জামুগুৰিহাঃ জামুগুৰিহাটৰ কুসুমটোলাত আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অৱসৰী শিক্ষকৰ সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ সভাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত উক্ত অৱসৰী শিক্ষকৰ সম্বৰ্দ্ধনা সভাত বিদ্যালয়ৰ অৱসৰী শিক্ষক-কৰ্মচাৰীসকলক আনুষ্ঠানিক ভাৱে বিদ্যালয়ৰ ফালৰপৰা বিদায় সম্ভাষন জনোৱা হয়। বিদ্যালয়ৰ অৱসৰী শিক্ষক হৰেন বৰা, অঞ্জলি শইকীয়া, লাৱন্য দেৱী, চিনু বৰা, লিপীকা কটকী শইকীয়া আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, ৰূদ্ৰকান্ত নাথক আনুষ্ঠানিক ভাৱে বিদ্যালয়ৰ পৰা বিদায় সম্ভাষন জনোৱা হয়। বিদায়ী শিক্ষক-কৰ্মচাৰীসকলক একোখনকৈ শৰাই, গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিৰেন কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত তথা শাৰীৰিক ভাবে অক্ষম বিদ্যালয়ৰ ছাত্ৰী নিহা ভৰালীৰ এটি বৰগীতেৰে শুভাৰম্ভ হোৱা আজিৰ বিদায় সম্বৰ্দ্ধনা সভাত বিদ্যালয়ৰ ছাত্ৰী নিশিতা শইকীয়া, উদৃষ্ণা দেবী আৰু বিদ্যালয়ৰ ছাত্ৰী উদিষ্ণা বৰাৰ কবিতা আবৃত্তিৰ উপৰিও অৱসৰী শিক্ষক-কৰ্মচাৰীসকলৰ ফালৰ পৰাও বক্তব্য আগবঢ়োৱাৰ লগতে অতিথি হিচাপে উপস্থিত থকা পানপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা কুসুমটোলা উন্নয়ন পৰিষদৰ সভাপতি বিশ্বজিৎ হাজৰিকাইয়ো বক্তব্য আগবঢ়ায়। সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখ্য যে সুদীৰ্ঘ ২৭ বছৰ ধৰি শিক্ষকতা কৰি আজিৰ এই বিদায়ী বেলাত অতীতৰ কথাবোৰ ৰোমন্থন কৰি অৱসৰপ্ৰাপ্ত শিক্ষক -শিক্ষয়ত্ৰী লগতে বিদ্যালয়খনৰ জন্ম লগ্নৰ পৰা জড়িত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰুদ্ৰকান্ত নাথ নষ্টালজিক হৈ পৰে।