতে জুলাই মাহতে বীজ আনি খেতিত পুলি ৰোপন কৰি ফল বিক্ৰী কৰিবলৈ মাজত সময় লাগে ৪০ৰপৰা ৪৫ দিন। আজি তিনিমাহ ওকলি গল। নাপালে ক্ষতিপূৰণ। যি ওলকবিৰ মূল্য আজিৰ বজাৰত প্ৰতি কিলোৰ দাম ৭০-৮০ টকা। এই কৃষকসকল যদি বলিৰ পঠা নহলেহেতেন তেন্তে কিমান টকাৰ কবি বিক্ৰি কৰিব পাৰিলেহেতেন। ইয়াৰ বাবে মুলত জগৰীয়া কোন।
ইপিনে কৃষকৰ এই অভিযোগক নস্যাত কৰি বাহাৰ এগ্ৰো এজেন্সীৰ স্বত্বাধিকাৰী বাহাৰ আলীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰেই কয়।
পিছে কোন সচা, কোন মিছা, কৃষকৰ দোষ নে বীজৰ দোষ, টেলিফোনিক বাৰ্তালাপত কি কৈছিল এজেণ্ট আক্কাছ আলীয়ে, বৰপেটাৰোডত কেনেদৰে চলি আছে বগা সাৰৰ কলা ব্যাৱসায়। তথ্য সহকাৰে বিস্তাৰিতভাৱে ফাদিল কৰিম পৰৱৰ্তী প্ৰতিবেদনত।
বৰপেটাৰোডৰ পৰা নজৰুল আলী আহমেদৰ সহযোগত নিউজ ডেক্স ৰিপৰ্ট, সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি