ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বাক্সাৰ জিলা শালবাৰীৰ কালপানী বজাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্ম জয়ন্তী উদযাপন কৰা হয়। নৱ বৈষ্ণৱ আন্দোলনৰ পুৰোধা মহাপুৰুষ শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে কালপানী বজাৰ আঞ্চলিক নামঘৰ সমিতীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰে। কালপানীৰ ভক্তপ্ৰান ৰাইজে অত্যন্ত উৎসাহ উদ্দীপনাৰে গুৰুজনাৰ জন্ম জয়ন্তী কীৰ্তন প্ৰসংগ আৰু জিকিৰৰ জৰিয়তে শুভাৰম্ভ কৰে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে৷