প্ৰতি বছৰৰ দৰে এইবাৰো মেৰৰহিবী পাঞ্জেগানা মছজিদ কমিটিৰ সৌজন্যত দিনযোৰা কাৰ্যসুচিৰে শেষ নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ৯ অক্টোবৰত মৰিগাঁও জিলাৰ মায়ঙৰ মেৰৰ হাবী গাৱঁত এক বিশাল ছুন্নী মহা সম্মিলনীৰ আয়োজন কৰা হৈছে। উক্ত ইছলামিক ছুন্নী মহা সন্মিলিত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব বাংলাদেশৰ আন্তৰ্জাতীক ক্ষ্যাতি সম্পৰ্ণ মুফাচিৰে কোৰআন হজৰত মৌলানা মুফতি মোঃ জছিমউদ্দিন চাহাব।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব গদ্দিনিছি পিৰজাদা পিৰে কামিল শ্বাহ ছুফি আব্দুল ৰশ্বিদ আল কাদিৰ চাহাব।লগতে স্থানীয় অতিথি হিচাপে উপস্থিত থাকিব মৌলানা ও খলিফা মোঃ আছাদুল ইছলাম চাহাব,মৌলানা ও কাৰি আবুতাহিৰ ৰেজাবি চাহাব,মৌলানা ও মুফতি আজিজুৰ ৰহমান মৌলানা বদৰ হুচেইন নুৰি চাহাব,মৌলানা ও মুফতি গুলজাৰ হুচেইন নুৰি চাহাব,মৌলানা ৰমজান আলী ছাহাব।গতিকে উক্ত ছুন্নী মহা সন্মিলিত সকলো ধৰ্ম প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। জাগীৰোডৰ পৰা ৰঞ্জু আমছিৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।