| | | |

বিজয়া দশমী- অন্ত পৰিল উছাহ-উদ্দীপনা | Vijaya Dashami | Assam | Durga Puja

আজি দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাৰ প্ৰতিমা। ভক্তগণে অশ্ৰুসিক্ত নয়ণেৰে বিদায় দিয়ে মা দুৰ্গাক। সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে প্ৰতিমা বিসৰ্জন দি এবছৰলৈ মা দুৰ্গাক বিদায় দিয়া হয়। ধুবুৰী জিলাৰ চাপৰতো ষষ্ঠীৰ বেদীত দেৱী দূর্গাক প্ৰতিষ্ঠা কৰাৰ পাছত যোৱা চাৰিদিন ধৰি দেৱী বন্দনাৰে মুখৰিত হৈ আছিল সমগ্ৰ চাপৰ, বহলপুৰ অঞ্চল। বিজয়া দশমী উপলক্ষে চাপৰত এইবাৰ প্ৰশাসনৰ নীতি নিৰ্দেশনা অনুসৰি প্ৰতিবাৰৰ দৰে এইবাৰো বহলপুৰৰ চম্পাৱতী নদীত নৌকাত মাৰ প্ৰতিমূৰ্তি উঠাই সাত পাক প্ৰদক্ষিণ কৰি বিৰ্সজন দিয়ে মা দেৱী দুৰ্গাক। যত সমাগম হয় হাজাৰ হাজাৰ লোকৰ। ইপিনে বাক্সাৰ কালপানীতো হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মা দুৰ্গা দেৱীক দিয় হয় বিসৰ্জন। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অনুসৰি বিসৰ্জন দিয়া হ’ল মা দেৱী

|

চাপৰৰ আৰেয়াৰঝাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ

চাপৰৰ আৰেয়াৰঝাৰত অনুষ্ঠিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ ৫৭৪ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ দুদিনীয়া কাৰ্য্যসূচীৰে উদযাপন। হৰিনাম ধ্বনিৰে মুখৰিত কৰি তোলে আৰেয়াৰঝাৰ ৰাস মন্দিৰ প্ৰাংগন আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্ম জয়ন্তী। সমগ্ৰ ৰাজ্যতে পালন কৰি আছে গুৰুজনাৰ জন্ম মহোৎসৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ আৰেয়াৰঝাৰৰ ৰাস মন্দিৰ প্ৰাংগনত উলহ মালহেৰে দুদিনীয়া কাৰ্য্যসূচীৰে গুৰুজনাৰ ৫৭৪ তম জন্ম মহোৎসৱটি পালন কৰা পৰিলক্ষিত হয়।নাম কিৰ্তনৰ লগতে হৰিনাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। বুধবাৰ দিনা ৰাতিপুৱা প্ৰথমে পতাকা উত্তোলন পিছত ৰাতিপুৱাৰ প্ৰভাত ফেৰী কৰি ডেকা বুঢ়াৰ নাম কীৰ্তন কৰাৰ লগতে কুইজ,চিত্ৰাংকন ,বৰগীত প্ৰতিযোগীতা কৰি সন্ধিয়া বন্তি প্ৰজ্বলন কৰি প্ৰথম দিনাৰ কাৰ্য্যসূচী সমাপ্ত কৰিব আৰু দ্বিতীয় দিনা

|

বাইহাটাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪তম আবির্ভাব মহোৎসৱ

বাইহাটা চাৰিআলিৰ অন্তৰ্গত পাতিদৰং মহাজানপাৰা পলাশৰতল, শ্রীমন্ত শংকদেব সঙঘৰ ৭৭ তম বার্ষিক অবিবেশনৰ লগতে হীৰক জয়ন্তী উদযাপন কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱ আবির্ভাব মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কার্য্যসুচী ৰূপায়ন কৰাৰ লগতে ভাগৱত শোভাযাত্রা ৰূপায়ন কৰে। এই শোভাযাত্রাত বিভিন্ন জাতি-ধর্মৰ লোকে অংশগ্ৰহণ কৰি কৃর্তন ঘোষা, নাম, জিকিৰ জাৰী পৰিবেশন কৰে। শোভাযাত্রাত সময়ত নামঘৰ প্ৰাংগনত শংকৰদেৱ-মাধৱদেৱৰ নাম ঘোষাৰে মূখৰিত হৈ পৰে। সভাপতি শান্ত ৰাজবংশী আৰু উপ সভাপতি নৰেন ৰাজবংশীৰ তত্ত্বাবধানত এই অনুষ্ঠান আয়োজিত কৰা হৈছে। এই অনুষ্ঠানৰ মূখ্য পৃষ্ঠ পোষকদ্বয় কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া বুলি জনায় সভাপতিয়ে৷ বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপোৰ্ট , সংবাদ প্ৰহৰী

শালবাৰীৰ কালপানী বজাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্ম জয়ন্তী উদযাপন

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বাক্সাৰ জিলা শালবাৰীৰ কালপানী বজাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্ম জয়ন্তী উদযাপন কৰা হয়। নৱ বৈষ্ণৱ আন্দোলনৰ পুৰোধা মহাপুৰুষ শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে কালপানী বজাৰ আঞ্চলিক নামঘৰ সমিতীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰে। কালপানীৰ ভক্তপ্ৰান ৰাইজে অত্যন্ত উৎসাহ উদ্দীপনাৰে গুৰুজনাৰ জন্ম জয়ন্তী কীৰ্তন প্ৰসংগ আৰু জিকিৰৰ জৰিয়তে শুভাৰম্ভ কৰে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে৷

| | |

মায়ঙত পঞ্চম বাৰ্ষিক ইছলামিক ছুন্নী মহা সন্মিলনৰ আয়োজন

প্ৰতি বছৰৰ দৰে এইবাৰো মেৰৰহিবী পাঞ্জেগানা মছজিদ কমিটিৰ সৌজন্যত দিনযোৰা কাৰ্যসুচিৰে শেষ নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ৯ অক্টোবৰত মৰিগাঁও জিলাৰ মায়ঙৰ মেৰৰ হাবী গাৱঁত এক বিশাল ছুন্নী মহা সম্মিলনীৰ আয়োজন কৰা হৈছে। উক্ত ইছলামিক ছুন্নী মহা সন্মিলিত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব বাংলাদেশৰ আন্তৰ্জাতীক ক্ষ্যাতি সম্পৰ্ণ মুফাচিৰে কোৰআন হজৰত মৌলানা মুফতি মোঃ জছিমউদ্দিন চাহাব।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব গদ্দিনিছি পিৰজাদা পিৰে কামিল শ্বাহ ছুফি আব্দুল ৰশ্বিদ আল কাদিৰ চাহাব।লগতে স্থানীয় অতিথি হিচাপে উপস্থিত থাকিব মৌলানা ও খলিফা মোঃ আছাদুল ইছলাম চাহাব,মৌলানা ও কাৰি আবুতাহিৰ ৰেজাবি চাহাব,মৌলানা ও মুফতি আজিজুৰ ৰহমান মৌলানা বদৰ হুচেইন নুৰি চাহাব,মৌলানা ও মুফতি গুলজাৰ হুচেইন নুৰি চাহাব,মৌলানা ৰমজান আলী ছাহাব।গতিকে উক্ত ছুন্নী মহা সন্মিলিত সকলো

| | | |

দেৰগাঁৱৰ দুৰ্গা পূজা | Durga Puja | Dergaon | Nagaon | Assam

শাৰদীয় প্ৰকৃতিৰ কোমল হাঁহিয়ে উজীৱিত কৰিছে সকলোৱে মন, এইয়া শাৰদীয় বতৰ ,এইয়া শাৰদীয় দুৰ্গোৎসবৰ সময় । আজি মহানৱমী ,আমাৰ সংবাদাতা উপস্থিত আছে দেৱগ্ৰাম পূজা মণ্ডৱত , এইয়া দেৱগ্ৰাম পূজা মণ্ডৱৰ নিশাৰ দৃশ্য ।। মহা মৃত্যুঞ্জয় মন্দিৰ আৰ্হিয়ে সঁজুৱা মণ্ডৱ চাবলৈ হাজাৰ হাজাৰ ৰাইজৰ ভিৰ ।। দেৱী দূর্গাৰ আর্শীহ লোৱাৰ উপৰিও নগাঁও নোযোৱাকৈ দেৰগাঁওতে মহা মৃত্যুঞ্জয় মন্দিৰ চাবলৈ পাই সুখী ৰাইজ ।। সংবাদ প্ৰহৰীৰ আগত ৰাইজে কৈ গ’ল বহু কথা । চাওঁ আহক প্ৰণৱ বৰাহ এক বিশেষ প্ৰতিবেদন ।।

|

Cattle in VIP Car | ভিআইপি বাহনত উঠিল গৰু

শাৰদীয় দৃৰ্গা পূজাৰ সময়ত গৌৰীপুৰৰ দেৱীতোলাৰ ৰাইজে খেদি-খেদি আটক কৰে চোৰাং গৰুসহ এখন বিলাহী বাহন। যি সময়ত গোটেই বিশ্বত চলি আছে শাৰদীয় দৃৰ্গা পূজা সেই সময়ত চোৰে আৰম্ভ কৰিছে গৰুৰ চোৰাং বেহা। এই ঘটনা সংঘটিত হৈছে দেৱীতোলাত৷ মঙলবাৰে দুপৰীয়া ৰাইজে খেদি খেদি আটক কৰে এখন বাহন।বাহনখনৰ নম্বৰ AS 19E 1231. বাহনখনৰ পৰা ৰাইজে দুটাকৈ চোৰাং গৰু উদ্ধাৰ কৰে আৰু বাহনখনৰ চালক ইছমাইল হকক আটক কৰি কাজিগাঁও আৰক্ষীক গতাই দিয়ে। বাহনখনত দুটা চোৰাং গৰু কঢ়িয়াই গো সৰবৰাহ কাৰীয়ে গোসাইগাওঁ অঞ্চলৰ পৰা জৰুৱাৰ চৰলৈ যাত্ৰা কৰিছিল। দেৱীতোলা অঞ্চলৰ একাংশ লোকে বাহনখনত দুটা চোৰাং গৰু লৈ যোৱা বুলি গোপন সূত্ৰৰ জৰিয়তে উমান পায়। তাৰ পাছতে দেবীতোলাৰ ৰাইজে চোৰাং গৰুসহ ভি আই পি বাহনখন